ETV Bharat / bharat

ত্ৰিপুৰাৰ বিধানসভা অধিৱেশনত হুলস্থূলীয়া পৰিৱেশ : বিৰোধীৰ সদন ত্যাগ - সদন ত্যাগ

ত্ৰিপুৰাৰ বিধানসভা অধিৱেশনত বিৰোধীৰ প্ৰতিবাদ । চিপিআই(এম)ৰ বিধায়ক সুধন দাসৰ সদন স্থগিত ৰখাৰ প্ৰস্তাৱ নাকচ অধ্যক্ষই কৰাৰ পাছতে বিৰোধীয়ে সদন ত্যাগ কৰে । ৰাজ্যখনত অশান্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক সুধন দাসে সদন স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল । কিন্তু নৱ নিৰ্বাচিত অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে এই প্ৰস্তাৱ নাকচ কৰে ।

Tripura Assembly
ত্ৰিপুৰা বিধানসভা অধিৱেশনত বিৰোধীৰ প্ৰতিবাদ
author img

By

Published : Sep 25, 2021, 11:07 AM IST

নেশ্যনেল ডেস্ক, ২৫ ছেপ্টেম্বৰ : শুকুৰবাৰে ত্ৰিপুৰা বিধানসভা অধিৱেশনত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বিৰোধীয়ে । ৰাজ্যখনত আইন-শৃংখলা বিঘ্নিত হোৱাৰ কাৰণ দৰ্শাই চিপিআই(এম)ৰ বিধায়ক সুধন দাসে সদন স্থগিত ৰখাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল । কিন্তু ত্ৰিপুৰা বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে এই প্ৰস্তাৱ নাকচ কৰে ৷

ইয়াৰ পাছতে বিৰোধী বিধায়কসকলে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু সদন ত্যাগ কৰে । অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে চিপিআইএমৰ বিধায়কগৰাকীৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু বিধায়কজনে বাৰে বাৰে একে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ জোৰ দি আছিল আৰু লিখিত বিবৃতি উচ্চ স্বৰত পঢ়িবলৈ আৰম্ভ কৰিছিল ।

Tripura Assembly
ত্ৰিপুৰা বিধানসভা অধিৱেশনত বিৰোধীৰ প্ৰতিবাদ

কিন্তু অধ্যক্ষই আন বিধায়কসকলক বক্তব্য আগবঢ়োৱাৰ অনুমতি দিছিল, কাৰণ প্ৰশ্নোত্তৰ শিতান সমাপ্ত কৰাৰ সময় হৈছিল । তেনে সময়তে সুধন দাস আৰু চিপিআইএমৰ আন বিধায়কসকলে একেলগ হৈ সদনৰ মাজমজিয়ালৈ আহে আৰু বিভিন্ন শ্ল'গান দিবলৈ ধৰে । কিছু সময়ৰ পিছত বাওঁপন্থী বিধায়কসকলে সদন ত্যাগ কৰে । পিছতো বাওঁপন্থী বিধায়কসকলৰ এজন বিধায়কেও পুনৰ সভাত অংশ লোৱা নাছিল ।

অধ্যক্ষগৰাকীয়ে সুধন দাসক কৈছিল যে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিয়মীয়া প্ৰশ্নকালৰ পিছত ৰাজ্যখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত এক বিবৃতি প্ৰকাশ কৰিব আৰু সেয়ে, বিধায়কগৰাকীৰ প্ৰস্তাৱ নাকচ কৰা হৈছে । লগতে প্ৰশ্নকাল সম্পূৰ্ণ হোৱাৰ পিছত এই বিষয়টো উত্থাপন কৰিব পাৰিব বুলি অধ্যক্ষই সুধন দাসক কৈছিল ।

আনহাতে, সদন ত্যাগ কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিধায়ক সুধন দাসে কয় যে, অধ্যক্ষৰ সিদ্ধান্তত অসন্তুষ্ট হৈ বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰিছিল । লগতে তেওঁ কয় যে, সোমবাৰেও তেওঁলোকে বিধানসভা অধিৱেশনত উপস্থিত নাথাকে । কিয়নো, সোমবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি ৫টাকৈ বাওঁপন্থী দলে সমৰ্থন আগবঢ়াইছে । বিৰোধী নেতাগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে, ৰাজ্যখনত অনিয়ম সংঘটিত হৈ আছে আৰু বিৰোধী দলৰ নেতাসকলক শাসকীয় দলসমৰ্থিত গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে ।

তেওঁলোকে বিধানসভা অধিৱেনত উপস্থিত নাথাকে বুলিও স্পষ্ট কৰি দিয়ে বিধায়ক সুধন দাসে । আনহাতে, মাণিক সৰকাৰে কয় যে, বিজেপি-আইপিএফটি চৰকাৰ শাসনলৈ অহাৰ পিছত প্ৰায় ২২ জন লোকক হত্যা কৰা হৈছে । ত্ৰিপুৰা চৰকাৰে ৰাজ্যত এতিয়া কোনো ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হোৱা নাই দাবী কৰাক লৈও বিৰোধী নেতাজনে সমালোচনা কৰে । নিৰ্বাচনৰ পিছত এনে হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ বিৱৰণ তেওঁৰ ওচৰত আছে বুলিও সৰকাৰে মন্তব্য কৰে ।

ইফালে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বিৰোধীৰ এই অভিযোগক হঠাতে অস্বীকাৰ কৰে । "ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (National Crime Record Bureau)ৰ তথ্য অনুসৰি, ৰাজ্যখনত যোৱা তিনি বছৰত প্ৰায় ১৬,৭১৯ টা এনে হিংসাত্মক ঘটনা সংঘটিত হৈছে । ২০১৯ চনত এনে ঘটনাৰ সংখ্যা আছিল ৬০৭৮ টা, কিন্তু ২০২০ চনত এই ঘটনাৰ সংখ্যা ৪৬৫৩ টালৈ হ্ৰাস পাইছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত মহিলাৰ বিৰুদ্ধেও অপৰাধজনিত ঘটনা হ্ৰাস পাইছে । ২০১৯ চনত এনে ঘটনাৰ সংখ্যা ১০৭০ টা আছিল যদিও ২০২০ চনত ৮৭৪ টালৈ হ্ৰাস পায় । সমান্তৰালকৈ হত্যাকাণ্ড তুলনামূলকভাৱে হ্ৰাস পাইছে । ২০১৯ বৰ্ষত ১৪৪ টা হত্যাৰ ঘটনা সংঘটিত হৈছিল যদিও ২০২০ চনত ১১৪ টা হত্যাকাণ্ড সংঘটিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: দশক যোৰা শত্ৰুধৰ্ম পালন কৰি একালৰ বন্ধুৱে আদালততে হত্যা কৰিলে বন্ধুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.