নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : নাগ্ৰ'টা আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ এই মিছনৰ উপ-সচিবক নতুন দিল্লীয়ে তলব কৰাৰ যো-জা চলাই থকাৰ মাজতে শনিবাৰে পাকিস্তানৰ আক্ৰমণত শ্বহীদ হ'ল ভাৰতৰ সেনা জোৱান। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল দেৱেন্দ্ৰ আনন্দে কয় যে, নৌসেৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি চুক্তি উলংঘন কৰাৰ সময়তে ভাৰতীয় সেনা হাৱালদাৰ সংগ্ৰাম পাটিলে প্ৰাণ হেৰুৱায় । সংগ্ৰাম পাটিল মহাৰাষ্ট্ৰ কোল্হাপুৰ জিলাৰ নিলেজ গাঁৱৰ বাসিন্দা ।
পাটিল একেটা মাহতে জম্মু-কাশ্মীৰত শ্বহীদ হোৱা মহাৰাষ্ট্ৰৰ দ্বিতীয়জন সেনা জোৱান। ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানে স্বাক্ষৰ কৰা দ্বিপাক্ষিক যুদ্ধবিৰতি চুক্তি পাকিস্তানে বাৰে বাৰে উলংঘন কৰি আহিছে। চলিত বছৰৰ জনুৱাৰী মাহৰ পৰা এতিয়ালৈকে ৩,২০০ৰো অধিক বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে । পাক সেনাৰ আক্ৰমণত এই পৰ্যন্ত ৩০ জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাৰ লগতে ১১০ জনৰো অধিক লোক আহত হৈছে। ভাৰতীয় সেনায়ো নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ সেনাৰ আক্ৰমাণৰ উচিত প্ৰত্যুত্তৰ দিছে ।
জম্মু-শ্ৰীনগৰ ৰাজপথত বৃহস্পতিবাৰে নাগ্ৰ'টা টোল গে'টৰ সমীপত ৪টা সন্ত্ৰাসবাদী নিহত হয় আৰু সেনাই ১১টা এ কে ৪৭ ৰাইফল জব্দ কৰে। আৰক্ষী বিষয়া দিলবাৰ সিঙে কয় যে, এই সন্ত্ৰাসবাদীকেইটাই কিছুদিন পূৰ্বে ছাংবা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছিল । উল্লেখ্য যে, শুক্ৰবাৰে বিয়লি নাগ্ৰ'টা আক্ৰমণৰ ঘটনাক লৈ ভাৰতত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ।
লগতে পঢ়ক:গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে