ETV Bharat / bharat

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলক তলৱ SITৰ - কোটকাপুৰা আৰক্ষীৰ গুলীচালনা

গুলীচালনাৰ ঘটনা সন্দৰ্ভত পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলক তলৱ ৷ জানিব পৰা মতে এটা গুলীচালনাৰ ঘটনাত দুজন লোক নিহত হোৱাত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷

Parkash Singh Badal summoned by SIT in Kotkapura firing case
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলক তলৱ এছ আই টিৰ
author img

By

Published : Jun 13, 2021, 8:33 PM IST

নেচনেল ডেক্স, 13 জুন : শিৰোমণি আকালী দলৰ পৃষ্ঠপোষক তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সি বাদলক তলৱ এছ আই টি (SIT)ৰ ৷ কোটকাপুৰা আৰক্ষীৰ গুলীচালনাৰ গোচৰত জড়িত থকাৰ সন্দেহত, এডিজিপি যাদৱৰ নেতৃত্বাধীন বিশেষ অনুসন্ধানকাৰী দলে ১৬ জুনত শিৰোমণি আকালী দলৰ পৃষ্ঠপোষক তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলক তলৱ কৰিছে ।

জানিব পৰা মতে, ২০১৫ চনৰ অক্টোবৰ আৰু আগষ্ট ২০১৮ ত কোটকাপুৰা মহানগৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা দুখন এজাহাৰৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মাতি পঠোৱা হৈছে । এছ আই টি(SIT)য়ে ঘটনা সন্দৰ্ভত নিশ্চিত হ’ব বিচাৰে যে, ২০১৫ চনত এখন ধৰ্মীয় গ্ৰন্থক অৱমাননা কৰাৰ বিৰুদ্ধে চলা প্ৰতিবাদত কোনে গুলীচালনাৰ নিৰ্দেশ দিছিল ।

উক্ত গুলীচালনাৰ ঘটনাটোত দুজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছিল । উল্লেখযোগ্য যে এপ্ৰিলত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে গোচৰসমূহৰ তদন্ত ছয় মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে বুলি নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ পিছতে পঞ্জাৱ চৰকাৰে ইয়াৰ বাবে এটা নতুন এছ আই টি (SIT) গঠন কৰিছিল ।

লগতে পঢ়ক : যিকোনো মুহুৰ্তত বিপদ মাতিব পাৰে বুঢ়ীদিহিঙৰ মথাউৰিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.