ETV Bharat / bharat

#JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত প্ৰতিবাদ

author img

By

Published : Aug 3, 2021, 2:02 PM IST

গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ তেওঁৰ মন্তব্যক বিকৃত কৰা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷ এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে #JeeneDo কেম্পেইন ৷

#JeeneDo: Campaign intensifies in Goa against CM's statement on minors' gang rape
#JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত চৌদিশে প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 3 আগষ্ট : গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ উক্ত ধৰ্ষণকাণ্ডৰ উদাহৰণ দি ৰাজ্যিক বিধানসভাত বিৰোধী বিধায়কসকলে গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক সকলৰ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাৱন্তে মন্তব্য কৰিছিল যে, এইক্ষেত্ৰত অভিভাৱকসকল দায়িত্বশীল হোৱা প্ৰয়োজন ৷ তেওঁলোকৰ সন্তানে নিশা কিয় সমুদ্ৰ তীৰত ঘূৰি ফুৰে সেইয়া অভিভাৱকসকলে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰিছিল ৷

উল্লেখ্য যে, দক্ষিণ গোৱাৰ জনপ্ৰিয় কোলৱা সমুদ্ৰ তীৰত ২৪ জুলাইৰ নিশা দুগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ গোৱা বিধানসভাত বিৰোধী বিধায়ক (Opposition MLA)সকলে এই কথা উত্থাপন কৰি গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক (Opposition MLA)সকলৰ অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে বিধানসভাত এই কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এই বিতৰ্ক সন্দৰ্ভত কি কয় ?

গোৱাৰ ৰাজ্যিক বিধানসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, "দহজনীয়া কিশোৰ-কিশোৰীৰ এটা দল সাগৰৰ পাৰত পাৰ্টী কৰাৰ বাবে গৈছিল ৷ তাৰে দহ জন ঘূৰি আহে যদিও দুজন কিশোৰ আৰু দুগৰাকী কিশোৰীয়ে সাগৰৰ পাৰতে গোটেই নিশাটো কটায় ৷ যেতিয়া 14 বছৰীয়া এগৰাকী কিশোৰী সাগৰৰ পাৰত গোটেই নিশাটো কটাই, তেতিয়া তেওঁলোকৰ অভিভাৱকেও কথাটো নিৰীক্ষণ কৰিব লাগে ৷ "

এইয়া অভিভাৱকৰো দায়িত্ব বুলি মন্তব্য কৰি সাৱন্তে লগতে এইবুলিও কয় যে, ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা নুশুনে বুলিয়েই আমি সকলো দায়িত্ব আৰক্ষীৰ ওপৰত এৰি দিব নোৱাৰো ৷ উল্লেখ্য যে, কিশোৰী দুগৰাকীৰ ধৰ্ষণৰ অভিযোগত গোৱা আৰক্ষীয়ে (Goa Police) আচিফ হাতেলি (২১), ৰাজেশ মানে (৩৩), গজানন্দ চিঞ্চনকাৰ (৩১) আৰু নিতিন য়াব্বাল (১৯) নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু অভিযোগ উত্থাপন কৰে যে, তেওঁৰ মন্তব্যক বিকৃত কৰা হৈছে । তেওঁৰ মতে, কোনো সময়তে তেওঁ আইনৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তাৰ অধিকাৰ অস্বীকাৰ কৰিবলৈ চেষ্টা কৰা নাই । তেওঁ লগতে কয় যে, গোৱা আৰক্ষীয়ে বিশেষকৈ মহিলা আৰু শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ক্ষীপ্ৰতাৰে কাম কৰিছে আৰু অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে ।

অপৰাধীসকলে আইনৰ অধীনত কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, নাগৰিকৰ সুৰক্ষা সদায় তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ধৰ্ষণৰ ঘটনাকলৈ তেওঁ যথেষ্ট মৰ্মাহত ।

এই সন্দৰ্ভত গোৱাৰ চাকৰিয়াল মহিলাসকলে কি কয় ?

মুখ্যমন্ত্ৰীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাৰ আইন শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে চাকৰিয়াল মহিলাসকলে ৷ এই সন্দৰ্ভত গোৱাৰ এগৰাকী স্থানীয় মহিলা প্ৰতিভা ব’ৰকাৰে কয়, সাধাৰণৰ নাগৰিকৰ লগতে ৰাজ্য এখনৰ আইনৰ প্ৰতি অপৰাধীসকলৰো ভয় থকাটো জৰুৰী ৷ গৃহমন্ত্ৰী হিচাপে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিৰীক্ষণ কৰাটো তেওঁৰ নৈতিক দায়িত্ব ৷

আন এগৰাকী মহিলা প্ৰিয়া ৰাথোৰে কয়, গোৱাৰ চাকৰিয়াল মহিলাসকল নিজৰ সুৰক্ষাক লৈ সংকিত হৈ পৰিছে ৷ বৰ্তমান সময়ত মহিলাসকলে কৰ্মৰ বাবে ঘৰৰ পৰা বাহিৰত থাকিবলৈ বাধ্য ৷ মহিলাসকলে স্বাধীনভাৱে যিকোনো কাপোৰ পিন্ধা যিকোনো ঠাইত ফুৰিব পাৰে কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে মহিলাসকলৰ কাপোৰক লৈ কৰা মন্তব্য যথেষ্ট নিন্দনীয় ৷

গোৱাৰ পৰ্যটকসকলে এই বিষয়ে কি কয়?

গোৱা হ’ল ভাৰতৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী ৷ প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ পৰাই নহয় বিদেশৰ পৰাও লাখ লাখ পৰ্যটক গোৱালৈ আহে ৷ ইয়াৰ ভিতৰত মহিলা পৰ্যটকৰ সংখ্যাও যথেষ্ট বেছি ৷ ৰাজ্যখনত সংঘটিত কিশোৰী দুগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ যথেষ্ট ক্ষোভিত হৈ আছে পৰ্যটকসকল ৷ তেওঁলোকে গোৱালৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক-গোৱাৰ দলবদ্ধ ধৰ্ষণ: নিজৰ মন্তব্যৰ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী সাৱন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.