ETV Bharat / bharat

মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 16, 2021, 4:04 PM IST

মধ্যপ্ৰদেশৰ ছিধিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই 54 গৰাকী যাত্ৰী কঢ়িয়াই নি থকা এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এই পৰ্যন্ত 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

passenger-bus-fallen-down-into-canal-in-sidhi-39-deadbody-recovered
মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ ছিধিত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই 54 গৰাকী যাত্ৰী কঢ়িয়াই নি থকা এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা এই পৰ্যন্ত 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মংগলবাৰে পুৱা ৭.৩০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে মধ্যপ্ৰদেশ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰকাৰী দলটোৱে বাতৰি প্ৰস্তুত কৰি থকা সময়লৈকে নলাটোৰ পৰা 39 টা মৃতদেহৰ লগতে ৭ গৰাকী যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । কেবাজনো যাত্ৰী এতিয়াও সন্ধানহীন হৈ থকা বুলিও জানিব পৰা গৈছে ৷

এই ভয়াৱহ দুৰ্ঘটনাটোৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি ২ লাখ টকা এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰিছে ।

“মধ্যপ্ৰদেশৰ চিদ্ধিত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে । শোকসন্তপ্ত পৰিালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । স্থানীয় প্ৰশাসনে সক্ৰিয়তাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি দুৰ্ঘটনাৰ সন্দৰ্ভত এইদৰে কয় ।

এই ভয়ংকৰ বাছ দুৰ্ঘটনাটোত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানেও গভীৰ শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি দুৰ্ঘটনাত মৃত্যু হোৱাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক: আলফাৰ দ্বাৰা অপহৃত কৰ্মচাৰীৰ মুক্তিৰ আজি শেষ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.