নেশ্যনেল ডেস্ক, ১৩ মে': দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাৰ দ্বিতীয় ঢৌৱে । বহু কেইখন ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে । কোনো কোনো অঞ্চলত কৰ'ণাই বিগত বছৰৰ দৰে পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । আনকি উত্তৰ প্ৰদেশৰ উন্নাওত শ শ মৃতদেহ সৎকাৰ কৰা হৈছে । পূৱ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গংগা নদীত কৰ'ণা ৰোগীৰ মৃতদেহ ওপঙি থকাৰ দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে । উন্নাওৰ গংগা নদীৰ কাষৰ দুয়োটা স্থানত শ শ মৃতদেহ বালিত সৎকাৰ কৰাৰ দৃশ্য এতিয়া মৰ্মান্তিক । দুয়োটা স্থানত স্থানীয় লোকসকলে আৱেগভৰা চাৱনিৰে চাই থকাৰ বাদে আন কোনো উপায় নাই । অৱশ্যে, এই মৃতদেহবোৰ ক'ভিড ৰোগীৰে নে আন কিবা সেয়া নিশ্চিত কৰা হোৱা নাই । কিয়নো মৃতদেহবোৰ গেৰুৱা কাপোৰেৰে পুঁতি থোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে ।
উন্নাও জিলা দণ্ডাধীশ ৰবীন্দ্ৰ কুমাৰে কয় যে একাংশ লোকে মৃতদেহবোৰ জ্বলাই নিদি নদীৰ কাষত বালিত পুতি থয় । এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আন আন বিষয়াসকলক ঘটনাস্থলীত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰে । মৃতদেহবোৰ বিশেষকৈ হাজিপুৰ অঞ্চলৰ ৰৌতাপুৰ গংগা ঘাটত সমাধিস্থ কৰা অৱস্থাত পৰিলক্ষিত হৈছিল । নদীৰ পাৰত এইদৰে মৃতদেহবোৰ বালিত পুতি থোৱাৰ পিছত স্থানীয় লোকসকলৰ মাজত এক আতংকৰ সৃষ্টি হয় । ক'ভিড আক্ৰান্তৰ লগতে আন মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শ্মশান কৰ্তৃপক্ষই অতিৰিক্তকৈ কাঠ আনিছে । হিন্দু ৰীতি-নীতি অনুসৰি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এতিয়া ১৫,০০০ ৰ পৰা ২০,০০০ টকাৰ ভিতৰত সম্পন্ন হয় । দৰিদ্ৰ শ্ৰেণীৰ বাবে হয়তো ই এক কঠোৰ প্ৰত্যাহ্বান হৈ পৰিছে আৰু ইয়াৰ ফলতেই বালিচৰত এইদৰে মৃতদেহবোৰ পুতি থোৱা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।
সোমবাৰৰ দিনটোতো বহুকেইটা মৃতদেহ বালিচৰত পুতি থোৱা হৈছিল । আনকি, বিহাৰৰ বাক্সাৰতো মৃতদেহ সৎকাৰ কৰা হয় । হিন্দু লোকসকলে গংগাক আটাইতকৈ পৱিত্ৰ নদী হিচাপে পূজা কৰে । তেনেস্থলত এইদৰে মৃতদেহবোৰ সৎকাৰ কৰাটো হিন্দু ধৰ্মকে ধৰি কোনো ধৰ্মৰ পৰম্পৰাৰ অংশ নহয় । যিয়েই নহওঁক মহামাৰী কাল কৰ'ণাই যে এতিয়া নুবুজে কোন কাৰ আপোন । বুজিছে মাথো প্ৰিয়জনক হেৰুৱা জনেহে ।
লগতে পঢ়ক: টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা