ETV Bharat / bharat

সংসদৰ দুয়োখন সদনত আজিও হুলস্থুলৰ সম্ভাৱনা, সাংসদ নিলম্বনত ক্ষোভিত বিৰোধী

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:43 AM IST

১৩ ডিচেম্বৰৰ সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত গৃহমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি লোকসভা আৰু ৰাজ্যসভাত বিৰোধীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ যাৰবাবে সদনৰ কাম-কাজত 'ব্যাঘাত' জনোৱাৰ অভিযোগত সোমবাৰে উভয় সদনৰ পৰা মুঠ সৰ্বমুঠ ৭৮ গৰাকী বিৰোধী সাংসদক বহিষ্কাৰ কৰা হয় ৷ ইয়াৰ পাচতেই নৰেন্দ্ৰ মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বিৰোধী সাংসদসকলে (Parliament winter session 2023) ৷

Parliament winter session 2023
সংসদৰ দুয়োখন সদনত আজিও হুলস্থুলৰ সম্ভাৱনা

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ: সংসদৰ নিৰাপত্তা ভংগকাণ্ডক লৈ আজি অৰ্থাৎ মঙলবাৰে লোকসভা আৰু ৰাজ্যসভা উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ বিৰোধীৰ হুলস্থুলৰ বাবে সোমবাৰে সোমবাৰে সংসদৰ নিম্ন সদনৰ পৰা ৩৩ গৰাকী লোকসভা সদস্যক বহিষ্কাৰ কৰা হয় । আনহাতে, সংসদৰ শীতকালীন অধিবেশনৰ বাকী থকা সময়চোৱাৰ বাবে ৪৫ গৰাকী সাংসদক ৰাজ্যসভাৰ পৰা বহিষ্কাৰ কৰা হয় । অৰ্থাৎ সোমবাৰে লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিলম্বিত হৈছে সৰ্বমুঠ ৭৮ গৰাকী সাংসদ ।

ইয়াৰ পূৰ্বে ১৪ ডিচেম্বৰত একে বিষয়তে ইণ্ডিয়া ব্লকৰ ১৩ গৰাকী সাংসদক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৷ অধিকাংশ নেতাৰ নিলম্বনৰ পিচত এতিয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৰাজ্যসভাত ভাৰত মিত্ৰজোঁটৰ নেতৃত্ব দিব লাগিব ৷ ইফালে লোকসভাত ভাৰত মিত্ৰজোঁটৰ নেতৃত্ব দিব লাগিব কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে । খাৰ্গেৰ সৈতে উচ্চ সদনত বিৰোধী দলৰ নেতৃত্ব দিব এন চি পি নেতা শৰদ পাৱাৰ, চি পি আই (এম) নেতা ইলাৰাম কৰিম আৰু ডি এম কে নেতা তিৰুচি শিৱই । একে সময়তে সদন চলাবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাব ।

লগতে পঢ়ক: শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে লোকসভাৰ ৩৩ গৰাকী বিৰোধী সাংসদক বহিষ্কাৰ

সদনৰ কাম-কাজত 'ব্যাঘাত' জনোৱাৰ অভিযোগত সোমবাৰে লোকসভাৰ পৰা বহিষ্কাৰ কৰাসকলৰ ভিতৰত আছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ , ডিএমকেৰ সাংসদ টি আৰ বালু আৰু দয়ানিধি মৰাণ আৰু তৃণমূলৰ সৌগত ৰয় । অৱশ্যে ৩৩ গৰাকীৰ ভিতৰত ৩০ গৰাকীক শীতকালীন অধিবেশনৰ বাকী সময়চোৱাৰ বাবে বহিষ্কাৰ কৰাৰ বিপৰীতে তিনিগৰাকীক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবে বহিষ্কাৰ কৰা হয় । এই তিনিগৰাকী হৈছে কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেক । তেওঁলোক তিনিওজনে শ্লোগান দিবলৈ অধ্যক্ষৰ মঞ্চত উঠিছিল ।

একেদৰে ৰাজ্যসভাৰ পৰা নিলম্বিতসকলৰ ভিতৰত আছে ৰণদীপ সুৰজেৱালা আৰু জয়ৰাম ৰমেশো । ৰাজ্যসভাৰ এই সাংসদসকলক শীতকালীন অধিবেশনৰ বাকীচোৱা সময়ৰ বাবে বহিষ্কাৰ কৰা হৈছে ।

লগতে পঢ়ক: লোকসভাৰ পিছত ৰাজ্যসভাৰো ৪৫ সাংসদক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.