নেশ্যনেল ডেস্ক,৯ জুন : বালাছোৰৰ ৰে'ল দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হৈছিল (Odisha train tragedy)। বহু লোকৰ মৃতদহ ৰখা হৈছিল এখন বিদ্যালয়ত । পিছে সেই বিদ্যালয়খন এতিয়া ধ্বংস কৰা হ'ব । কাৰণ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ অস্বস্তিবোধ অভিভাৱকৰ ।
উল্লেখ্য যে, বালাছোৰৰ দুৰ্ঘটনাত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল । সেই সময়ত হাস্পতালৰ লগতে বাহানাগা হাইস্কুল অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল । য'ত একাংশ মৃতদেহ ৰখা হৈছিল । মৃতদেহবোৰ এতিয়া নাই যদিও বিদ্যালয়খনৰ সমীপৰ ৰাইজৰ মাজত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে । মৰ্গ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়খনলৈ সন্তানক পঠিয়াবলৈ ইচ্ছা প্ৰকাশ কৰা নাই । যাৰ বাবে প্ৰশাসনে বিদ্যালয় ভৱনটো ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে (Bahanaga High School building to be demolished)।
বালাছোৰৰ উপায়ুক্ত দত্তাত্ৰয় ভাউচাহেব সিন্দেয়ে বৃহস্পতিবাৰে কয় যে তেওঁ বিদ্যালয় প্ৰশাসন আৰু স্থানীয় প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । য'ত পৰামৰ্শ দিয়া হৈছে যে যিটো বিদ্যালয়ভৱনত মৃতদেহবোৰ ৰখা হৈছিল সেইটো ভাঙি পেলাব লাগে । বিদ্যালয় চৌহদ ভ্ৰমণ কৰাৰ পাছতে উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে । উপায়ুক্তগৰাকীয়ে প্ৰায় ৪৫ মিনিট ধৰি বিদ্যালয়খনত উপস্থিত থাকি পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।
বিবৃতিত তেওঁ জনোৱা মতে ইতিমধ্যে বহু পুৰণি হৈছে বিদ্যালয় ভৱনটো আৰু মৃতদেহবোৰ ৰখাৰ পাছত মানুহৰ মাজত কিছু আশংকাৰো সৃষ্টি হৈছে । সেয়ে তেওঁ এই সন্দৰ্ভত এটা প্ৰস্তাৱ গৃহীত কৰিবলৈ অনুৰোধ জনাইছে । সেই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব ।
তেওঁ লগতে কয় যে ভৱনটোত 'ভূত' আছে বুলি মানুহৰ মাজত যি ধাৰণা হৈছে সেয়া ভিত্তিহীন । ইয়াৰ বিষয়ে কোনো তথ্য নাই । শিক্ষাৰ্থীসকলৰ বিকাশত সহায় কৰাটো প্ৰশাসনৰ কৰ্তব্য । বিদ্যালয়খন পৰিৱৰ্তন কৰা হৈছিল আৰু বিদ্যালয়খনত এটা পৰীক্ষাগাৰো স্থাপন কৰা হৈছিল । সংবাদ মাধ্যমে এনে ধৰণৰ ভুৱা বাতৰি সম্প্ৰচাৰ কৰাত বাধা দিয়া উচিত বুলিও উপায়ুক্তগৰাকীয়ে কয় । সকলোৱে বিজ্ঞানৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু এনে অন্ধবিশ্বাস পৰিহাৰ কৰা উচিত বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :Fire in Train: এইবাৰ ওড়িশাত যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ড; বিপদমুক্ত সকলো যাত্ৰী