ETV Bharat / bharat

ত্ৰিপুৰা চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা চিপিআইএমৰ

author img

By

Published : Jan 28, 2022, 2:18 PM IST

ত্ৰিপুৰাৰ বিজেপি চৰকাৰক পুনৰ সমালোচনা কৰিলে বিৰোধী চিপিআই(এম) দলে । ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে ত্ৰিপুৰা চৰকাৰক নিয়ন্ত্ৰণহীন বুলি দাবী কৰিলে (CPIM calls Tripura government rudderless)। ক'ভিড পৰিস্থিতি আৰু আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰ ।

CPIM
ত্ৰিপুৰা চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা বিৰোধী চিপিআইএমৰ

আগৰতলা,২৮ জানুৱাৰী : ত্ৰিপুৰাৰ বৰ্তমানৰ বিজেপি চৰকাৰক পুনৰ সমালোচনা চিপিআই(এম)ৰ । বৰ্তমানৰ চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা বিৰোধী দল চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰীৰ (CPIM calls Tripura government rudderless)। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰে বাওঁপন্থী নেতাগৰাকীয়ে । তেওঁৰ মতে ২০১৮ চনত গঠন হোৱাৰ চৰকাৰখনৰ কোনো দিশ নাছিল আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে চৰকাৰ লক্ষ্যৰ পৰাও বিচলিত হৈছে ।

নেতাগৰাকীৰ অভিযোগ ৰাজ্যখনত কোনো উন্নয়নমূলক কাম হোৱা নাই (Developments in Tripura during BJP rules)। ক'ভিডৰ বৰ্তমান পৰিস্থিতিৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে মহামাৰীৰ সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে লগতে ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । যাৰ বাবে সমগ্ৰ বিষয়টোত গুৰুত্ব প্ৰদানৰ বাবে চিপিআই(এম) দলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল ।

বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰি চিপিআই(এম) দলে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । কিন্তু তেওঁৰ অভিযোগ আজিলৈ বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । তথাপিও তেওঁ আশাবাদী যে চৰকাৰখনে এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব ।

শাসনলৈ অহাৰ পূৰ্বে ভিজন দস্তাবেজৰ জৰিয়তে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল বুলিও চৰকাৰক সমালোচনা কৰে নেতাগৰাকীয়ে । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত জিতেন্দ্ৰ চৌধুৰীয়ে কয় যে যোৱা ৪০ দিনত ২৩ টা হত্যাকাণ্ড, ৪৭ টা আত্মহত্যা, ৫ টা ধৰ্ষণ, ১১ টা নিৰ্যাতনৰ ঘটনা, ৩২ টা ৰহস্যজনক মৃত্যু আৰু বহুতো চুৰিৰ ঘটনাসহ ৰাজ্যখনত ৪ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে ।

ইফালে বাওপন্থী নেতাগৰাকীয়ে উল্লেখ কৰা মতে চিপিআই(এম) দলে ৫১ দিনৰ অন্তত ৰাজ্যিক সমিতিৰ বৈঠক অনুষ্ঠিত কৰিছে । ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত বৈঠকখনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :RRB-NTPC exam controversy: ২৮ জানুৱাৰীত বিহাৰ বন্ধৰ আহ্বান ছাত্ৰ সংগঠনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.