নিউজ ডেস্ক,30জানুৱাৰী: শনিবাৰে ওড়িশাৰ দুটাকৈ প্ৰান্তত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ওড়িশাৰ ৰায়গড়া জিলাৰ বিচাম কাতক আৰক্ষী সীমান্তৰ বেথীয়াপাড়া অঞ্চলৰ ওচৰত ৷ প্ৰাপ্ত খবৰ অনুসৰি,ভ্ৰমণলৈ বুলি গৈ থকাৰ সময়তে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই উক্ত স্থানত উলটি পৰে ৷ যাৰ ফলত থিতাতে 1 জন নিহত হোৱাৰ লগতে আন 14 জন গুৰুতৰ ভাৱে আহত হয় ৷ আহত যাত্ৰী সকলক ৰায়গড় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । প্ৰতিবেদন অনুসৰি,বাছখন কটকৰ পৰা জেপুৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷
![ওড়িশাত দুটাকৈ ভয়ংকৰ বাছ দুৰ্ঘটনা: নিহত এজন, আহত 19 জন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/od-rgda-1-busaccdent-dry-od100037_30012021081324_3001f_1611974604_734_3001newsroom_1611978901_704.jpeg)
ইফালে,ৰাজ্যখনৰ বলাংগিৰ জিলাৰ আন এক পথটো সংঘটিত হয় আন এক বাছ দুৰ্ঘটনা ৷ ৰাতাখাণ্ডীৰ ওচৰৰ টিটলাগড় পথত বাছখনে কেকুৰি এটা অতিক্ৰম কৰিবলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত 5 জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ৷ আহত সকলক জিলা খনত থকা সন্থ ভীমা ভয় চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতলত ভৰ্তি কৰা হয়। বাছখনে সুনাবেদাৰ পৰা ভূৱনেশ্বৰলৈ 40 জন যাত্ৰী কঢ়িয়াই নিছিল বুলি জানিব পৰা গৈছে ৷
![ওড়িশাত দুটাকৈ ভয়ংকৰ বাছ দুৰ্ঘটনা: নিহত এজন, আহত 19 জন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/od-rgda-1-busaccdent-dry-od100037_30012021081324_3001f_1611974604_333_3001newsroom_1611978901_550.jpeg)
অন্য এক খবৰৰ বাবে: পুলৱামাত দুজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ