ETV Bharat / bharat

Bidhuri remarks row : বিএছপিৰ সাংসদক দুৰ্ব্যৱহাৰ, বিজেপি সাংসদক নিলম্বনৰ দাবী বিৰোধীৰ - INDIA slams BJP MP Ramesh Bidhuri

লোকসভাত বিএছপিৰ সাংসদ দানিশ আলীক বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে দুৰ্ব্যৱহাৰ কৰাক লৈ ৰাজনৈতিক মহল উত্তাল হৈ আছে । আলীৰ পক্ষত থিয় দিছে বিৰোধী মিত্ৰজোঁট অংশীদাৰসকল । শীঘ্ৰে বিধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সাংসদ পদ ত্যাগ কৰাৰো হুংকাৰ দিছে দানিশ আলীয়ে ।

Bidhuri remarks row
বিজেপি সাংসদক নিলম্বনৰ দাবী বিৰোধীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:32 PM IST

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : বিএছপিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে লোকসভাত বিজেপি সাংসদ ৰমেশ বিধুৰীৰ অপমানজনক মন্তব্যই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিৰোধী মিত্ৰজোঁটৰ মাজত তীব্ৰ ক্ষোভৰো সৃষ্টি হৈছে । যদি বিধুৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয় তেনেহ'লে বিএছপিৰ সাংসদ দানিশ আলীয়ে সদনৰ সদস্যপদ ত্যাগ কৰাৰ কথা বিবেচনা কৰিব । আনহাতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কঠোৰ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰিছে ।

বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ দলবোৰেও আলীৰ সমৰ্থনত থিয় দিছে । এয়া এক ঘৃণামূলক ভাষণ বুলি অভিযোগ কৰি বিষয়টো সদনৰ বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে । ইফালে বিজেপিয়েও বিধুৰীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । বৃহস্পতিবাৰে চন্দ্ৰযান মিছনৰ সফলতা সন্দৰ্ভত এক আলোচনাৰ সময়ত বিধুৰীক লোকসভাৰ পৰা নিলম্বন কৰাৰ বাবে কেইবাটাও বিৰোধী দলে আহ্বান জনোৱাৰ মাজতে অধ্যক্ষ বিৰলাই মন্তব্যটো গুৰুত্ব সহকাৰে লয় আৰু ভৱিষ্যতে এনে আচৰণৰ পুনৰাবৃত্তি হ'লে দক্ষিণ দিল্লীৰ লোকসভা সদস্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰো সতৰ্কবাণী দিয়ে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে বিএছপিৰ সাংসদগৰাকীক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে একাত্মতা প্ৰকাশ কৰে । পাছত এক এক্সৰ জৰিয়তে গান্ধীয়ে আলীৰ সৈতে ফটো পোষ্ট কৰি কয় যে ঘৃণাৰ বজাৰত প্ৰেম বিক্ৰীৰ দোকান ।

লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী, টিএমচিৰ অপৰূপা পোদ্দাৰ, ডিএমকেৰ কানিমোঝি আৰু এনচিপি নেতা সুপ্ৰিয়া চুলেয়ে ওম বিৰলালৈ চিঠি লিখি বিষয়টো বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় । অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পাৰ্টীয়েও বিধুৰীৰ লোকসভা সদস্যপদ বাতিল কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰিবলৈ দাবী জনায় ।

এছপিৰ সাংসদ ৰাম গোপাল যাদৱে কয় যে বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে সদনত আমৰোহাৰ সাংসদ দানিশ আলীক যি অশালীন ব্যৱহাৰ কৰিছে সেইটোৱে লোকসভাৰ ভাবমূৰ্তি কলুষিত কৰিছে । সমাজবাদী পাৰ্টীয়ে বিজেপি সাংসদজনক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰাৰো দাবী জনাইছে ।

ইফালে বিএছপিৰ সাংসদ আলীয়ে আশা প্ৰকাশ কৰি কয় যে অধ্যক্ষই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব । যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে গভীৰ উদ্বেগেৰে সদনৰ সদস্য পদ ত্যাগ কৰিব । কাৰণ জনসাধাৰণে তেওঁক ঘৃণামূলক ভাষণ শুনিবলৈ সংসদলৈ পঠোৱা নাই । বিএছপিৰ মুৰব্বী মায়াৱতীয়েও বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে । বিজেপিয়ে তেওঁলোকৰ সাংসদৰ বিৰুদ্ধে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক :Land for Job scam: ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত লালু-তেজস্বীসহ 17 অভিযুক্তলৈ আদালতৰ চমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.