ETV Bharat / bharat

Manipur crisis: INDIA মিত্ৰজোঁটৰ সাংসদ প্ৰতিনিধিয়ে মণিপুৰৰ ৰাজ্যপালক দাখিল কৰিলে স্মাৰক পত্ৰ - VIOLENCE IN MANIPUR

মিত্ৰজোঁটৰ বিৰোধী নেতাৰ ভ্ৰমণকাৰী প্ৰতিনিধি দলে ৰাজ্যপালক প্ৰদান কৰে স্মাৰক পত্ৰ ৷ 4 মে’ৰ পৰা জাতিগত সংঘাতত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যখনত দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উপস্থিত হয় গ্ৰেণ্ড বিৰোধী মিত্ৰজোঁটৰ 21 জনীয়া প্ৰতিনিধি দলটো ।

Oppn delegation in MANIPUR
21 জনীয়া বিৰোধী দলে মণিপুৰৰ ৰাজ্যপালক প্ৰদান কৰে স্মাৰক পত্ৰ
author img

By

Published : Jul 30, 2023, 3:58 PM IST

নেশ্যনেল ডেস্ক, 30 জুলাই : I.N.D.I.A. মিত্ৰজোঁটৰ বিৰোধী নেতাৰ ভ্ৰমণকাৰী প্ৰতিনিধি দলে দেওবাৰে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । ৰাজ্যপাল আৰু ভ্ৰমণকাৰী প্ৰতিনিধি দলটোৱে তেওঁলোকৰ মত বিনিময়ৰ সময়ত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰলৈ বহুদলীয় প্ৰতিনিধি দল পঠিয়াবলৈ পৰামৰ্শ আগবঢ়ায় ।

4 মে’ৰ পৰা জাতিগত সংঘাতত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যখনত দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে উপস্থিত হয় গ্ৰেণ্ড বিৰোধী মিত্ৰজোঁটৰ 21 জনীয়া প্ৰতিনিধি দলটো । ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাচত সংবাদ মাধ্যমক সম্বোধন কৰি ভ্ৰমণকাৰী প্ৰতিনিধি দলৰ অংশ হিচাবে থকা কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "21 গৰাকী সাংসদৰ জলটোৱে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । মণিপুৰৰ পৰিস্থিতিক লৈ আমি তেওঁৰ সৈতে কথা পতাৰ সময়ত ঘটনা সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে দুখ প্ৰকাশ কৰে ৷"

কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে তেওঁলোকে ৰাজ্যপালৰ সৈতে দুদিনীয়া ভ্ৰমণৰ সময়ত তৃণমূল পৰ্যায়ৰ বিভিন্ন পৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হয় বুলি জনায় ৷ শিবিৰবোৰ ভ্ৰমণৰ সময়ত 21 জনীয়া প্ৰতিনিধি দলটোৱে লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতা ৰাজ্যপালৰ সৈতে শ্বেয়াৰ কৰাৰ লগতে দলটোৱে আগবঢ়োৱা পৰামৰ্শৰ সৈতে ৰাজ্যপালে সমৰ্থন আগবঢ়াইছিল বুলি জনায় ।

বিজেপিয়ে অৱশ্যে বিৰোধীৰ মণিপুৰ ভ্ৰমণক “শ্ব’ অফ’ আৰু “ৰাজনৈতিক পৰ্যটন” বুলি অভিহিত কৰে । মণিপুৰ সন্দৰ্ভত সংসদত হোৱা বিতৰ্কৰ পৰা বিৰোধীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতা সুশীল কুমাৰ মোদীয়ে কয়, "যিকোনো ঠাইলৈ যোৱাৰ অধিকাৰ বিৰোধীৰ আছে। কিন্তু, বৰ্তমান সংসদৰ অধিৱেশন চলি আছে আৰু চৰকাৰ আলোচনাৰ বাবে সাজু ।’’

উভয় সদনৰ পৰা 21 জনীয়া বিৰোধী দলত আছে কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, কে সুৰেশ আৰু ফুলো দেৱী নেতম; জেডিইউৰ ৰাজীৱ ৰঞ্জন লালন সিং, তৃণমূল কংগ্ৰেছৰ পৰা সুস্মিতা দেৱ, ডি এম কেৰ পৰা কানিমোজি, চিপিআইৰ সন্দোষ কুমাৰ, চিপিআই(এম)ৰ পৰা এ এ ৰহিম, আৰজেডিৰ মনোজ কুমাৰ ঝা, এছ পিৰ জাভেদ আলী খান, জেএমএমৰ মাহুৱা মাজী, এন চি পিৰ পি পি মহম্মদ ফৈজাল, জে ডি ইউৰ অনীল প্ৰসাদ হেগডে, আই ইউ এম এলৰ ই টি মহম্মদ বছিৰ, আৰ এছ পিৰ এন কে প্ৰেমচন্দ্ৰন, আপৰ সুশীল গুপ্তা, শিৱসেনাৰ অৰবিন্দ সাৱন্ত (ইউ বি টি), ভিচিকেৰ ডি ৰবিকুমাৰ, থিৰু থোল থিৰুমাভালাভানও ভিচিকেৰ, আৰু আৰ এল ডিৰ জয়ন্ত সিং ।

লগতে পঢ়ক : Hostage for tomatoes : বিলাহীৰ বাবে বন্ধকত ৰখা হ’ল নাবালকক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.