ETV Bharat / bharat

Parliament monsoon session 2023 : প্ৰধানমন্ত্ৰীয়ে বিবৃতি দিবই লাগিব, নিজৰ স্থিতিত অটল বিৰোধী

author img

By

Published : Jul 24, 2023, 11:02 AM IST

বিৰোধীৰ মতে যিকোনো প্ৰকাৰে দুয়োখন সদনতে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ আলোচনা হ'ব লাগে । প্ৰধানমন্ত্ৰীয়ে এক বিস্তৃত বিবৃতি দিব লাগে । ইতিমধ্যে বিৰোধীয়ে ৰাজ্যসভাত ব্যৱসায়িক জাননী স্থগিত ৰখাৰ দাবী জনাইছে । লোকসভা স্থগিত ৰখাৰো প্ৰস্তাৱৰ জাননী প্ৰদান কৰিছে ।

Parliament monsoon session 2023
নিজৰ স্থিতিত অটল বিৰোধী

নেশ্যনেল ডেস্ক, ২৪ জুলাই : ১১ বজাৰ লগে লগে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰম আৰম্ভ হ'ব । কিন্তু তাৰ পূৰ্বে সংসদত মণিপুৰৰ বিষয়ত আলোচনাৰ বাবে দৃঢ়তাৰে যুঁজ দিছে বিৰোধীয়ে । দুয়োখন সদনতে বিষয়টোৰ আলোচনা লগতে চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী তুলিছে বিৰোধীয়ে ।

তাৰ অংশস্বৰূপে সংসদৰ কাৰ্যকলাপ আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যসভাত, আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে নিয়ম ২৬৭ ৰ অধীনত ৰাজ্যসভাত ব্যৱসায়িক জাননী স্থগিত ৰখাৰ দাবী জনাইছে আৰু মণিপুৰৰ অৱনতি হোৱা পৰিস্থিতিৰ ওপৰত আলোচনাৰ দাবী জনাইছে । চিপিআইৰ সাংসদ বিনয় ভিস্বম আৰু আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাইও মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ সদনত নিয়ম ২৬৭ ৰ অধীনত ব্যৱসায়িক জাননী স্থগিত ৰখাৰ বাবে একে ধৰণৰ জাননী প্ৰদান কৰিছে ।

একেদৰে লোকসভাত, কংগ্ৰেছ সাংসদ মণিকাম ঠাকুৰে মণিপুৰৰ পৰিস্থিতি আলোচনা কৰাৰ দাবীত স্থগিত প্ৰস্তাৱৰ জাননী প্ৰদান কৰিছে । তেওঁৰ দলৰ সহযোগী সাংসদ মনীষ তিৱাৰীয়েও তেওঁক সহযোগ কৰিছে । তিৱাৰীয়ে মণিপুৰত সংঘটিত জাতিগত সংঘৰ্ষ সম্পৰ্কে আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱৰ জাননী দিছে ।

উল্লেখ্য যে, মণিপুৰৰ পৰিস্থিতিক লৈ বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ এক বিস্তৃত বিবৃতিৰ দাবীত যোৱা দুটা দিনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বিৰোধীয়ে । বিৰোধীৰ প্ৰতিবাদৰ বাবে দুয়োখন সদনৰে দ্বিতীয় দিনাৰ কাৰ্যক্ৰম স্থগিত ৰাখিবলগীয়া হয় । যিদৰে বিৰোধী নিজৰ স্থিতিত অটল, একেদৰে শাসকীয় পক্ষইও অভিযোগ কৰিছে যে, মণিপুৰৰ বিষয়ক লৈ বিৰোধীয়ে সদনৰ কাৰ্যক্ৰমত বাধাৰ চেষ্টা কৰিছে ।

আনহাতে চৰকাৰে স্পষ্ট কৰি দিছে যে, তেওঁলোকে সদনত মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে আলোচনাৰ বাবে সাজু হৈ আছে । উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ঘোষণা কৰিছে যে, মণিপুৰৰ ঘটনাই সমগ্ৰ দেশকে লজ্জানত কৰিছে । অৱশ্যে প্ৰায় ৭৯ দিনৰ অন্তত তেওঁ বিষয়টোক লৈ মুখ খোলাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :Parliament monsoon session 2023: অধিৱেশনৰ তৃতীয় দিনাও মণিপুৰৰ বিষয়কলৈ সংসদত হুলস্থূল হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.