ETV Bharat / bharat

Manik Sarkar Alleged BJP : বিজেপিয়ে ভয়তে ৰক্তদান শিবিৰত আক্ৰমণৰ অভিযোগ মাণিক সৰকাৰৰ

author img

By

Published : Nov 3, 2022, 4:06 PM IST

শাসকীয় বিজেপিয়ে ভয়তে ৰক্তদান শিবিৰত আক্ৰমণ আৰম্ভ কৰিবলৈ লৈছে (Manik Sarkar alleged BJP to losing support) । বিজেপিয়ে নিবনুৱা যুৱক-যুৱতীসকলৰ সুযোগ লৈছে আৰু তেওঁলোকক ভুল পথেৰে পৰিচালিত কৰিছে ৷ এই অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ ৷

Manik Sarkar
Manik Sarkar

আগৰতলা, ৩ নৱেম্বৰ : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে বৃহস্পতিবাৰে অভিযোগ কৰে যে গণ সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰা শাসকীয় বিজেপিয়ে ভয়তে ৰক্তদান শিবিৰত আক্ৰমণ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছে (Manik Sarkar alleged BJP to losing support) । উল্লেখ্য যে, মাণিক সৰকাৰে আজি ৰাজ্যখনৰ বিৰোধী দল চিপিআইএমৰ (CPIM) ছাত্ৰ শাখা ডেমোক্ৰেটিক য়ুথ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (DYFI) দ্বাৰা আয়োজিত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত এই কথা কয় ।

"যিকোনো ৰোগীক বচাবলৈ চিকিৎসকে তেজ ৰখাৰ পৰামৰ্শ দিয়ে । বাধাৰ সন্মুখীন হোৱা সত্বেও বাঁও মৰ্চাৰ বিভিন্ন শাখাই সন্মুখীন হ'বলগা সংকট হ্ৰাস কৰাৰ বাবে তেজ সংগ্ৰহ কৰিবলৈ ৰাজ্যজুৰি ৰক্তদান শিবিৰ পৰিচালনা কৰি আছে (blood donation camps) । ২০১৮ চনৰ পিছত বিজেপিয়ে ৰক্তদান শিবিৰত ইমানবাৰ আক্ৰমণ কৰিছে, যাৰ ফলত তেওঁলোক বৰ্তমান ৰাইজৰ পৰা বিচ্ছিন্ন হৈ পৰিছে আৰু সমৰ্থন হেৰুৱাইছে ।" মাণিক সৰকাৰে এই দাবী কৰে ।

শেহতীয়া সময়ছোৱাত এনে ধৰণৰ আক্ৰমণ কিছু কম বুলি দাবী কৰি চিপিআইএমৰ জ্যেষ্ঠ নেতাজনে কয়, "যিসকলে ৰক্তদান কৰিছে আৰু অনাগত দিনত অধিক ৰক্তদান কৰিবলৈ আবেদন কৰিব বিচাৰে তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰোঁ । যি স্থানত আজি ৰক্তদান হৈ আছে সেই স্থানো বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে । স্থানীয় লোকৰ পৰা সমৰ্থন নোপোৱাকৈ এই ৰক্তদান শিবিৰ আয়োজন কৰাটো সম্ভৱ নহ'লহেঁতেন (Former CM of Tripura Manik Sarkar) ।"

আনহাতে, ৰক্তদান শিবিৰ চলি থকা স্থানত চিপিআইএমৰ এজন নেতাৰ ওপৰত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি সৰকাৰে কয়, "তেওঁলোকে ৰক্তদান শিবিৰ অনুষ্ঠিত সকলো স্থানতে আক্ৰমণ কৰি আছে । বিজেপিয়ে নিবনুৱা যুৱক-যুৱতীসকলৰ সুযোগ লৈছে আৰু এনে আক্ৰমণ সংঘটিত কৰি তেওঁলোকক ভুল পথেৰে লৈ গৈছে । ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে । এইটো ভয়ৰ লক্ষণৰ বাহিৰে আন একো নহয় । কিয়নো তেওঁলোকে ৰাইজৰ সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছে । মানুহে ইয়াক সহ্য নকৰিব আৰু তেওঁলোকক সঠিক সময়ত সঠিক উত্তৰ দিব ।"

লগতে পঢ়ক :Gujarat Assembly polls 2022 : অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.