ETV Bharat / bharat

পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

author img

By

Published : Nov 12, 2020, 11:39 AM IST

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দৰ মুখপাত্ৰ য়াহা মুজাহিদক পাকিস্তানৰ সন্ত্ৰাসবাদবিৰোধী আদালতে 32 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰিছে ৷ আদালতে আন দুগৰাকী জেইউডি সন্ত্ৰাসবাদীকো সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰে ৷

পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ
পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

নিউজ ডেস্ক, 12 নৱেম্বৰ : হাফিজ চৈয়দৰ জামাত-উড-ডাৱা নামৰ সংগঠনৰ মুখপাত্ৰকে ধৰি তিনিগৰাকীক জেললৈ প্ৰেৰণ কৰিছে পাকিস্তানে ৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড চৈয়দৰ এইটো সংগঠনে সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰা হৈছে সংগঠনটোৰ মুখপাত্ৰ য়াহা মুজাহিদৰ লগতে চৈয়দৰ জোৱাই আৰু আন এগৰাকী নেতাক ৷

পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী শীৰ্ষ আদালতে য়াহা মুজাহিদক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ কৰিছে ৷ আদালতৰ ন্যায়াধীশ ইয়াজ আহমেদ বুট্টাৰে অধ্যাপক জফৰ ইকবাল আৰু অধ্যাপক হাফিজ আব্দুল ৰহমান (হাফিজ চৈয়দৰ জোৱাই)ক 16 বৰ্ষৰ বাবে পৃথকে জেললৈ প্ৰেৰণ কৰিছে ৷

আদালতে উল্লেখ কৰা মতে, আন দুগৰাকী জামাত-উড-ডাৱাৰ সদস্য আব্দুল ছালাম বিন মহম্মদ আৰু লুকমান শ্বাহকো সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত তদন্তৰ আওঁতালৈ অনা হৈছে আৰু তেওঁলোকৰ শুনানি অহা 16 নৱেম্বৰত গ্ৰহণ কৰা হ'ব ৷ বিগত সপ্তাহত সন্ত্ৰাসবাদ বিৰোধী আদালতে সংগঠনটোৰ হাফিজ আব্দুল ৰেহমান মাক্কি, জফৰ ইকবাল আৰু মহম্মদ আশ্ৰফ নামৰ তিনিগৰাকীক জেললৈ প্ৰেৰণ কৰিছিল ৷ জফৰ ইকবাল আৰু মহম্মদ আশ্ৰফক 16 বছৰৰ কাৰাদণ্ড বিহা হৈছে আৰু 1,70,000 টকাৰ জৰিমনা বিহা হৈছে ৷ বিগত বৰ্ষৰ ছেপ্তেম্বৰত অধ্যাপক জফৰ ইকবাল আৰু হাফিজ আব্দুছ চালাম বিন মহম্মদক 16 বছৰৰ লগতে মাক্কিক দেৰবছৰৰ বাবে কাৰাদণ্ড বিহিছিল ৷

পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগে হাফিজ চৈয়দ আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে 23 টা গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে তদন্ত চলাই আছে ৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত হাফিজ চৈয়দক 11 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰিছিল ৷

হাফিজ চৈয়দৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ প্ৰাৰম্ভিক সংগঠন হৈছে জামাত-উড-ডাৱা ৷

লগতে পঢ়ক : কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.