ETV Bharat / bharat

হাফিজ ছৈইদক প্ৰত্যৰ্পণ সন্দৰ্ভত ভাৰতৰ অনুৰোধ প্ৰত্যাখ্যান পাকিস্তানৰ - Mumbai attack

Hafiz Saeed extradition: নিষিদ্ধ সন্ত্ৰাসবাদী তথা লস্কৰ-ই-তৈবা (এলইটি)ৰ প্ৰতিষ্ঠাপক হাফিজ ছৈইদক প্ৰত্যৰ্পণ নকৰে পাকিস্তানে ! পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে একপ্ৰকাৰ এই কথা স্পষ্ট কৰিছে । কিয়নো পাকিস্তানৰ সৈতে ভাৰতৰ কোনো প্ৰত্যৰ্পণ চুক্তি নাই ।

Hafiz Saeeds extradition
হাফিজ ছৈইদৰ প্ৰত্যাৰ্পণৰ অনুৰোধ সন্দৰ্ভত পাকিস্তানৰ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 1:55 PM IST

Updated : Dec 30, 2023, 3:42 PM IST

নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : মুম্বাইৰ ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছৈয়দৰ প্ৰত্যৰ্পণৰ বাবে ইতিমধ্যে ভাৰতে পাকিস্তানক অনুৰোধ জনাইছে । পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালুচে শুকুৰবাৰে কয় যে পাকিস্তানে হাফিজ ছৈইদৰ প্ৰত্যাৰ্পণৰ বাবে ভাৰতৰ অনুৰোধ লাভ কৰিছে । কিন্তু তেওঁ নিশ্চিত কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তি নাই ।

এক বিবৃতিত মুমতাজ জাহৰা বালোচে কয় যে তথাকথিত ধন আত্মসাৎ গোচৰত হাফিজ ছৈইদৰ প্ৰত্যৰ্পণ বিচাৰি পাকিস্তানে ভাৰতৰ পৰা এই সন্দৰ্ভত এক অনুৰোধ পত্ৰ লাভ কৰিছে ।

ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰতে এক নিৰ্দিষ্ট গোচৰত বিচাৰৰ সন্মুখীন হোৱাৰ বাবে ভাৰতলৈ হাফিজ ছৈইদৰ প্ৰত্যৰ্পণ সন্দৰ্ভত পাকিস্তান চৰকাৰক অনুৰোধ জনাইছে । সংবাদ মাধ্যমক বাগচীয়ে কয় যে হাফিজ ছৈইদ ভাৰতৰ বাবে ম'ষ্ট ৱাণ্টেড । তেওঁ ৰাষ্ট্ৰসংঘৰ নিষিদ্ধ সন্ত্ৰাসবাদী । এই সন্দৰ্ভত ভাৰতে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে পাকিস্তান চৰকাৰক এক নিৰ্দিষ্ট গোচৰত বিচাৰৰ সন্মুখীন হ'বলৈ তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ।

লক্ষণীয়ভাৱে, ছৈইদ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি)ৰ প্ৰতিষ্ঠাপক । তেওঁ মুম্বাইত ২৬/১১ ৰ ভয়ংকৰ আক্ৰমণৰ মূল সূত্ৰধাৰ আছিল । আন অভিযোগৰ ভিত্তিত ২০১৯ চনৰ ১৭ জুলাইৰ পৰা কাৰাগাৰত থকা হাফিজ ছৈইদক ২০২২ চনৰ এপ্ৰিলত পাকিস্তানৰ লাহোৰৰ এখন বিশেষ সন্ত্ৰাসবাদ বিৰোধী আদালতে সন্ত্ৰাসবাদক পুঁজি যোগান ধৰাৰ অভিযোগত ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় ইউনিয়নৰ দ্বাৰা সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা স্বত্বেও ছৈইদক প্ৰায় দুটা দশকত অভিযুক্ত বা প্ৰত্যৰ্পণ কৰা হোৱা নাছিল । ২০০৮ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ছৈইদক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল ।

ইফালে, হাফিজ ছৈইদৰ এটা ৰাজনৈতিক দল পাকিস্তান মাৰ্কাজী মুছলিম লীগে (পিএমএমএল) ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে সমগ্ৰ পাকিস্তানৰ প্ৰতিটো ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিছে। খবৰ অনুসৰি হাফিজ ছৈইদৰ পুত্ৰ তালহা ছৈইদেও সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদী হাফিজক বিচাৰি পাকিস্তানক অনুৰোধ ভাৰতৰ

Last Updated : Dec 30, 2023, 3:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.