ETV Bharat / bharat

Haryana Nuh Violence : আজি মানেচাৰত হিন্দু সংগঠনৰ পঞ্চায়ত; ৮ জিলাত ১৪৪ ধাৰা জাৰি - Section 144 in 8 district of Haryana

হাৰিয়ানাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে । হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বুধবাৰে হিন্দু সংগঠনবোৰে এখন পঞ্চায়তৰ আহ্বান কৰিছে । সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবাত আক্ৰমণ কৰা হয় । ৰেৱাৰীৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তি অচিনাক্ত ব্যক্তিয়ে জ্বলাই দিয়ে । আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি ৮ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । কিছু অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে ।

Haryana Nuh Violence
Haryana Nuh Violence
author img

By

Published : Aug 2, 2023, 10:22 AM IST

নিউজ ডেস্ক, ২ আগষ্ট : সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈকে পাঁচজন লোক নিহত হৈছে । আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হিন্দু সংগঠনবোৰে বুধবাৰে মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰিছে । লগতে বিশ্ব হিন্দু পৰিষদেও পাণিপথত বন্ধৰ আহ্বান জনাইছে । এই হিংসাত বহু লোক আহত হৈছে ।

আনহাতে, আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাৰ ৮ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । এই জিলাসমূহৰ ভিতৰত আছে নুহ, পালৱাল, ফৰিদাবাদ, ৰেৱাৰী, গুৰুগ্ৰাম, মহেন্দ্ৰগড়, সোনিপট আৰু পাণিপথ । অৱশ্যে গুৰুগ্ৰামৰ বাহিৰে মঙলবাৰে বেছিভাগ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক আছিল । ইফালে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে নুহ জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে ।

  • #WATCH | Visuals from Haryana's Nuh where police force has been deployed after a clash broke out between two groups on July 31.

    Section 144 has been imposed and mobile internet services have been temporarily suspended in the district. pic.twitter.com/Txd5uC74pn

    — ANI (@ANI) August 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই হিংসাত্মক ঘটনাত নিহত পাঁচজনৰ ভিতৰত আছে দুজন আৰক্ষী আৰু তিনিজন সাধাৰণ নাগৰিক । নিৰাপত্তা বৰ্তাই ৰাখিবলৈ গুৰুগ্ৰামৰ পৰা নুহলৈ আৰক্ষীৰ এটা দল গৈ থকাৰ সময়ত দুজন গৃহৰক্ষী নিহত হয় । সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবা ভাঙি লণ্ডভণ্ড কৰা হয় । আনহাতে, ৰেৱাৰীত কিছু অচিনাক্ত লোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তিত অগ্নিসংযোগ কৰে ।

গুৰুগ্ৰাম আৰক্ষীয়ে এই হিংসাত নিহত গৃহৰক্ষী কৰ্মী দুজনৰ পৰিয়াললৈ ৫৭ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । ইয়াৰ উপৰি হিংসা বিয়পোৱাৰ বাবে ৪৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে । নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ২০ টা কোম্পানী মোতায়েন কৰা হৈছে ।

ইয়াৰ উপৰি কেন্দ্ৰই হাৰিয়ানালৈ অৰ্ধসামৰিক বাহিনীৰ ২০ টা কোম্পানী প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত আছে চিআৰপিএফৰ ৪টা, আৰএএফৰ ১২টা, আইটিবিপিৰ ২টা আৰু বিএছএফৰ ২টা কোম্পানী ।

আনহাতে, নুহ হিংসাৰ পিছত গুৰুগ্ৰামতো উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । সোমবাৰে নিশা এটা দলে এক ধৰ্মীয় স্থানত অগ্নিসংযোগ কৰে । ইয়াৰ পূৰ্বে তাত গুলীচালনাও কৰা হয় । এই সমগ্ৰ ঘটনাত এজন ২৬ বছৰীয়া যুৱকৰ মৃত্যু হয় । ঘটনাটোৰ পিছতে মানেচাৰ, পাটৌডি আৰু চোহনাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ইণ্টাৰনেট সেৱাসমূহ স্থগিত থাকিব ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে মঙলবাৰে নুহত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ৰাজ্যখনত আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে । বৈঠকৰ পিছত এছপি নৰেন্দ্ৰ সিং বিজৰানিয়াই কয় যে, মনু মানেচাৰ ব্ৰজ মণ্ডল যাত্ৰাত জড়িত নাছিল । তেওঁৰ নাম কোনো এজাহাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

ইফালে বিশ্ব হিন্দু পৰিষদে মঙলবাৰে সন্ধিয়া অনুষ্ঠিত বৈঠকত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত পাণিপথত বন্ধৰ আহ্বান জনাইছে । বিশ্ব হিন্দু পৰিষদৰ এই আহ্বানক সকলো ব্যৱসায়ী সন্থাৰ মুৰব্বীয়ে সমৰ্থন জনাইছে । আনহাতে, হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মঙলবাৰে আৰ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ব্যপাৰ মণ্ডল সন্মিলনো বাতিল কৰা হয় ।

লগতে পঢ়ক :SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.