নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: শনিবাৰৰ পৰা দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটী (CWC)ৰ বৈঠক ৷ আজিৰ অৰ্থাৎ বৈঠকৰ প্ৰথম দিনা কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সকলো গণতান্ত্ৰিক শক্তিক সংবিধানৰ ওপৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘আক্ৰমণ’ক গৰিহণা দিবলৈ আৰু প্ৰতিৰোধ ল’বলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷
-
LIVE: Congress Working Committee briefing in Hyderabad, Telangana. https://t.co/WVAmBWyLOM
— Congress (@INCIndia) September 16, 2023 " class="align-text-top noRightClick twitterSection" data="
">LIVE: Congress Working Committee briefing in Hyderabad, Telangana. https://t.co/WVAmBWyLOM
— Congress (@INCIndia) September 16, 2023LIVE: Congress Working Committee briefing in Hyderabad, Telangana. https://t.co/WVAmBWyLOM
— Congress (@INCIndia) September 16, 2023
হায়দৰাবাদৰ এখন পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক ৷ বৈঠক কংগ্ৰেছৰ সভাপকি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, ছোনিয়া গান্ধী, পি চিদাম্বৰম, জয়ৰাম ৰমেশ, অম্বিকা চোনি, এ কে এণ্টনীকে ধৰি বহুতো জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷
CWCৰ প্ৰস্তাৱ অনুসৰি, কেন্দ্ৰৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰে সহযোগিতামূলক ফেডাৰেলিজমৰ নীতি আৰু প্ৰথাসমূহ ব্যৱহাৰিকভাৱে ধ্বংস কৰিছে ৷ বিৰোধী শক্তিৰ সন্মিলিত মঞ্চ I.N.D.I.A ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক বিপথে পৰিচালিত কৰিছে ৷
প্ৰস্তাৱত কোৱা হয় যে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে এনে এখন ৰাষ্ট্ৰ পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে য’ত জাতি বা ধৰ্ম নিৰ্বিশেষে প্ৰতিজন ভাৰতীয়, ধনী বা দৰিদ্ৰ, যুৱ বা বৃদ্ধ, গৌৰৱান্বিত হ'ব পাৰে । CWCৰ প্ৰস্তাৱত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) বাবে সংৰক্ষণৰ এক বিদ্যমান উচ্চ সীমা বৃদ্ধি কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সদৰী কৰা অনুসৰি CWCয়ে মণিপুৰত সংঘটিত হিংসা, কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চান্দিৰ মৃত্যু আৰু হিমাচল প্ৰদেশত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰা বানপানী সন্দৰ্ভতো তিনিটা প্ৰস্তাৱ গৃহীত কৰিছে ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কয় যে কংগ্ৰেছে ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ধাৰণাটো প্ৰত্যাখ্যান কৰিছে আৰু 18 ছেপ্টেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশেষ অধিৱেশনৰ সময়ত সংসদত ইয়াৰ বিৰোধিতা কৰা হ’ব ৷
CWCয়ে প্ৰস্তাৱটোত দেশখনক বিভাজনমূলক ৰাজনীতিৰ পৰা মুক্ত কৰিবলৈ দলটোৰ সংকল্পৰ কথাও দোহাৰে । লগতে সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ দাবী জনায় ৷
CWCৰ প্ৰস্তাৱত লগতে কোৱা হয় যে, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তি বিধেয়কে, মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ (ECI) স্বাধীনতাৰ সৈতে গুৰুতৰভাৱে আপোচ কৰিব ৷
লগতে পঢ়ক: CWC Meeting: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ খাৰ্গে; চৰকাৰে বিৰোধীৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ