ETV Bharat / bharat

Teesta water sharing issue: তিস্তা পানী ভাগ-বতৰা সমস্যা নিষ্পত্তিৰ পৰামৰ্শ সংসদীয় সমিতিৰ

author img

By

Published : Aug 8, 2023, 8:20 PM IST

ভাৰত আৰু বাংলাদেশৰ মাজৰ জটিল তিস্তা পানী ভাগ-বতৰা সমস্যা শীঘ্ৰে সমাধানৰ বাবে সংসদীয় বৈদেশিক পৰিক্ৰমাৰ স্থায়ী সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই চুক্তিৰ বিৰোধিতা কৰিছে ৷ কিন্তু এইবাৰ পৰিস্থিতি পৃথক, কাৰণ তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী এই সমিতিৰ সদস্য ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ অৰুণিম ভূঞাৰ প্ৰতিবেদন ।

Teesta water sharing issue
তিস্তা পানী ভাগ-বতৰা সমস্যা নিষ্পত্তিৰ পৰামৰ্শ সংসদীয় সমিতিৰ

নিউজ ডেস্ক, ৮ আগষ্ট: বাংলাদেশৰ সৈতে তিস্তা পানী ভাগ-বতৰা কৰা সমস্যাটো নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিছে সংসদীয় বৈদেশিক পৰিক্ৰমাৰ স্থায়ী সমিতিয়ে । ইয়াৰ দ্বাৰা নতুন দিল্লী আৰু ঢাকাৰ মাজত দশক দশক ধৰি চলি অহা এই সমস্যাৰ অন্ত পৰাৰ ইংগিত পোৱা গৈছে । এই সন্দর্ভত কমিটীয়ে প্রতিবেদনত কৈছে যে তিষ্টাৰ পানীৰ ভাগ-বতৰা সন্দর্ভত ভাৰত-বাংলাদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা বিষয়টোৰ বিষয়ে কমিটী অৱগত ৷

একে সময়তে কমিটীয়ে কয় যে বাংলাদেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত অতি সোনকালে নীতি নিৰ্ধাৰণ কৰিব বিচাৰিছে । এই বিষয়ত এক ঐকমত্য গঢ়ি তুলিবলৈ বাংলাদেশৰ সৈতে নিয়মীয়াকৈ আলোচনা আৰম্ভ কৰাৰ কথাও কমিটীয়ে আলোচনা কৰিছে ৷ ইয়াৰ উপৰিও ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা বিবাদৰ বিষয়টোৰ অগ্ৰগতি আৰু ফলাফলৰ বিষয়ে কমিটীক অৱগত কৰা হ’ব পাৰে । এনে বিবাদ নিষ্পত্তিৰ বাবে নতুন উদ্যোগ লোৱাৰ লগতে অৰ্থপূৰ্ণ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে কমিটীয়ে ।

বাংলাদেশে এই পৰামৰ্শক আদৰণি জনাইছে আৰু ইয়াক “উৎসাহজনক আৰু অৰ্থপূৰ্ণ” বুলি অভিহিত কৰিছে । “এয়া নিশ্চয় উৎসাহজনক আৰু অৰ্থপূৰ্ণ; বিশেষকৈ ভাৰতৰ সকলো ৰাজনৈতিক দলৰ সাংসদ এই কমিটীত আছে ।’ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ছেহেলী ছাব্ৰিনে কয় ।

উল্লেখ্য যে, ২০১১ চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ঢাকা, ভাৰত আৰু বাংলাদেশ ভ্ৰমণৰ সময়ত এই বিষয়টো নিষ্পত্তিৰ পৰ্যায়ত উপনীত হৈছিল । কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই কথাত একমত নহ’ল, যাৰ বাবে অন্তিম মুহূৰ্তত চুক্তি স্বাক্ষৰ কৰিব পৰা নগ’ল । মমতা বেনাৰ্জীয়ে এই চুক্তিৰ বিৰোধিতা কৰিছে কাৰণ তেওঁৰ মতে তিস্তা নদীৰ পানী যথেষ্ট হ্ৰাস পাইছে । এই নদীৰ মাজেৰে উত্তৰ-পশ্চিমবংগত মাত্ৰ ১.২০ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চন কৰা হয় ।

কিন্তু এইবাৰ পৰিস্থিতি আগৰ তুলনাত বহুত বেলেগ, কাৰণ যিখন কমিটীয়ে এই পৰামৰ্শ দিছে, সেই সমিতিৰ সদস্য হিচাপে আছে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী । এই সন্দৰ্ভত ঢাকাস্থিত থিংক টেংক চেণ্টাৰ ফ’ৰ গভৰ্নেন্স ষ্টাডিজৰ সাংবাদিক তথা ফেল’ অয়ংছা মৈত্ৰাই ইটিভি ইণ্ডিয়াক জনাইছে যে এই চুক্তিক সমৰ্থন কৰিবলৈ তৃণমূল কংগ্ৰেছক সপক্ষে অনা যেন লাগে । এই সন্দৰ্ভত কিছু ৰাজনৈতিক ব্যৱস্থা হ’ব পাৰে বুলিও তেওঁ কয় ।

ঢাকাস্থিত নাগৰিক সমাজৰ সংগঠন ৰিভাৰাইন পিপলৰ সাধাৰণ সম্পাদক শ্বেখ ৰকনে কয়, এই বিষয়টো দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ থকাৰ বাবে এতিয়াও তেওঁ এই বিষয়ে আশাবাদী নহয় । তেওঁ কয় যে বাংলাদেশ পাকিস্তানৰ অংশ হোৱাৰ পৰাই ১৯৫৩ চনত তিস্তাৰ ওপৰত আলোচনা আৰম্ভ হৈছিল । অৱশ্যে সত্তৰ আৰু আশীৰ দশকতো দুখন তদৰ্থ সন্ধি হৈছিল ।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োজনেই বাৰে বাৰে কৈছে যে ভাৰতে এই বিষয়ত আন্তৰিকতাৰে কাম কৰি আছে, কিন্তু পশ্চিমবংগৰ বিৰোধিতাৰ বাবে চুক্তিখন নহ’ল । ৰকেনৰ মতে সংসদীয় সমিতিখন নিশ্চিতভাৱে ইতিবাচক লক্ষণ যদিও ই কোনো প্ৰস্তাৱ নহয় । চুক্তিখন সাজু হৈছে যদিও ইয়াত দুয়োপক্ষই স্বাক্ষৰ কৰাটো প্ৰয়োজন । ভাৰত আৰু বাংলাদেশ দুয়োখন দেশেই আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক ইতিবাচক বাৰ্তা দিয়াৰ বাবে ই এক পদক্ষেপ হ’ব পাৰে বুলিও তেওঁ কয়।

উল্লেখ্য যে, বাংলাদেশলৈ তিস্তা নদীৰ প্ৰবাহ ভাৰত আৰু বাংলাদেশৰ মাজৰ বিতৰ্কৰ মূল বিন্দু । এই নদীৰ বাবেই ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোকৰ জীৱিকা । এই নদীখন বাংলাদেশৰ ২৮০০ বৰ্গ কিলোমিটাৰ এলেকাত বৈ গৈছে আৰু ছিকিমৰ বানপানী ক্ষেত্ৰ এলেকাৰ মাজেৰে বৈ গৈছে । কেৱল এয়াই নহয়, ইয়াৰ মুঠ দৈৰ্ঘ ৪১৪ কিলোমিটাৰৰ ভিতৰত প্ৰায় ১৫১ কিলোমিটাৰ ছিকিমৰ মাজেৰে, প্ৰায় ১৪২ কিলোমিটাৰ পশ্চিমবংগৰ মাজেৰে আৰু শেষৰ ১২১ কিলোমিটাৰ বাংলাদেশৰ মাজেৰে বৈছে ৷

বাংলাদেশৰ দ্য ডেইলী ষ্টাৰ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি বাংলাদেশৰ তীস্তা বেৰেজৰ ওপৰৰ ডালিয়াত নদীখনৰ গড় প্ৰবাহ সৰ্বোচ্চ ৭৯৩২.০১ ঘনমিটাৰ প্ৰতি ছেকেণ্ড (কিউমেক) আৰু সৰ্বনিম্ন ২৮৩.২৮ কিউমেক । আনহাতে মৈত্ৰাৰ মতে, চীনে বাংলাদেশৰ আন্তঃগাঁথনিত বহু বিনিয়োগ কৰি থকাৰ বাবে এই সমস্যা ভাৰতৰ ফালৰ পৰা সমাধান হ’ব লাগে । কেৱল এয়াই নহয়, বাংলাদেশে তিস্তা নদীৰ এক বিস্তৃত ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ বাবে চীনৰ পৰা প্ৰায় ১ বিলিয়ন ডলাৰৰ ঋণ পোৱাৰ সম্ভাৱনা আছে ।

তেওঁ কয় যে ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ লক্ষ্য হৈছে নদী অৱবাহিকাক দক্ষতাৰে পৰিচালনা কৰা, ইয়াৰ উপৰিও বানপানী নিয়ন্ত্ৰণ কৰা আৰু গ্ৰীষ্মকালত বাংলাদেশৰ জল সংকটৰ সৈতে মোকাবিলা কৰা । মৈত্ৰাই কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ জৰিয়তে উপগ্ৰহৰ ছবি আৰু সময়োপযোগী বান পূৰ্বাভাসৰ তথ্য ভাগ-বতৰা কৰিও ভাৰতে বাংলাদেশক সহায় কৰিব পাৰে । ভাৰতৰ পৰা বাংলাদেশলৈ প্ৰায় ৫৪ খন নদী প্ৰবাহিত হৈছে ।

লগতে পঢ়ক: তিস্তা নদীৰ পানী ভাগ কৰা চুক্তিত কোনো সাল সলনি নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.