নেশ্যনেল ডেস্ক,৩ আগষ্ট : জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ । সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ ঠায়ে ঠায়ে তালাচী অভিযান আৰু এনকাউণ্টাৰো অব্যাহত ৰাখিছে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে । তেনে এক এনকাউণ্টাৰৰ মাজতে বান্দিপোৰাৰ চান্দাজী অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত পুনৰ নিহত হয় এজন দুধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী । অঞ্চলটোত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত পাকিস্তানী সন্ত্ৰাসবাদী বাবৰ আলী (Pakistani terrorist Babar Ali ) নিহত হৈছে বুলি আৰক্ষীয়ে মঙলবাৰে জানিবলৈ দিয়ে ।
ইফালে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP) দিলবাগ সিঙে জনোৱা মতে ২৩ আৰু ২৪ জুলাইত শোকবাবা বনাঞ্চলত এক অভিযান চলোৱা হৈছিল য'ত এজন পাকিস্তানী সন্ত্ৰাসবাদীসহ তিনিজন সন্ত্ৰাসবাদী নিহত হৈছিল । আন এজন সন্ত্ৰাসবাদী জংঘলৰ পৰা পলায়ন কৰিছিল আৰু তেতিয়াৰ পৰাই সন্ত্ৰাসবাদীজনক বিচাৰি অনুসন্ধান চলাই থকা হৈছিল । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে নিশা চান্দাজী গাঁৱত সন্ত্ৰাসবাদীজনৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল আৰু এক অভিযান আৰম্ভ কৰা হৈছিল ।
অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হৈছিল । এই অভিযানতে নিৰাপত্তা বাহিনীৰ হাতত পাকিস্তানী সন্ত্ৰাসবাদীজন নিহত হয় । সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।
তেওঁ কোৱা মতে জুলাই মাহত জম্মু-কাশ্মীৰৰ বান্দিপোৰাত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদী আছিল লস্কৰ-ই-তৈবা (LeT)ৰ সদস্য । ২৫ জুলাইত কাশ্মীৰ জ'নৰ মহাপৰিদৰ্শক বিজয় কুমাৰে কৈছিল যে বান্দিপোৰা এনকাউণ্টাৰত নিহত তিনিজন সন্ত্ৰাসবাদীৰ ভিতৰত এজন আছিল শাকিৰ আলতাফ বাবা যি ২০১৮ চনত অমৃতসৰৰ আটাৰী-ৱাঘা সীমান্তৰ পৰা পাকিস্তানলৈ গৈছিল । নিহত তিনিজন লস্কৰ-ই-তৈবাৰ সদস্য আছিল ।
লগতে পঢ়ক :সোমবাৰে নিশাও জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিল সন্দেহজনক ড্ৰোণ