ETV Bharat / bharat

PM Modi in Mann Ki Baat : অংগ দানৰ বাবে দেশবাসীক আগবাঢ়ি আহিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Mar 26, 2023, 10:05 PM IST

মন কি বাত অনুষ্ঠানত অংগ দান সম্পৰ্কে বিশেষ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোডীয়ে (PM Modi on organ donation)। অংগ দানৰ বিভিন্ন নিয়ম সলনি । যিকোনো ৰাজ্যলৈ গৈ অংগ দানৰ বাবে পঞ্জীয়ন কৰিব পাৰিব । দেশত সৌৰ শক্তিৰ ব্যৱহাৰ সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰীৰ ।

PM Modi in Mann Ki Baat
অংগ দানৰ বাবে দেশবাসীক আগবাঢ়ি আহিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ নাগৰিকসকলক অংগ দানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় (PM Modi on organ donation)। দেওবাৰে 'মন কি বাত' অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰি অংগ দানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে (Mann ki Baat)। আনক নতুন জীৱন দিয়াৰ ক্ষেত্ৰত ৰাইজক আগবাঢ়ি আহিবলৈ আহ্বান জনায় । আনকি এই ক্ষেত্ৰত চৰকাৰে বহু নিয়ম শিথিল কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ৯৯ সংখ্যক মন কি বাত অনুষ্ঠানৰ সময়খিনি অতি কঠিন বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীৰ মতে দেশে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছে আৰু নতুন সংকল্পৰ সৈতে আগবাঢ়িছে । আনহাতে মন কি বাতৰ ১০০ সংখ্যক খণ্ডত তেওঁ ৰাইজৰ পৰামৰ্শ জানিবলৈও অতি উৎসাহিত বুলি উল্লেখ কৰে (Mann Ki Baat 100 episode)। তেওঁৰ মতে ৰাইজৰ পৰামৰ্শবোৰে ১০০ সংখ্যক খণ্ডটো আৰু অধিক স্মৰণীয় কৰি তুলিব ।

অংগ দানৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক চিকিৎসা বিজ্ঞানৰ যুগত ই এক অতি গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে । কোৱা হয় যে যেতিয়া এজন ব্যক্তিয়ে মৃত্যুৰ পাছত তেওঁৰ অংগ দান কৰে, ই ৮-৯ গৰাকী লোকক নতুন জীৱন দিয়াৰ সম্ভাৱনা থাকে (PM urges public to come forward to donate organs)। প্ৰধানমন্ত্ৰীৰ মতে অংগ দানৰ প্ৰচাৰৰ বাবে সমগ্ৰ দেশতে একে ধৰণৰ নীতি গ্ৰহণ কৰা হৈছে যাৰ বাবে তেওঁ সুখী ।

তেওঁ লগতে কয় যে চৰকাৰে অংগ দানৰ প্ৰচাৰৰ লক্ষ্যৰে নিম্নতম বয়সৰ সীমা আৰু বাসস্থানৰ নিয়ম আঁতৰাইছে । এতিয়া, এগৰাকী ব্যক্তিয়ে যিকোনো ৰাজ্যলৈ গৈ অংগ দানৰ বাবে পঞ্জীয়ন কৰিব পাৰে । চৰকাৰে অংগ দানৰ বাবে নিম্নতম ৬৫ বছৰ বয়সৰ সীমাবদ্ধতাও আঁতৰাইছে (Rules of organ donation)। সেয়ে তেওঁ দেশবাসীক অংগ দানৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায় । তেওঁৰ মতে আপোনাৰ এটা সিদ্ধান্তই বহুলোকৰ জীৱন ৰক্ষা কৰিব পাৰে, বহুলোকৰ জীৱন গঢ়ি তুলিব পাৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰতে যি গতিত সৌৰ শক্তিৰ দিশত আগবাঢ়িছে সেয়া নিজেই এক সাফল্য । সমগ্ৰ বিশ্বতে নৱীকৰণযোগ্য শক্তিৰ বিষয়ে আলোচনা হৈছে । যেতিয়া তেওঁ দেশৰ বাহিৰৰ লোকসকলক সাক্ষাৎ কৰে তেওঁলোকে সদায় এই ক্ষেত্ৰত ভাৰতৰ অবিশ্বাস্য সফলতাৰ বিষয়ে কয় । মহাৰাষ্ট্ৰৰ পুনেত এনে এক উৎকৃষ্ট প্ৰচেষ্টাই প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে (PM Modi on solar energy)। ডিউ ভাৰতৰ প্ৰথমখন জিলা হৈ পৰিছে, যিয়ে সকলো প্ৰয়োজনীয়তাৰ বাবে ১০০ শতাংশ সৌৰ শক্তি ব্যৱহাৰ কৰি আছে ।

তেওঁ কয় যে জনসাধাৰণৰ 'সবকা প্ৰয়াস'য়ে ভাৰতক সৌৰ শক্তিৰ দিশত আগুৱাই নিছে । সূৰ্যৰ পোহৰৰ সৈতে ভাৰতৰ মানুহৰ এক বিশেষ সম্পৰ্ক আছে । সূৰ্যৰ সৈতে আমাৰ যি বৈজ্ঞানিক স্বভাৱ আৰু সাংস্কৃতিক ভক্তি আছে সেয়া আন ঠাইত খুব কমহে লক্ষ্য কৰা হয় বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে দেশৰ প্ৰতিগৰাকী নাগৰিকে সৌৰ শক্তিৰ লাভালাভ বুজি পাইছে আৰু সেউজ শক্তিৰ ক্ষেত্ৰতো অৰিহণা যোগাই আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে তামিলনাডু আৰু কাশীৰ মাজত প্ৰাচীন সম্পৰ্ক উদযাপন কৰিবলৈ কাশী তামিল সঙ্গমাম পালন কৰা হৈছে । সৌৰাষ্ট্ৰ তামিল সঙ্গম এপ্ৰিলত অনুষ্ঠিত হ'ব (Saurashtra Tamil Sangamam) আৰু ই সৌৰাষ্ট্ৰ আৰু তামিলসকলৰ মাজত হাজাৰ হাজাৰ বছৰ পুৰণি সম্পৰ্ক পুনৰুজ্জীৱিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকী আশাবাদী ।

লগতে পঢ়ক :Rahul Gandhi Twitter bio : ৰাহুল গান্ধীয়ে সলনি কৰিলে টুইটাৰত নিজৰ পৰিচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.