নেচনেল ডেস্ক, 7 ফেব্ৰুৱাৰী: জম্মু আৰু কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ সীমান্তত কাছবা আৰু কাৰ্নি চেক্টৰত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰিছে ৷
মণ্ডাৰ পঞ্চায়তৰ অন্তৰ্গত ইলাকো অঞ্চলৰ কেবাটাও ঘৰত পাকিস্তানী সেনাই মৰ্টাৰ আৰু সৰু অস্ত্ৰৰে গুলীবৰ্ষণ কৰাৰো অভিযোগ উত্থাপন হোৱাৰ লগতে উক্ত গুলীবৰ্ষণৰ ফলত মহম্মদ কাফিল নামৰ এগৰাকী ব্যক্তিৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ নিশাজুৰি হোৱা গুলীবৰ্ষণৰ ফলত কাফিলৰ পৰিয়ালৰ সদস্যসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী গ্ৰেপ্তাৰ