ETV Bharat / bharat

Nuh violence: ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ, ৫ জিলাত ১৪৪ ধাৰা জাৰি - Nuh violence

হিংসাৰ পাছত হাৰিয়ানাৰ নুহ জিলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । শান্তি বজাই ৰাখিবলৈ জিলাখনত অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন মোতায়েন কৰা হৈছে । হাৰিয়ানাৰ ৫ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

Nuh violence
ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ
author img

By

Published : Aug 1, 2023, 11:16 AM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট : মণিপুৰৰ হিংসা অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে এইবাৰ হাৰিয়ানাত আন এক সংঘৰ্ষ আৰম্ভ হৈছে । সোমবাৰে, হিন্দু সংগঠনবোৰে নুহত ব্ৰজ মণ্ডল যাত্ৰা উলিওৱাৰ সময়তে দুটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । প্ৰথমে বিবাদ, তাৰ পাছত সংঘৰ্ষ আৰু শিলগুটি নিক্ষেপ কৰা হয় । লাহে লাহে এই ঘটনাই হিংসাৰ ৰূপ লয় ।

Nuh violence
নুহত ৫ জিলাত ১৪৪ ধাৰা জাৰি

এতিয়ালৈকে, এই হিংসাত দুগৰাকী গৃহৰক্ষী জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে । ১৫ জনতকৈও অধিক আৰক্ষী আহত হৈছে । নুহত সংঘটিত এই হিংসাত্মক ঘটনাৰ পাচতে অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন মোতায়েন কৰা হৈছে । ইফালে হিংসাৰ মাজতে মন্দিৰত আৱদ্ধ লোকসকলকো উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, ১ আৰু ২ আগষ্টত হাৰিয়ানা বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যখনত দশম শ্ৰেণীৰ পৰিপূৰক আৰু ডি.এল.এড পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু নুহৰ হিংসাৰ পাছতে পৰীক্ষাবোৰ পিছুৱাই দিয়া হৈছে । পৰিষদৰ অধ্যক্ষ ড৹ ভিপি যাদৱে কয় যে, স্থগিত পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব । প্ৰথমে কেৱল নুহ আৰু পালৱাল জিলাৰ পৰীক্ষা কেন্দ্ৰতহে এই পৰীক্ষাসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও পাছত সমগ্ৰ জিলাতে এই পৰীক্ষা স্থগিত ৰখা হয় ।

mewat communal riot
ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ

ইয়াৰ উপৰিও নুহকে ধৰি হাৰিয়ানাৰ ৫ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ১ আগষ্টৰ বাবে নুহ, ফৰিদাবাদ, গুৰুগ্ৰাম আৰু পালৱালত শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহ প্ৰশাসনে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । উপায়ুক্ত প্ৰশান্ত পানৱাৰে শান্তি আৰু আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে পুৱা ১১ বজাত উভয় সমাজৰ বৈঠক আহ্বান কৰিছে ।

  • #WATCH वहां पर पर्याप्त संख्या में बल तैनात किया जा रहा है। हमने केंद्र से भी बात की है। हम वहां शांति बहाल करने की कोशिश कर रहे हैं। जहां-जहां पर लोग फंसे हुए हैं उन्हें बचाया जा रहा है: नूंह हिंसा पर हरियाणा के गृह मंत्री अनिल विज pic.twitter.com/2Xy4q4tPDd

    — ANI_HindiNews (@AHindinews) July 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে, সোমবাৰে বিশ্ব হিন্দু পৰিষদে হাৰিয়ানাৰ নুহ জিলাত ব্ৰজ মণ্ডল যাত্ৰা উলিয়াইছিল । গুৰুগ্ৰাম, ৰেৱাৰী, ৰোহতক, পানীপথ, ভিৱানী, নাৰনাউল, ঝাজ্জৰ, ফৰিদাবাদকে ধৰি বিভিন্ন জিলাৰ লোকসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল । খবৰ অনুসৰি যেতিয়া সমদলটো দুপৰীয়া নুহৰ তিৰঙ্গা পাৰ্কৰ ওচৰত উপস্থিত হৈছিল । তাত উপস্থিত থকা আন এটা গোটৰ সৈতে তেওঁলোকৰ বিবাদ আৰম্ভ হয় । অভিযোগ অনুসৰি ইয়াৰ পাছতে আন এটা সম্প্ৰদায়ৰ গোটটোৱে শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে ।

  • Haryana | All educational institutions including schools, colleges, and coaching centres in Gurugram district will remain closed on Tuesday, August 1: District Information & Public Relations Officer, Gurugram pic.twitter.com/5gJJBMyWuM

    — ANI (@ANI) July 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পাছত এই বিবাদে হিংসাৰ ৰূপ লয় । দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয় । ইফালে, দুৰ্বৃত্তই ৪০ খনতকৈও অধিক বাহনত অগ্নিসংযোগ কৰে । আৰক্ষীয়ে ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্বৃত্তই আৰক্ষীক আক্ৰমণ কৰে ।

পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাৰ লগে লগে ৰেৱাৰী, গুৰুগ্ৰাম, ফৰিদাবাদ, পালৱালৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনী সেই স্থানলৈ প্ৰেৰণ কৰা হয় । পৰিস্থিতি ইমানেই ভয়ংকৰ আছিল যে, লগে লগে অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । নুহত ২ আগষ্টলৈকে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । ইফালে উত্তেজিত লোকে ব্যৱসায়িক প্ৰতিষ্ঠান,ঘৰ আদি লুটি লৈ যায় । নুহৰ এই হিংসা লাহে লাহে গুৰুগ্ৰামৰ চোহনা আৰু পালৱাল জিলাতো বিয়পি পৰিছে বুলি জানিব পৰা গৈছে ।

  • #WATCH | Aftermath of clash that broke out between two groups in Haryana's Nuh on July 31.

    Police force has been deployed in the area and mobile internet services have been temporarily suspended. pic.twitter.com/jwOTF6fnXg

    — ANI (@ANI) August 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিষয়টোক লৈ যোগাযোগ স্থাপন কৰিছে । তাৰ পাছত নিশা হাৰিয়ানালৈ অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন প্ৰেৰণ কৰা হয় । য'ত চিআৰপিএফৰ ৫ টা বেটেলিয়ন আৰু আৰএএফৰ ৩ টা বেটেলিয়ন অন্তৰ্ভুক্ত আছে । নুহত নিশা নিৰাপত্তা বাহিনী ফ্লেগ মাৰ্চো কৰে ।

অৰ্ধসামৰিক বাহিনীয়ে নুহৰ নালহাদৰ শিৱ মন্দিৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে । জানিব পৰা মতে হিংসাৰ পাচত ১ হাজাৰৰো অধিক লোক মন্দিৰটোত আৱদ্ধ হৈ আছিল । লোকসকলৰ ভিতৰত অধিকাংশই মহিলা আছিল বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও, আন কিছুমান ঠাইত আৱদ্ধ লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে ।

লগতে পঢ়ক :SC on Manipur Naked women parade: মণিপুৰৰ অমানৱীয় ঘটনা কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়- উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.