ETV Bharat / bharat

জনা-নজনা : লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক - World Heritage Site

নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক ! আপুনি চাগে ভাবিছে ঘৰত সজোৱা কোনো সামগ্ৰী কথা আমি কৈছো ৷ কিন্তু আমি কোনো সজোৱা বস্তুৰ কথা কোৱা নাই ৷ আমি কৈছো এটা প্ৰকৃত স্মাৰকৰ কথা, যিটো স্মাৰক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু কোনে আৰু কিয় এই স্মাৰকটো নিৰ্মাণ কৰিছিল ? ক’ত আছে এই স্মাৰকটো ! কিয় গ্ৰন্থৰে নিৰ্মাণ কৰা হৈছিল এই স্মাৰকটো ? তাকো নিষিদ্ধ গ্ৰন্থ !

"Parthenon of Books" Constructed from 100,000 Banned Book
লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক
author img

By

Published : Sep 7, 2021, 9:21 PM IST

নিউজ ডেস্ক, 7 ছেপ্তেম্বৰ : গ্ৰীচৰ পাৰ্থেননৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো । পাৰ্থেননক গ্ৰীক দেৱী এথেনাক উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল । ১৯৮৭ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে ৷ পাৰ্থেনান কেৱল গ্ৰীচতে নাই, জাৰ্মানীৰ কেচেলটো আছে এটা পাৰ্থেনন ৷ আপুনি চাগে আচৰিত হৈছে, পাৰ্থেনানৰ আৰ্হিত যদি আন এটা পাৰ্থেনান আছে, তেন্তে ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে কেনেদৰে স্বীকৃতি লাভ কৰিলে ৷

কেচেলৰ পাৰ্থেনন

প্ৰকৃততে গ্ৰীচৰ পাৰ্থেননৰ আৰ্হিত জাৰ্মানীৰ কেচেলত নিৰ্মাণ কৰা হৈছে এটা স্মাৰক ৷ জাৰ্মানীৰ পাৰ্থেননটো দেখাত হুবহু গ্ৰীচৰ পাৰ্থেননৰ দৰে ৷ কিন্তু ইয়াৰ পাৰ্থক্য মাত্ৰ এটাই ৷ জাৰ্মানীৰ কেচেলৰ পাৰ্থনেনটো দূৰৰ পৰা বহু ৰঙী দেখায়, কিন্তু কাষলৈ আহিলে আপোনাৰ ভ্ৰম আঁতৰ হ’ব ৷ দূৰৈৰ পৰা ৰঙীন ক’লাজৰ দৰে দেখা সেয়া প্ৰকৃততে ভিন্ন ৰঙৰ কিতাপৰ বেটুপাতহে । প্লাষ্টিকত মেৰিয়াই থোৱা কিতাপ ৰশ্মিৰ ফলত বিচ্ছুৰিত হৈ দূৰৈৰ পৰা ভিন্ন ৰঙী দৰে দেখায় ।

কেচেলৰ পাৰ্থেনন

এই স্মাৰকটো পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন সময়ত নিষিদ্ধ কৰা 1,00,000 গ্ৰন্থৰে নিৰ্মাণ কৰা হৈছে । প্ৰতৃততে, এই স্মাৰকটো নিৰ্মাণ কৰিছিল আৰ্জেন্টিনাৰ শিল্পী মাৰ্টা মিনুজিনে ৷ তেওঁ স্মাৰকটো নিৰ্মাণৰ বাবে সমগ্ৰ বিশ্বৰ লোকসকলক নিষিদ্ধ কিতাপ দান কৰিবলৈ আহ্বান জনাইছিল ৷ কাচেল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সহায়ত সমগ্ৰ বিশ্বৰ পৰা নিষিদ্ধ কিতাপসমূহৰ এখন তালিকা সংকলিত কৰা হৈছে আৰু ইয়াত 70,000 ৰো অধিক কিতাপৰ শিৰোনামা আছে ৷

কেচেলৰ পাৰ্থেনন

বিংশ শতিকাৰ তৃতীয় দশকত জাৰ্মানীত নাজীৰ শাসন চলিছিল । ইহুদীসকলে হিটলাৰৰ ভয়ত কম্পমান হৈ আছিল । সেই সময়তে এই স্মাৰক ভূমিতে নাজী সেনাই হাজাৰ হাজাৰ কিতাপ জ্বলাই ইতিহাসত এক কলা অধ্যায়ৰ সূচনা কৰিছিল ৷ ইয়াৰ আঁৰত হিটলাৰৰ মূল উদ্দেশ্য আছিল কলম ৰূদ্ধ কৰা ৷

এই ঘটনাৰ স্মৃতিতেই মাৰ্টা মিনুজিনে এই স্থানত নিষিদ্ধ কিতাপেৰে এই স্মাৰকটো নিৰ্মাণ কৰিছিল । মাৰ্টাক এই কামত সহায় কৰিছিল কেচেল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ তেওঁলোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ নিষিদ্ধ কিতাপৰ তালিকাৰ পৰা ১৭০ খন কিতাপ বিচাৰি পাইছিল আৰু এই গ্ৰন্থবোৰ পাৰ্থেনন নিৰ্মাণ কৰিবলৈ দিছিল ।

গ্ৰীচৰ পাৰ্থেনান

কেচেলৰ পাৰ্থেননে গণতন্ত্ৰৰ বিষয়ে কয়, বাক স্বাধীনতাৰ বিষয়ে কয় । যুগ যুগ ধৰি শিল্পীসকলে নিষিদ্ধতা, কুসংস্কাৰ আৰু নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু যুঁজ দিয়াৰ উপায় হিচাপে কলাক মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে । কলাৰ মাধ্যমেৰে আমি সকলো ধৰণৰ বাৰ্তা প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো ৷ কিন্তু বিভিন্ন সময়ত, বিভিন্ন কাৰণত এনে শিল্পকলাৰ ক্ষেত্ৰত ৰাজনৈতিক নেতাৰ পৰা ধৰ্মীয় গুৰুলৈ, সকলোৱে নিষেধাজ্ঞা জাৰি কৰি আহিছে ৷

কেচেলৰ পাৰ্থেনন

কিন্তু এই বাধাই কেতিয়াও সৃষ্টিকৰ্তাসকলক বাধা দিব পৰা নাই, বৰঞ্চ তেওঁলোকৰ সৃষ্টিশীলতাক ইন্ধন যোগাইছে । কেচেলৰ পাৰ্থেননে আমাক প্ৰতিটো মূহূৰ্তত শিল্প-সাহিত্যৰ ওপৰত থকা স্বত্ব(Censorship)ৰ একনায়কত্ববাদৰ কথা সোঁৱৰাই দিয়ে । বিশ্বজুৰি এনে হাজাৰ হাজাৰ কিতাপ আছে, যিবোৰ কোনো কাৰণত বা আন কাৰণত নিষিদ্ধ কৰা হৈছে । হেৰী প’টাৰৰ পৰা এন ফ্ৰেংকৰ ডায়েৰীলৈকে, এনে বহুতো বিশ্ববিখ্যাত ক্লাছিক গ্ৰন্থ আছে যাক বিভিন্ন সময়ত বিভিন্ন(উদ্ভট) কাৰণত দেশ-বিদেশত নিষিদ্ধ কৰা হৈছে ৷ ইয়াৰে প্ৰতিবাদত মাৰ্টাৰে পাৰ্থেননৰ আৰ্হিত নিষিদ্ধ গ্ৰন্থৰ এই স্মাৰকটো নিৰ্মাণ কৰিছিল ৷

লগতে পঢ়ক : জনা-নজনা : পুতলাৰ উপত্যকা হিচাপে পৰিচিত মনোমোহা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.