ETV Bharat / bharat

One nation One election: কেন্দ্ৰই গঠন কৰিলে 8 জনীয়া সমিতি; আছে অমিত শ্বাহ, গোলাম নবী আজাদ - Ghulam Nabi Azad

এক দেশ এক নিৰ্বাচন নীতি কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা হ’ল এখন 8 জনীয়া সমিতি ৷ এই সমিতিত আছে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা ৷ শীঘ্ৰেই সমিতিক কাম আৰম্ভ কৰাৰ নিৰ্দেশ ৷

One nation One election
One nation One election
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 8:21 PM IST

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰে শনিবাৰে এক অধিসূচনা জাৰি কৰি এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে এখন সমিতি ঘোষণা কৰে ৷ এই সমিতিখনে ভাৰতত একেলগে সংসদীয় আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব নে নহয় সেই সম্পৰ্কে অধ্যয়ন কৰিব ৷

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ গেজেট অধিসূচনা অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত 8 জনীয়া সমিতিখনে সংবিধানৰ সংশোধনীসমূহৰ বাবে ৰাজ্যসমূহৰ দ্বাৰা অনুমোদনৰ প্ৰয়োজন হ’ব নে নহয় পৰীক্ষা কৰিব ৷

গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, প্ৰাক্তন সাংসদ গুলাম নবী আজাদ , লোকসভাৰ প্ৰাক্তন সচিব সুভাষ চি কাশ্যপকে ধৰি বহু কেইজন লোক আছে এই সমিতিত ৷ আনহাতে এই সমিতিত আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল এজন বিশেষ আমন্ত্ৰিত সদস্য ৷ সমিতিৰ আন আন সদস্যসকলৰ ভিতৰত আছে পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে আৰু প্ৰাক্তন মুখ্য সতৰ্কতা আয়ুক্ত সঞ্জয় কোঠাৰী ৷

চৰকাৰী অধিসূচনাত কোৱা হৈছে যে উচ্চ-পৰ্যায়ৰ এই সমিতিখনে তৎক্ষণাৎ কাম কৰা আৰম্ভ কৰিব আৰু অতি সোনকালে পৰামৰ্শ দিব ৷ সমিতিখনে লোকসভা, বিধানসভা, পৌৰসভা আৰু পঞ্চায়তসমূহত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কৰিব আৰু পৰামৰ্শ দিব ৷

অধিসূচনা অনুসৰি সমিতিৰ চৰ্তাৱলীসমূহ এনেধৰণৰ:

  • ভাৰতৰ সংবিধান আৰু অন্যান্য আইনী ব্যৱস্থাৰ অধীনত বিদ্যমান পৰিকাঠামোৰ প্ৰতি লক্ষ্য ৰাখি আৰু সেই উদ্দেশ্যৰ বাবে সংবিধান, জনপ্ৰতিনিধিত্ব আইন, 1950-ত নিৰ্দিষ্ট সংশোধন পৰীক্ষা আৰু পৰামৰ্শ দি, জনসাধাৰণৰ সদন (লোকসভা), ৰাজ্যিক বিধান সভা, পৌৰসভা আৰু পঞ্চায়তসমূহত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কৰক আৰু পৰামৰ্শ দিয়া । জনপ্ৰতিনিধিত্ব আইন, 1951 আৰু ইয়াৰ অধীনত প্ৰস্তুত কৰা নিয়ম আৰু আন যিকোনো আইন বা নিয়ম যাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সংশোধনৰ প্ৰয়োজন হ'ব ৷
  • যদি সংবিধানৰ সংশোধনৰ বাবে ৰাজ্যসমূহৰ দ্বাৰা অনুমোদনৰ প্ৰয়োজন হয় তেন্তে পৰীক্ষা কৰা আৰু পৰামৰ্শ দিয়া ৷
  • অনাস্থা প্ৰস্তাৱ গ্ৰহণ, দলত্যাগ বা এনে ধৰণৰ আন যিকোনো ঘটনাৰ পৰিস্থিতিত সাম্ভাব্য সমাধান বিশ্লেষণ আৰু পৰামৰ্শ দিয়া ৷
  • একেলগে নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে এক পৰিকাঠামোৰ পৰামৰ্শ দিয়ক আৰু বিশেষকৈ পৰ্যায় আৰু সময়সীমাৰ পৰামৰ্শ দিয়া ৷
  • একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সুৰক্ষাৰ পৰামৰ্শ দিয়া আৰু সংবিধানত প্ৰয়োজনীয় সংশোধনৰ পৰামৰ্শ দিয়া, যাতে একেলগে নিৰ্বাচনৰ অনুষ্ঠিত প্ৰক্ৰিয়া বিফল নহয় ৷
  • এনে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইভিএম, VVPAT আদিসহ প্ৰয়োজনীয় সামগ্ৰী আৰু জনশক্তি (Man Power) পৰীক্ষা কৰা ৷
  • লোকসভা, ৰাজ্যিক বিধান সভা, পৌৰসভা আৰু পঞ্চায়তৰ নিৰ্বাচনত ভোটাৰ চিনাক্তকৰণৰ বাবে একক ভোটাৰ তালিকা আৰু নিৰ্বাচনী পৰিচয় পত্ৰ ব্যৱহাৰৰ পদ্ধতিৰ পৰীক্ষা আৰু পৰামৰ্শ দিয়া ৷

লগতে পঢ়ক: Rahul Gandhi slams BJP: কোটিপটিক লাভান্বিত কৰাৰ বাবে কাম কৰে বিজেপিয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.