নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: ওড়িশাত পৰ্যটন ক্ষেত্ৰ বৃদ্ধিৰ নিৰ্দেশ ওড়িশা চৰকাৰৰ । ৰাজ্যখনত প্ৰকৃতি পৰ্যটনৰ ক্ষেত্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে বন, পৰিৱেশ আৰু জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে । বৃহস্পতিবাৰে এক উচ্চস্তৰীয় বৈঠকত মুখ্য সচিব সুৰেশ মহাপাত্ৰই জিলা উপায়ুক্তক পৰ্যটনৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ ফলত ৰাজ্যখনৰ নিবনুৱাসকলে সংস্থাপন লাভ কৰিব আৰু আয়ৰ পৰিমাণ বৃদ্ধি পাব বুলি কয় মহাপাত্ৰই ।
ৰাজ্যখনৰ স্থানীয় পৰ্যটকসকলে বিগত দিনসমূহত ওড়িশাৰ পৰ্যটনস্থলী ভ্ৰমণৰ উদ্দেশ্যে যাত্ৰা কৰি আহিছে । তাৰপিছত অনুষ্ঠিত বৈঠকত ওড়িশাৰ তালাছাৰী, কোণাৰ্ক, সতপদা, চান্দীপুৰ, ডেব্ৰিগড়, ভিতাৰকানিতা, চিমিলিপাল, দাৰিংগিবাদি, অষ্টাৰাং, সতকোচিয়া জৰ্জ, টিকাড়পাৰা, হীৰাকুদ, চিলিকা আৰু নালাবানাত পৰিৱেশ-পৰ্যটনৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয় । লগতে বনাঞ্চলত পৰ্যটন ক্ষেত্ৰ চিনাক্ত কৰা, নাও, হাউচবোট, ক্ৰুজ আদি স্থাপনৰ বাবে নিৰ্দেশ প্ৰদান কৰে মুখ্য সচিব সুৰেশ মহাপাত্ৰই । এই বৈঠকত উপস্থিত থকা অতিৰিক্ত মুখ্য সচিব, বন আৰু পৰিৱেশ বিষয়া ড৹ মোনা শৰ্মাক চলিত বৰ্ষত 30-40 নতুন স্থান চিনাক্ত কৰি প্ৰকৃতি শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মহাপাত্ৰই ।
উল্লেখ্য যে, ওড়িশাক দুবছৰৰ ভিতৰত দেশৰ মুখ্য তিনিটা পৰ্যটন হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ ইক’ ৰিট্ৰিট পৰ্যটনক প্ৰচাৰ কৰা হৈছে । য'ত ইক’-ৰিট্ৰিটৰ লগতে চিলিকা হ্ৰদকে ধৰি কেবাটাও তীৰ্থস্থানৰ লগতে পৰ্যটন স্থান অন্তৰ্ভুক্ত কৰা হৈছে । এই স্থানবোৰে পৰ্যটক আৰু যান-বাহন, বিমান সেৱাকো সুবিধা প্ৰদান কৰিব ।
লগতে পঢ়ক:কোভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য