ETV Bharat / bharat

পেগাচাছ সন্দৰ্ভত IT বিষয়াক প্ৰশ্ন কৰিব সংসদীয় স্থায়ী সমিতিয়ে

author img

By

Published : Jul 21, 2021, 9:55 PM IST

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ অধ্যক্ষতাত এখন সংসদীয় স্থায়ী সমিতিয়ে পেগাচাছ ছফটৱেৰ (Pegasus Software) ব্যৱহাৰ কৰি সাংবাদিক আৰু ৰাজনৈতিক নেতাসকলক অবৈধ নিৰীক্ষণৰ গোচৰ সন্দৰ্ভত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক বিভিন্ন ধৰণে প্ৰশ্ন কৰিবলৈ সাজু হৈছে ।

Parl panel on IT to take up Pegasus issue on July 28
পেগাচাছ সন্দৰ্ভত তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াক প্ৰশ্ন কৰিব সংসদীয় স্থায়ী সমিতিয়ে

নেশ্যনেল ডেস্ক, ২১ জুলাই : পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) প্ৰসংগই সম্প্ৰতি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে । পেগাচাছৰ বিষয়টো পোহৰলৈ অহাৰ পিছতে বিৰোধীসকলেও কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বজ্ঞানহীনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে । বিশেষকৈ কংগ্ৰেছ দলে (Congress party) কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) লগতে বিজেপি নেতৃত্বধীন চৰকাৰক ।

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ (Shashi Tharoor) অধ্যক্ষতাত এখন সংসদীয় স্থায়ী সমিতিয়ে পেগাচাছ ছফটৱেৰ (Pegasus Software) ব্যৱহাৰ কৰি সাংবাদিক আৰু ৰাজনৈতিক নেতাসকলক অবৈধ নিৰীক্ষণৰ গোচৰ সন্দৰ্ভত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক বিভিন্ন ধৰণে প্ৰশ্ন কৰিবলৈ সাজু হৈছে । তথ্য প্ৰযুক্তিৰ ওপৰত সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠক ২৮ জুলাইত আহ্বান কৰা হৈছে । এই বৈঠকলৈ তথ্য প্ৰযুক্তি, গৃহ আৰু যোগাযোগ মন্ত্ৰালয়ৰ বিষয়াসকলক নিমন্ত্ৰণ জনোৱা হৈছে ।

বৈঠকৰ বিষয় হৈছে 'নাগৰিকৰ তথ্য সুৰক্ষা আৰু গোপনীয়তা'(Citizens' data security and privacy) সন্দৰ্ভত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু যোগাযোগ মন্ত্ৰালয়ৰ (দূৰসংযোগ বিভাগ) প্ৰতিনিধিসকলৰ প্ৰমাণ । বৈঠকখন বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ'ব । উল্লেখ্য যে, পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি এটা অচিনাক্ত সংস্থাই ভাৰতৰ বহু লোকক নিৰীক্ষণ কৰি থকাৰ সন্দেহ কৰা হৈছে ।

লোকসকলৰ তালিকাত ৪০ গৰাকীতকৈও অধিক ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদৰ নাম প্ৰকাশ পাইছে । সাংবাদিকসকলৰ বহুতে প্ৰতিৰক্ষা, গৃহ মন্ত্ৰালয়, নিৰ্বাচন আয়োগ আৰু কাশ্মীৰ সম্পৰ্কীয় বিষয়বোৰ সামৰি বাতৰি সংগ্ৰহ কৰা আৰু প্ৰকাশত জড়িত । অৱশ্যে, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে কোৱা মতে হোৱাটছ এপত পেগাচাছৰ ব্যৱহাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ হোৱা বাতৰিৰ কোনো সত্যতা নাই ।

এয়া ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ সুপ্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহক বদনাম কৰাৰ এক প্ৰয়াস বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে বিজেপিক সমালোচনা কৰাৰ বাবে বহু বিজেপি নেতাই উভতি ধৰে কংগ্ৰেছক । এই অভিযোগ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত পেগাচাছ কাহিনী উত্থাপন কৰাটো কিছুমান লোকৰ পূৰ্ব পৰিকল্পিত ৰণনীতি আছিল ।

লগতে পঢ়ক : ভাৰতক মিগ-২৯ যুঁজাৰু বিমান হস্তান্তৰৰ যো-জা চলাইছে ৰাছিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.