ETV Bharat / bharat

বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

author img

By

Published : May 6, 2021, 11:46 AM IST

জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰৰ ভাৰত-পাকিস্তান সীমান্তত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী । বৃহস্পতিবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে সীমা সুৰক্ষা বিহিনীয়ে ।

Pak intruder shot dead by BSF in J-K's Samba
বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক, ৬ মে': অবৈধভাৱে ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰি নিহত হ'ল এজন পাকিস্তানী নাগৰিক । বৃহস্পতিবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰৰ ভাৰত-পাকিস্তান সীমান্তত সীমা সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী ।

লোকজনে নিশা সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি সন্দেহজনক অৱস্থাত থকা প্ৰত্যক্ষ কৰিছিল সীমা সুৰক্ষা বাহিনীয়ে । অনুপ্ৰৱেশকাৰীজনৰ পৰিচয় সম্পৰ্কে কোনো তথ্য লাভ কৰা হোৱা নাই ।

বিগত ২ আৰু ৩ মে'ৰ পুৱতি নিশাও অনুৰূপ ঘটনা সংঘটিত হয় । সীমা সুৰক্ষা বাহিনীৰ পঞ্জাৱ ফ্ৰণ্টিয়াৰে টুইটযোগে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰে মাজনিশা পঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ ভাৰত-পাকিস্তান সীমান্তত সীমা সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী ।

সোমবাৰে পুৱা প্ৰায় ৬ বজাত পাকিস্তানে জম্মু-কাশ্মীৰৰ চাম্বা ছেক্টৰত যুদ্ধবিৰতি উলংঘা কৰে । দুমাহৰ ভিতৰত এইটো হৈছে প্ৰথম যুদ্ধবিৰতি উলংঘনৰ ঘটনা । যোৱা ২৪ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল । ভাৰত-পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানসকলৰ মাজত আলোচনা হোৱাৰ পিছত দুয়োপক্ষই গুলীবৰ্ষণ বন্ধ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক: পশ্চিম বংগৰ নিৰ্বাচনী হিংসাক ত্ৰিপুৰা বিজেপিৰ কঠোৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.