ETV Bharat / bharat

BJP slams TMC: বংগ চৰকাৰ পাকিস্তানপ্ৰেমী; ISI ৰ সন্দেহযুক্ত এজেণ্ট গ্ৰেপ্তাৰৰ পিচতে তৃণমূলক আক্ৰমণ বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:53 PM IST

পাকিস্তানৰ ISI ৰ সন্দেহযুক্ত এজেণ্টসকল কেৱল পশ্চিমবংগত থকাই নহয়, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ ঘাটি হিচাপেও ৰাজ্যখনক ব্যৱহাৰ কৰাৰ বিস্ফোৰক অভিযোগ ৰাজ্যিক বিজেপিৰ ৷ বিজেপিৰ পশ্চিম বংগৰ সভাপতি সুকান্ত মজুমদাৰে ৰাজ্যখনৰ তৃণমূল চৰকাৰৰ বিৰুদ্ধে তোলে এই গুৰুতৰ অভিযোগ ৷

Pakistan-loving govt in Bengal
বিজেপিৰ পশ্চিম বংগৰ সভাপতি সুকান্ত মজুমদাৰ

নেশ্যনেল ডেস্ক, 27 আগষ্ট: শনিবাৰে সন্ধিয়া কলকাতাত পাকিস্তানৰ চোৰাংচোৱা হিচাপে কাম কৰা এজন 36 বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে বিজেপিৰ পশ্চিম বংগৰ সভাপতি সুকান্ত মজুমদাৰে গুৰুতৰ অভিযোগ তোলে মমতা বেনাৰ্জী নেতৃত্বাধীন বংগ চৰকাৰৰ বিৰুদ্ধে ৷ মজুমদাৰে কয়, "পাকিস্তানৰ ISI ৰ সন্দেহযুক্ত এজেণ্টসকল কেৱল ৰাজ্যখনত থকাই নহয়, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ ঘাটি হিচাপেও ব্যৱহাৰ কৰিছে ৰাজ্যখনক ।"

শনিবাৰে ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মজুমদাৰে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দাবী কৰে, "আমাৰ ইয়াত পশ্চিম বংগত এখন পাকিস্তান প্ৰেমী চৰকাৰ আছে । এই কাৰণেই দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা লোকসকলে বিশেষকৈ ISI ৰ এজেণ্টসকলে তেওঁলোকৰ কাৰ্যকলাপৰ ভিত্তি হিচাপে আৰু নিৰাপদ আশ্ৰয়স্থল হিচাপে বংগক ব্যৱহাৰ কৰি আহিছে ।"

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ISI ৰ সন্দেহযুক্ত লোকজনৰ পৰা কেইবাটাও স্পৰ্শকাতৰ নথি জব্দ কৰা হৈছে । বিজেপি নেতাগৰাকীয়ে আৰু অভিযোগ কৰে যে পাকিস্তানস্থিত ISI এজেণ্টসকলে “মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ পৰা সমৰ্থন লাভ কৰিছে” । শাসকীয় তৃণমূল কংগ্ৰেছে এই অভিযোগৰ বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ মানচিত্ৰত ‘আজাদ কাশ্মীৰ’ চিহ্নিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ দিয়া দশম শ্ৰেণীৰ পৰীক্ষা পত্ৰৰ ছবি ভাইৰেল হোৱাৰ পিছতে ৰাজ্যখনত এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি হৈছিল । এই পৰীক্ষা কাকতৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল মজুমদাৰৰ লগতে তেতিয়াৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষকে ধৰি বিভিন্ন বিজেপি নেতাই ।

এই ফটো শ্বেয়াৰ কৰি বিজেপিয়ে মমতা বেনাৰ্জীৰ চৰকাৰে যুৱ আৰু সংবেদনশীল মনত “ভাৰতবিৰোধী মানসিকতা সৃষ্টি” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ৷ উক্ত বিতৰ্কিত প্ৰশ্নকাকতখন পশ্চিম বংগ মাধ্যমিক শিক্ষা ব’ৰ্ড (WBBSE)ৰ দ্বাৰা প্ৰকাশিত ।

কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী সুভাষ সৰকাৰে কিতাপখনৰ বিক্রীত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰে ৷ আনহাতে, এই অভিযোগ খণ্ডন কৰি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিজু দত্তই উক্ত বিষয়টোক ব্যক্তিগত গাফিলতি বুলি অভিহিত কৰি কয় যে চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সূচনা কৰিছে ।

লগতে পঢ়ক: Explosion in cracker factory: অবৈধভাৱে স্থাপিত আতচবাজী কাৰখানাত বিস্ফোৰণ; প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.