নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: দেশত কৰ’ণাৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । সমান্তৰালকৈ লাখ লাখ প্ৰতিষেধক বিদেশলৈ পঠিয়াইছে কেন্দ্ৰীয় চৰকাৰে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপত সন্তুষ্ট নহয় বিৰোধী । প্ৰতিষেধক বিদেশলৈ প্ৰেৰণ কৰাক লৈ চৰকাৰক প্ৰশ্ন কৰিছিল বিৰোধীয়ে । চৰকাৰে ভাৰতৰ জনতাক টীকা নিদিয়াকৈ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।
ইয়াৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে মঙলবাৰে কয় যে ভাৰতৰ লোকক বঞ্চিত কৰি প্ৰতিষেধক বিদেশলৈ প্ৰেৰণ কৰা হোৱা নাই । চৰকাৰৰ উচ্চস্তৰৰ সমিতিৰ বিশেষজ্ঞসকলে ইয়াক সম্পূৰ্ণ নিৰীক্ষণ কৰাৰ লগতে ভাৰসাম্য বজাই ৰাখিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে সোমবাৰৰ দিনটোত ভাৰতত ৩০ লাখ ৩৯ হাজাৰ ৩৯৪ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইতিমধ্যে দেশৰ মুঠ ৩ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলিও দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: অনলাইনযোগে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰতাৰণাৰ বলি যুৱক