ETV Bharat / bharat

ব'ম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত - প্ৰাক্তন আৰক্ষী আয়ুক্ত

মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে মুম্বাই চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই ব'ম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকী । তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিবলৈও ব'ম্বে উচ্চ ন্যায়ালয়ক আহ্বান জনায় ।

Param Bir Singh approached Bombay High Court against state government
ব'ম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত
author img

By

Published : Apr 30, 2021, 1:58 PM IST

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: শুক্ৰবাৰে মুম্বাই চৰকাৰৰ বিৰুদ্ধে ব'ম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল মহাৰাষ্ট্ৰৰ গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান তথা মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং । মুম্বাই চৰকাৰে তেওঁৰ বিৰুদ্ধে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিবলৈ ব'ম্বে উচ্চ ন্যায়ালয়ক আহ্বান জনায় প্ৰাক্তন আৰক্ষী আয়ুক্তগৰাকীয়ে । এই বিষয়ত ব'ম্বে উচ্চ ন্যায়ালয়ে ৪ মে'ত শুনানি গ্ৰহণ কৰিব ।

ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে লোৱা বিভিন্ন ব্যৱস্থা আৰু তেওঁৰ বিৰুদ্ধে অনুসন্ধান চলোৱা কাৰ্যক প্ৰত্যাহ্বান জনাই তেওঁ আদালতৰ কাষ চাপে । জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে ব'ম্বে উচ্চ ন্যায়ালয়ত সিঙক প্ৰতিনিধিত্ব কৰিছে । অনিল দেশমুখৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ই চলোৱা প্ৰাথমিক তদন্ত বিফল কৰিবলৈ চেষ্টা কৰা সন্দৰ্ভত চি বি আইক তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া উচিত বুলিও তেওঁ আদালতৰ আগত প্ৰকাশ কৰে ।

আনহাতে, বৃহস্পতিবাৰে মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত, আৰক্ষী উপ-আয়ুক্ত পৰাগ মানেৰে আৰু আন কেইবাজনো বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । কল্যাণ-ডম্বিভলী পৌৰ নিগমৰ আয়ুক্তসকলৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ এজন আৰক্ষী পৰিদৰ্শকক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগত আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ।

লগতে পঢ়ক:অৱশেষত ক'ভিড নিগেটিভ যোগী আদিত্যনাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.