ETV Bharat / bharat

Logo of opposition INDIA : মুম্বাই বৈঠকত মুকলি হোৱাৰ সম্ভাৱনা বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ৰ ল’গ’ - former Congress president Sonia Gandhi

31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য I.N.D.I.A. মিত্ৰজোঁটৰ বৈঠক ৷ এই বৈঠকতে মিত্ৰজোঁটৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা ৷ বৈঠকত উপস্থিত থাকিব প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীকে ধৰি বিৰোধী জোঁটৰ বহু নেতা ৷

INDIA alliance upcoming Mumbai meeting
মুম্বাই বৈঠকত মুকলি হোৱাৰ সম্ভাৱনা বিৰোধী মিত্ৰজোঁটৰ ল’গ’
author img

By

Published : Aug 21, 2023, 7:15 AM IST

নেশ্যনেল ডেস্ক, 21 আগষ্ট: শীঘ্ৰেই মুকলি হ’ব বিৰোধী ঐক্যৰ ল’গ’ ৷ 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত বিৰোধীৰ বৈঠকৰ সময়ত বিৰোধী দল I.N.D.I.A.ৰ মিত্ৰতাৰ ল’গ’ উন্মোচন হোৱাৰ সম্ভাৱনা আছে বুলি দেওবাৰে এক সূত্ৰই প্ৰকাশ কৰে । দেশৰ বিত্তীয় ৰাজধানীত I.N.D.I.A. মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত 26 টাতকৈও অধিক ৰাজনৈতিক দলৰ প্ৰায় 80 জন নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে ।

আগন্তুক দুদিনীয়া বৈঠকত আৰু কেইটামান দলে মিত্ৰতাত যোগদান কৰিবলৈ সাজু হৈছে বুলিও সূত্ৰসমূহে জনায় । তেওঁলোকৰ মতে দিনজোৰা আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে 1 ছেপ্টেম্বৰত I.N.D.I.A. দলৰ ল’গ’ উন্মোচন কৰা হ’ব পাৰে । উল্লেখ্য যে, 2024 চনৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি শাসকীয় দলটোৰ বিৰুদ্ধে একগোট হৈ মুঠ 26 টাকৈ বিৰোধী দলে গঠন কৰিছে এই I.N.D.I.A. বিৰোধী মিত্ৰজোঁট ।

I.N.D.I.A. ৰ প্ৰথমখন বৈঠক জুন মাহত পাটনাত আৰু বিগত মাহত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল । 5 খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি I.N.D.I.A. নেতাসকলৰ লগতে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে 31 আগষ্টৰ সন্ধিয়া 6 বজাৰ পূৰ্বে মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে অহা 31 আগষ্টত মুম্বাইৰ গ্ৰেণ্ড হায়াট হোটেলত বিৰোধী মিত্ৰজোঁটৰ সৈতে উপস্থিত থাকিব । পিছদিনা একেটা স্থানতে বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পিছত সংবাদমেল অনুষ্ঠিত হ’ব বুলি সূত্ৰটোৱে জনায় । দুপৰীয়াৰ আহাৰ গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ দলৰ ৰাজ্যিক আৰু মুম্বাইৰ কৰ্মকৰ্তাসকল উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে । সূত্ৰ অনুসৰি, 1 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী মধ্য মুম্বাইৰ ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তিলক ভৱনলৈ যাব পাৰে ।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নছিম খানে কয় যে মহা বিকাশ আঘাদীৰ শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে, অশোক চাভানকে ধৰি সকলো নেতাই বৈঠকখন সফল কৰি তুলিবৰ বাবে পৰিকল্পনা যুগুত কৰিছে । হোটেলখনত উপস্থিত হোৱাৰ লগে লগে দৰ্শনাৰ্থীসকলক পৰম্পৰাগতভাৱে আদৰণি জনোৱা হ’ব । প্ৰস্তুতিৰ অংশ হিচাপে সকলো নেতাই নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰি আহিছে ।

দেওবাৰে অনুষ্ঠিত হোৱা বৈঠকত শিৱসেনাৰ নেতা আদিত্য থাকৰে আৰু সঞ্জয় ৰাউত, কংগ্ৰেছ নেতা বছৰা গাইকৱাদ, মিলিন্দ দেওৰা আৰু নসীম খান, জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা নৰেন্দ্ৰ ভাৰ্মাকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Rahul Gandhi bike ride : চীনা সৈন্যৰ অনুপ্ৰৱেশ সন্দৰ্ভত মোদীৰ দাবীক মিথ্যা আখ্যা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.