ETV Bharat / bharat

পাকিস্তানত কাৰাবন্দী ৰাজস্থানৰ যুৱকক উভোতাই অনাৰ বাবে নথি পত্ৰ প্ৰেৰণ - পাকিস্তান দূতাবাসৰ কাষ চাপিছে ভাৰত চৰকাৰ

পাকিস্তানত কাৰাবন্দী ৰাজস্থানৰ যুৱক ৷ পাকিস্তানত কাৰাবন্দী যুৱক গৰাকীক উভোতাই অনাৰ বাবে পাকিস্তান দূতাবাসৰ কাষ চাপিছে ভাৰত চৰকাৰ ৷ যুৱকক উভোতাই অনাৰ বাবে পাকিস্থান দূতাবাসলৈ বিভাগীয় নথি পত্ৰ প্ৰেৰণ ৷ এই কথা জনালে প্ৰাক্তন সাংসদ মানবেন্দ্ৰ সিঙে ৷

pakistan embassy approached for return of rajasthan youth

author img

By

Published : Jan 27, 2021, 10:29 PM IST

নেচনেল ডেস্ক, 27 জানুৱাৰী: পাকিস্তানত কাৰাবন্দী বাৰমেৰৰ যুৱকক উভোতাই অনাৰ বাবে পাকিস্তানৰ সৈতে ভাৰতে কথা পাতিছে বুলি জানিব পৰা গৈছে ৷ প্ৰাক্তন সাংসদ মানবেন্দ্ৰ সিঙে এই কথা জানিবলৈ দিয়ে ৷

টুইটাৰৰ জৰিয়তে সিঙে জানিবলৈ দিয়ে যে, বিগত 82 দিনে পাকিস্তানৰ কাৰাগাৰৰ বন্দীত্বৰ জীৱন কটাই থকা ৰাজস্থানৰ যুৱক গৰাকীক উভোতাই আনিবৰ বাবে বিভাগীয় নথি পত্ৰ সমূহ পাকিস্তানৰ দূতাবাসলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৷ চৰকাৰৰ এই পদক্ষেপ প্ৰশংসনীয় বুলিও সিঙে উল্লেখ কৰে ৷

  • *गेमराराम की वतन वापसी, सकारात्मक प्रयासों की ओर बढ़ा एक ओर कदम*
    सोमवार को पाकिस्तानी विदेश मंत्रालय के वरिष्ठ अधिकारियों को आवश्यक दस्तावेज पहुँचा दिये गए है। /1

    — Manvendra Singh (@ManvendraJasol) January 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

6 নৱেম্বৰত পাকিস্তান ৰেঞ্জাৰে এগৰাকী যুৱকক কৰায়ত্ব কৰিছিল ৷ ইয়াৰ পাছতে পাকিস্তান ৰেঞ্জাৰৰ ফালৰ পৰা সীমাত কৰ্মৰত সুৰক্ষী বাহিনীয়ে যুৱক গৰাকীক কাৰাবন্দী কৰাৰ তথ্য লাভ কৰিছিল ৷ যুৱক গৰাকীৰ পৰিয়ালৰ লোকে আশংকা কৰিছে যে যুৱক গৰাকীয়ে সম্ভৱত পাকিস্তানৰ বেৰিকেড পাৰ হৈছিল ৷

যোধপুৰত যুৱক গৰাকীয়ে এগৰাকী শ্ৰমিক হিচাপে কাম কৰি আছিল আৰু 5 নৱেম্বৰত যুৱক গৰাকী বিজৰাড স্থিত নিজা চহৰলৈ বুলি আহিছিল ৷ যুৱক গৰাকী পাকিস্তানত কাৰাবন্দী হোৱাৰ খবৰ পোৱাৰ পাছৰে পৰাই যুৱক গৰাকীৰ পৰিয়ালে আৰক্ষী তথা বিভাগীয় কৰ্তৃপক্ষক যুৱক গৰাকীক উভোতাই অনাৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাই আহিছে ৷

লগতে পঢ়ক:70 বছৰৰ পাচত দান্তেৱাৰাৰ নক্সাল এলেকাত প্ৰথমবাৰ উৰিল ত্ৰিৰংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.