ETV Bharat / bharat

Opposition Parties Meeting: মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত বৈঠকত মিলিত হ’ব বিৰোধী দলসমূহ

author img

By

Published : Mar 13, 2023, 10:13 AM IST

বহুকেইটা বিৰোধী দলৰ নেতৃত্বই সোমবাৰে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ(Mallikarjun Kharge President INC) কাৰ্যালয়ত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ পূৰ্বে তেওঁলোকৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ বৈঠকত মিলিত হ'ব ।

pposition Parties Meeting
বৈঠকত মিলিত হ’ব বিৰোধী দলসমূহ

নিউজ ডেস্ক, 13 মাৰ্চ: বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়ৰ বাবে নিজৰ ৰণ কৌশল সুদৃঢ় কৰিবলৈ সোমবাৰে পুৱা বিৰোধী নেতাসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হ'ব (Opposition Parties Meet) ৷ তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ(Misuse of Probe Agencies) আৰু আদানী বিতৰ্কৰ দৰে বিষয়ত চৰকাৰক শ'লঠেকত পেলাবলৈ সাজু হ’ব বিৰোধী ৷ পুৱা প্ৰায় ১০ বজাত সংসদ কমপ্লেক্সত থকা ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত বিৰোধী দলৰ নেতাসকলে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ।

কংগ্ৰেছৰ সাংসদসকলে বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ সংসদীয় দলৰ কাৰ্যালয়ত একত্ৰিত হৈ দলৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও লণ্ডনত(United Kingdom) ৰাহুল গান্ধীয়ে কৰা মন্তব্যক(Rahul Gandhi Speech In London) লৈ বিজেপিৰ সৈতে দ্বৈত যুদ্ধৰ বাবে সাজু হৈছে, যাৰ ওপৰত গেৰুৱা দলৰ নেতাসকলে এআইচিচিৰ প্ৰাক্তন মুৰব্বীজনক অবিৰতভাৱে আক্ৰমণ কৰি আহিছে ।

বিৰোধী দলবোৰে তেওঁলোকৰ নেতাসকলক লক্ষ্য কৰি তদন্ত সংস্থাসমূহৰ অপব্যৱহাৰ, আদানি গোটৰ বিৰুদ্ধে অভিযোগ(Adani Controversy), চীনৰ সৈতে সীমান্তত সংঘাত, মূল্যবৃদ্ধি আৰু নিবনুৱাৰ দৰে বিষয়ত চৰকাৰক শ'লঠেকত পেলাবলৈ প্ৰস্তুতি চলাইছে । কংগ্ৰেছে আদানি গোটৰ সৈতে সম্পৰ্কিত অভিযোগৰ যুটীয়া সংসদীয় সমিতিৰ (Joint Parliamentary Committee) তদন্তৰ দাবী অব্যাহত ৰাখিছে । কংগ্ৰেছৰ সাংসদ কে সুৰেশে কয় যে তেওঁৰ দলে আদানি-হিণ্ডেনবাৰ্গ(adani hindenburg report) বিষয়টো উত্থাপন কৰি থাকিব, কিয়নো চৰকাৰে এতিয়াও এই বিতৰ্ক তথা অভিযোগৰ ওপৰত উত্তৰ দিয়া নাই ।

অৱশ্যে, RJD ৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালে নিযুক্তি কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় সংস্থাসমূহৰ ৰোষত পৰাৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সমাজবাদী পাৰ্টি, বাওঁপন্থী দল আৰু ডিএমকেৰ দৰে দলসমূহেও ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ আৰু প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে ।

তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ লগতে নিযুক্তি কেলেংকাৰী(Land for Jobs Scam Bihar) সন্দৰ্ভত আৰজেডিৰ(Rashtriya Janata Dal RJD) মুৰব্বী লালু প্ৰসাদ যাদৱ(Lalu Prasad Yadav RJD) আৰু তেওঁৰ পৰিয়ালে কেন্দ্ৰীয় সংস্থাসমূহৰ জেৰাৰ সন্মুখীন হোৱা বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সমাজবাদী পাৰ্টি, বাওঁপন্থী দল আৰু ডিএমকেৰ দৰে দলসমূহেও ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ আৰু প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লোকসভাত কংগ্ৰেছৰ হুইপ মণিকাম ঠাকুৰে দৃঢ়তাৰে কৈছে যে কংগ্ৰেছে সংস্থাসমূহৰ "অপব্যৱহাৰ"ৰ বিষয়টো দৃঢ়ভাৱে উত্থাপন কৰিব । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে, বিৰোধী নেতাসকলৰ বিৰুদ্ধে তদন্ত সংস্থাৰ অপব্যৱহাৰ কৰি "গণতন্ত্ৰক হত্যা কৰাৰ অশুভ প্ৰয়াস" কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁ লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ চৌহদত ইডিৰ তালাচীক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে।

যোৱা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন ৬ এপ্ৰিলত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে । সংসদৰ বৈঠক এমাহজোৰা অৱকাশৰ অন্তত মিলিত হৈছে, য’ত বিভিন্ন সংসদীয় পেনেলে কেন্দ্ৰীয় বাজেটত বিভিন্ন মন্ত্ৰালয়ৰ বাবে কৰা আবণ্টনসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিব পাৰে।

তৃণমূল কংগ্ৰেছৰ(TMC) ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰিয়েনে(Derek OBrien Member of Rajya Sabha) শেহতীয়াকৈ কৈছে যে, তৃণমূল কংগ্ৰেছে অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত এলআইচি আৰু এছবিআইৰ বিপদাশংকা উন্মোচন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, নিবনুৱা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ "অপব্যৱহাৰ"ৰ দৰে বিষয়বোৰ সংসদত উত্থাপন কৰিবলৈ সাজু হৈছে ৷ তেওঁ লগতে কয় যে. LICৰ বিপদাশংকা আৰু মূল্যবৃদ্ধিয়ে সাধাৰণ লোকসকলৰ জীৱন আৰু সঞ্চয়ক প্ৰভাৱিত কৰে আৰু ইয়াক আলোকপাত কৰা উচিত।

টিএমচিয়ে সংসদত অ-বিজেপি শাসিত ৰাজ্যসমূহৰ বিৰুদ্ধে "ৰাজনৈতিক প্ৰতিহিংসা"ৰ বিষয়টো উত্থাপন কৰিব আৰু লগতে কেন্দ্ৰীয় চৰকাৰক "MGNREGAৰ দৰে আঁচনিৰ বাবে পুঁজি ৰখা" সন্দৰ্ভত প্ৰশ্ন কৰিব, অ'ব্ৰিয়েনে কয়। এলআইচি আৰু এছবিআইৰ আদানি গোটৰ সংস্পৰ্শৰ বিষয়টো সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিভিন্ন বিৰোধী দলে উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: Delhi liquor policy case: 16 মাৰ্চত পুনৰ কবিতাক ED য়ে চমন জাৰি কৰিছে চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.