ETV Bharat / bharat

Bengaluru Meet : বিৰোধী মিত্ৰজোঁটৰ নতুন নামক লৈ চৰ্চা তুংগত - Opposition coalition likely to called INDIA

এনে নাম বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ লোকসভাৰ সাংসদ মণিকাম ঠাকুৰে টুইটাৰত কয়, "ভাৰত জিকিব । চক দে ভাৰত ।" বৈঠক চলি থকাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনেও টুইট কৰে ।

Bengaluru Meet
Bengaluru Meet
author img

By

Published : Jul 18, 2023, 5:33 PM IST

নিউজ ডেস্ক, ১৮ জুলাই : বৰ্তমান বেংগালুৰুত চলি আছে বিৰোধী ঐক্যৰ দ্বিতীয়লানি আলোচনাৰ বৈঠক । এই বৈঠকত বহুকেইটা বিষয়ত বিৰোধীয়ে ঐকমত্যত উপনীত হোৱাৰ সম্ভাৱনা আছে । তাৰে ভিতৰত এটা হৈছে বিৰোধী মিত্ৰজোঁটৰ নতুন নাম । শেহতীয়া সূত্ৰ মতে, বিৰোধী মিত্ৰজোঁটৰ নাম INDIA (Indian National Democratic Inclusive Alliance) হোৱাৰ সম্ভাৱনা আছে । বেছিভাগ নেতাই এই সন্দৰ্ভত একমত যদিও অৱশ্যে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই ।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ সৈতে মোকাবিলা কৰাৰ বাবে ঐক্যবদ্ধ ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ ২৬ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে বেংগালুৰুত বৈঠকত মিলিত হৈছে । আনহাতে, এনে এটা নাম বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ লোকসভাৰ সাংসদ মণিকাম ঠাকুৰে টুইটাৰত কয়, "ভাৰত জিকিব ।" "চক দে ভাৰত!" ইফালে বৈঠক চলি থকাৰ সময়ত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনেও এটা টুইট কৰে ।

কংগ্ৰেছৰ উপস্থিতিত সোমবাৰৰ পৰা বেংগালুৰুৰ এখন ব্যক্তিগত হোটেলত বিৰোধী মিত্ৰজোঁটৰ দ্বিতীয়খন বৈঠক চলি আছে । বৈঠকখনত কমেও ২৬ টা দলৰ ৪৬ জনতকৈও অধিক নেতাই অংশগ্ৰহণ কৰিছে । বৈঠকত মহাজোঁটৰ বাবে চাৰিটা নাম প্ৰস্তাৱ কৰা হয় । এই নামবোৰৰ ভিতৰত আছে প্ৰগ্ৰেছিভ ডেম'ক্ৰেটিক এলায়েন্স (PDA), ইউপিএ 3, নেচনেল প্ৰগ্ৰেছিভ এলায়েন্স (NPA) আৰু ইণ্ডিয়ান নেচনেল ডেম'ক্ৰেটিক ইনক্লুচিভ এলায়েন্স (INDIA) ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, এনচিপি প্ৰধান শৰদ পাৱাৰ, আৰজেডি নেতা তেজস্বী যাদৱ, এনচি পৃষ্ঠপোষক ফাৰুক আব্দুল্লা, এছপিৰ শীৰ্ষ নেতা অখিলেশ যাদৱ, সীতাৰাম য়েচুৰী, ওমৰ আব্দুল্লা, ডি ৰাজা, ভাইকো, উদ্ধৱ থাকৰে, মেহবুবা মুফতী আদি নেতাই বৈঠকত অংশগ্ৰহণ কৰে ।

ছয়টা বিষয়ৰ ওপৰত আলোচনা : বৈঠকত ছয়টা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছে । উমৈহতীয়া ন্যূনতম কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে এখন উপ-সমিতি গঠনৰ ওপৰত এক আলোচনা অনুষ্ঠিত হৈছে । এইটো পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটৰ মাজত এক সেতু হ'ব আৰু মিত্ৰতাৰ বিকাশৰ বিষয়ে ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ কাম কৰিব ।

মিত্ৰজোঁটৰ যুটীয়া কাৰ্যসূচীৰ পৰিকল্পনাৰ বাবে এখন উপ-সমিতি গঠনৰ ওপৰত এক আলোচনা অনুষ্ঠিত হ'ব । এই সমিতিখনে সমগ্ৰ দেশতে বৃহৎ সমদল আয়োজনৰ দায়িত্ব পৰিচালনা কৰিব । সন্মিলনখন ক'ত অনুষ্ঠিত কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কেনেদৰে ৰাজহুৱা আন্দোলন সংগঠিত কৰিব লাগে এই সকলোবোৰ কাৰ্যসূচী সন্মিলনখনে নিৰ্ধাৰণ কৰিব ।

বিৰোধী মিত্ৰজোঁটৰ মাজত আসন ভাগ-বতৰাৰ বিষয়েও গুৰুত্বপূৰ্ণ আলোচনা হ'ব । ৰাজ্যখনত যিটো দলেই শক্তিশালী হয়, সেই দলটোৱে অধিক স্বীকৃতি পোৱা উচিত বুলি মত পোষণ কৰা হৈছে । এই উপলক্ষে নেতাসকলে তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ব্যাখ্যা কৰিব ।

আনহাতে, ইভিএমৰ বিষয়তো বিস্তৃত আলোচনা কৰা হ'ব । আলোচনাৰ পিছত এই সন্দৰ্ভত নিৰ্বাচন আয়োগক কিছু পৰামৰ্শ দিয়া হ'ব । বিৰোধী মিত্ৰজোঁটৰ নাম সন্দৰ্ভত আলোচনাৰ পিছত বৈঠকত সৰ্বসন্মত এটা নামৰ ওপৰত আলোচনা কৰা হ'ব । তাৰ পিছত মিত্ৰজোঁটৰ নেতৃত্ব দিবলৈ এজন সমন্বয়ক নিযুক্ত কৰা হ'ব । সূত্ৰসমূহে জনোৱা মতে, এই ছয়টা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব ।

আনহাতে, বৈঠক সন্দৰ্ভত আবেলি ৪ বজাত এক সংবাদমেলৰ আয়োজন কৰা হ'ব । মিত্ৰজোঁটৰ বিশিষ্ট নেতাসকলে এই সংবাদমেল সম্বোধন কৰিব । তাতেই তেওঁলোকে মিত্ৰজোঁটৰ বৈঠকৰ প্ৰস্তাৱৰ বিষয়ে ঘোষণা কৰিব ।

লগতে পঢ়ক :Oppositions meeting : কংগ্ৰেছ প্ৰধানমন্ত্ৰীৰ পদ বা ক্ষমতাৰ প্ৰতি আগ্ৰহী নহয়; মল্লিকাৰ্জুন খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.