ETV Bharat / bharat

Controversial statement of Asaduddin Owaisi: মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি - বিতৰ্কত AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচি

শেহতীয়াকৈ চৰকাৰে মহিলাৰ বিবাহৰ বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচিয়ে (Owaisi statement on legal marriage age)। ইয়াৰ পৰিৱৰ্তে বিবাহৰ ক্ষেত্ৰত ল'ৰাৰ বয়সৰ সীমা ১৮ লৈ হ্ৰাস কৰিব লাগে ।

Controversial statement of Asaduddin Owaisi
মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি
author img

By

Published : Dec 18, 2021, 4:41 PM IST

নেশ্যনেল ডেস্ক,১৮ ডিচেম্বৰ : পুনৰ বিতৰ্কত AIMIMৰ অধ্যক্ষ আছাদউদ্দিন ওৱেচি । এইবাৰ যুৱতীৰ বিবাহৰ বয়স সম্পৰ্কে বিতৰ্কিত মন্তব্য সাংসদগৰাকীৰ (Owaisi statement on legal marriage age)। শেহতীয়াকৈ এগৰাকী মহিলাৰ বিবাহৰ আইনী বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি আছাদউদ্দিন ওৱেচিয়ে প্ৰশ্ন কৰে যে যদি এগৰাকী মহিলা ১৮ বছৰ বয়সত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব পাৰে তেনেহ'লে ১৮ বছৰ বয়সত জীৱন সংগী কিয় হ'ব নোৱাৰে ?

তেওঁৰ মতে পুৰুষতান্ত্ৰিকতাবাদৰ এয়া এক উৎকৃষ্ট উদাহৰণ । তেওঁ উল্লেখ কৰা মতে ১৮ বছৰ বয়সত এগৰাকী ভাৰতীয় নাগৰিকে চুক্তি স্বাক্ষৰ কৰিব পাৰে, ব্যৱসায় আৰম্ভ কৰিব পাৰে, প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব পাৰে আৰু সাংসদ, বিধায়ক হিচাপেও নিৰ্বাচিত হ'ব পাৰে । উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে ১৮ বছৰ বয়সত এগৰাকী ভাৰতীয়ই কিন্তু বিয়া পাতিব নোৱাৰে ।

তেওঁ লগতে চৰকাৰক পৰামৰ্শ দিয়ে যে ছোৱালীৰ বাবে বিবাহৰ আইনী বয়স ২১ লৈ বৃদ্ধি কৰাৰ পৰিৱৰ্তে ল'ৰাৰ বয়সৰ সীমা ১৮ লৈ হ্ৰাস কৰিব লাগে । ওৱেচিৰ মতে ডাটা প্ৰটেকশ্যন বিল অনুসৰি আপোনাৰ ডাটা ভাগ বতৰা কৰাৰ অধিকাৰ আছে কিন্তু জীৱন সংগী বাছনি কৰিব নোৱাৰে । উচ্চতম ন্যায়ালয়ৰ মতে গোপনীয়তা এক মৌলিক অধিকাৰ । এতিয়া মানুহে বাছনি কৰিব পাৰে যে তেওঁ কাক বিয়া পাতিব, কেতিয়া সন্তান জন্ম দিব ।

বিদেশৰ উদাহৰণ দাঙি ধৰি ওৱেচিয়ে কয় যে আমেৰিকাত এনে বহুতো ৰাজ্য আছে য'ত ১৪ বছৰৰ পিছত বিবাহৰ অনুমতি দিয়া হয় । ব্ৰিটেইন আৰু কানাডাত ১৬ বছৰ বয়সত বিয়া পাতিব পাৰে । তেওঁ লগতে দাবী কৰে যে বিবাহৰ আইনী বয়স হ্ৰাস কৰিলেও মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে ।

ওৱেচিৰ মতে ভাৰতত ফৌজদাৰী আইনৰ বাবে বাল্য বিবাহ হ্ৰাস হোৱা নাই । শিক্ষা আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবেহে বাল্য বিবাহ হ্ৰাস হৈছে । তথাপিও চৰকাৰী তথ্য মতে ভাৰতত প্ৰায় ১২ নিযুত শিশু ১৮ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছে ।

চৰকাৰে মহিলাৰ উন্নয়নৰ বাবে একো কৰা নাই বুলিও অভিযোগ কৰে ওৱেচিয়ে । তেওঁ উল্লেখ কৰা মতে ২০০৫ চনত ভাৰতৰ ২৬ শতাংশ মহিলা বিভিন্ন কৰ্মত নিয়োজিত হৈ আছিল কিন্তু এই সংখ্যা ২০২০ চনত ১৬ শতাংশলৈ হ্ৰাস হয় বুলিও ওৱেচিয়ে উদ্বেগ প্ৰকাশ কৰে । ভাৰতত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বয়স ২৫ বছৰৰ পৰা ২১ বছৰলৈ হ্ৰাস কৰিব লাগে বুলিও চৰকাৰক পৰামৰ্শ প্ৰদান কৰে ওৱেচিয়ে ।

লগতে পঢ়ক :নিজৰ স্কুলীয়া দিন পাহৰি শিক্ষাৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে নেকি বিপ্লৱ দেৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.