ETV Bharat / bharat

পশ্চিমবংগত ধৰ্মীয় নেতাৰ সৈতে আছাদউদ্দিন ওৱেচিৰ বৈঠক - পশ্চিমবংগ

ৰাজনৈতিক দল এআইএমআইএম ৰ মুখ্য নেতা আছাদউদ্দিন ওৱেচিয়ে দেওবাৰে উপস্থিত হৈছে পশ্চিমবংগত ৷ হুগলী জিলাৰ ফুতুৰা শ্বৰীফত উপস্থিত হৈ ৰাজনৈতিক নেতাগৰাকীয়ে ধৰ্মগুৰুসকলৰ সৈতে বৈঠকত মিলিত হয় ৷ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ওৱেচিয়ে এটা সংখ্যালঘু সংগঠন গঠনৰ নিমিত্তে পৰিকল্পনা প্ৰস্তুত কৰিছে ৷

Owaisi visits Bengal holds meeting with religious leader Etv bharat news
ধৰ্মীয় নেতাৰ সৈতে বৈঠকত মিলিত আশাউদ্দিন অ’ৱেছী
author img

By

Published : Jan 3, 2021, 2:20 PM IST

পশ্চিমবংগ,3 জানুৱাৰী: দেওবাৰে এআইএমআইএম ৰ মুখ্য নেতা আছাদউদ্দিন ওৱেচি পশ্চিমবংগৰ হুগলী জিলাত উপস্থিত হয় ৷ জিলাখনত অৱস্থিত ধৰ্মীয় অনুষ্ঠান ফতুৰা শ্বৰীফত উপস্থিত হৈ ৰাজনৈতিক নেতাগৰাকীয়ে ধৰ্মগুৰুসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ তথ্য অনুসৰি, ওৱেচিয়ে এটা সংখ্যালঘু দল গঠনৰ নিমিত্তে পৰিকল্পনা প্ৰস্তুত কৰি আছে ৷ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ওৱেচিয়ে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ সম্পৰ্কে মুছলমান নেতা আব্বাছ ছিদ্দিকীৰ সৈতে এক আলোচনাত অংশ লয় ৷ ৰাজ্যখনত নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ পাছত এয়া আছাদউদ্দিন ওৱেচিৰ প্ৰথমটো পশ্চিমবংগ ভ্ৰমণ ৷

ওৱেচিয়ে এই বৈঠক গোপনে ৰখাতো বিচাৰে ৷ কিয়নো এই প্ৰসংগত কোনো কথা ৰাজহুৱা হ’লে পশ্চিমবংগ চৰকাৰে নেতাগৰাকীক বিমানবন্দৰত আৱদ্ধ কৰিব পাৰে ৷ কলকাতা বিমানবন্দৰৰ পৰা ওলাই ওৱেচিয়ে পোনে পোনে ছিদ্দিকীক সাক্ষাৎ কৰিবলৈ হুগলীলৈ যাত্ৰা কৰে ৷ এই বৈঠকৰ পিছতে নেতাগৰাকীয়ে হায়দৰাবাদ অভিমুখে উৰা মাৰিব ৷ এআইএমআইএম-ৰ ৰাজ্যিক সচিব জমিৰুল হাছানে সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰে ৷

ফুতুৰা শ্বৰীফৰ পীৰজাদা অৰ্থাৎ এগৰাকী ধৰ্মীয় নেতা হিচাপে পৰিচিত ছিদ্দিকীয়ে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ বিপক্ষে ভাষ্য প্ৰকাশ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ওৱেচিয়ে নিজাববীয়াকৈ এটা সংখ্যালঘু সংগঠন গঠনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷

লগতে চাওকঃ মুম্বাইত ড্ৰাগছ সহ এনচিবিৰ জালত সৰহবৰাহকাৰীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.