ETV Bharat / bharat

দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

author img

By

Published : Sep 15, 2021, 1:17 PM IST

দেশৰ ভিন্ন প্ৰান্তত দিল্লী আৰক্ষীয়ে অভিযান চলাই পাকিস্তানত প্ৰশিক্ষণ লোৱা দুজন সন্ত্ৰাসবাদী সহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰে চাৰিজনক দিল্লীৰ পাটিয়ালা হাউচ আদালতে প্ৰেৰণ কৰিছে আৰক্ষী জিম্মালৈ । সন্ত্ৰাসবাদী কেইজনৰ পৰা কি কি উদ্ধাৰ কৰিছে আৰক্ষীয়ে ? তেওঁলোকৰ লক্ষ্য কি আছিল ?

six suspected terrorists to 14 days police custody
দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : দিল্লীৰ পাটিয়ালা হাউচ আদালতত (Patiala House Court) বুধবাৰে পুৱাই হাজিৰ কৰোৱা চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটা হৈছে ক্ৰমে জান মহম্মদ শ্বেখ, ওচামা, মুলচান্দ আৰু মহম্মদ আবু বাকাৰ । আনহাতে গোচৰটোৰ আন দুজন অভিযুক্ত জিশান কামাৰ আৰু আমিৰ জাভেদক আবেলি আদালতত হাজিৰ কৰোৱা হ'ব বুলি দিল্লী আৰক্ষীৰ বিশেষ শাখাই (Delhi Police Special Cell) জানিবলৈ দিয়ে ।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই মঙলবাৰে এক অভিযানৰ সময়ত পাকিস্তানত প্ৰশিক্ষণ লাভ কৰা দুজন সন্ত্ৰাসবাদীসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত লোক কেইজনে সমগ্ৰ দেশতে হত্যা আৰু বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰি থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । চোৰাংচোৱাসকলে সন্দেহযুক্ত কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিছে ।

আৰক্ষীয়ে দিল্লীকে ধৰি কেইবাখনো চহৰত তালাচী চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰিছে । ইফালে তেওঁলোকক আণ্ডাৰৱৰ্ল্ডে ধনৰাশিৰ যোগান ধৰিছিল বুলি জানিব পৰা গৈছে । গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে মুম্বাইৰ বাসিন্দা জান মহম্মদ শ্বেখ ওৰফে সমীৰ কালিয়া, দিল্লীৰ জামিয়া নগৰৰ বাসিন্দা ওছামা ওৰফে চামি, উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ বাসিন্দা মূলচান্দ ওৰফে সাধু, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বাসিন্দা জিশান কামাৰ, বাহৰাইচৰ বাসিন্দা মহম্মদ আবু বাকাৰ আৰু লক্ষ্ণৌৰ বাসিন্দা মহম্মদ আবু জাভেদ ।

বিশেষ শাখাৰ মতে, আটক কৰা সকলৰ ভিতৰত ওচামা আৰু জিশানে পূৰ্বে পাকিস্তানত সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ লৈছিল । দুয়োকে মাস্কট হৈ পাকিস্তানলৈ লৈ যোৱা হৈছিল । আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে দুয়োজনৰে পৰা বিদেশী অস্ত্ৰও উদ্ধাৰ কৰিছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত লোকসকলক বহুতো চহৰত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পুঁজি যোগানৰ লগতে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা হৈছিল । তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য আছিল একাংশ হিন্দুত্ববাদী নেতা । ইফালে দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু আন বহুতো ৰাজ্যত বোমা বিস্ফোৰণ সংঘটিত কৰা তেওঁলোকৰ পৰিকল্পনা আছিল ।

লগতে পঢ়ক : অভিষেক বেনাৰ্জীৰ সমদলৰ অনুমতি প্ৰত্যাখ্যান প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.