ETV Bharat / bharat

পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !

author img

By

Published : Oct 5, 2021, 8:58 AM IST

"বিশ্ব সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিয়মাৱলীসমূহৰ উলংঘন কৰি প্ৰতিবাৰে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সীমান্ত সংঘাতত লিপ্ত হৈ আহিছে ৷" ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ First Committee General Debateৰ ‘Right of Reply’ শিতানত এই মন্তব্য কৰে ভাৰতে ৷

Pak talks about peace while its PM glorifies terrorists like Laden as martyrs
পাকিস্তানে শান্তিৰ কথা কয়; কিন্তু ইয়াৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিয়ে !

নেশ্যনেল ডেস্ক, 5 অক্টোবৰ : পাকিস্তানৰ স্থানী প্ৰতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত শান্তি, সুৰক্ষাৰ কথা কয় কিন্তু ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী ইমৰান খানে "ওছামা বিন লাডেনৰ দৰে সন্ত্ৰাসবাদীক শ্বহীদ বুলি মহিমামণ্ডিত কৰে ৷" ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ First Committee General Debateৰ ‘Right of Reply’ শিতানত এই মন্তব্য কৰে ভাৰতে ৷

Right of Replyত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ কাউঞ্চিলাৰ এ.অমৰনাথে কয়, "বিশ্ব সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিয়মাৱলীসমূহৰ উলংঘন কৰি প্ৰতিবাৰে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সীমান্ত সংঘাতত লিপ্ত হৈ আহিছে ৷" First Committeeএ নিৰস্ত্ৰীকৰণ, বৈশ্বিক প্ৰত্যাহ্বান আৰু শান্তিৰ প্ৰতি ভাবুকি যিয়ে আন্তৰাষ্ট্ৰীয় সম্প্ৰদায় সমূহক প্ৰভাৱান্বিত কৰে আৰু আন্তৰাষ্ট্ৰীয় সুৰক্ষা শাসনৰ প্ৰতি অহা প্ৰত্যাহ্বানসমূহৰ সমাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷

এ.অমৰনাথে লগতে কয় যে, "পাকিস্তানে জম্মু-কাশ্মীৰ আৰু লাডাখ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে কেইবাটাও ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে । ভাৰতে এইবোৰৰ প্ৰতি কোনো সঁহাৰি প্ৰদান নকৰে কিয়নো ই ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে সম্পৰ্কিত ৷ মই ইয়াত পুনৰ কওঁ যে জম্মু-কাশ্মীৰৰ সমগ্ৰ অঞ্চলটো ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু সদায় থাকিব। ইয়াত পাকিস্তানৰ অবৈধ দখলত থকা অঞ্চলটো অন্তৰ্ভুক্ত আছে ৷"

লগতে পঢ়ক : অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্নৌত মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.