ETV Bharat / bharat

Muslim World League Secy General : দেশত ইছলামে এক অনন্য স্থান দখল কৰিছে; অজিত ডোভাল - NSA Ajit Doval

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে কয় যে ভাৰতৰ মুছলমানসকলে শান্তি আৰু ভাতৃত্ববোধেৰে বাস কৰি আছে । কিয়নো ভাৰত হৈছে এনে এক স্থান, য'ত কোনো পাৰ্থক্য অবিহনে সকলো ধৰ্মকে গ্ৰহণ কৰা হয় । দেশৰ ৰাজধানীত এক অনুষ্ঠানত চৌডি আৰবৰ বৈদেশিক আইন মন্ত্ৰী আৰু মুছলিম বিশ্ব লীগৰ মহাসচিব ডঃ মহম্মদ বিন আব্দুল কৰিম আল-ইছা উপস্থিত থকা এক অনুষ্ঠানত ডোভালে বক্তব্য ৰাখে ।

Ajit Doval on Indian muslims
Ajit Doval on Indian muslims
author img

By

Published : Jul 11, 2023, 5:02 PM IST

নিউজ ডেস্ক, ১১ জুলাই : ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মঙলবাৰে কয় যে দেশত প্ৰায় প্ৰতিজন ভাৰতীয় মুছলমানে শান্তি আৰু ভাতৃত্ববোধেৰে বাস কৰি আছে । আনহাতে, তেওঁলোকৰ মাজৰ কেৱল মুষ্টিমেয়সংখ্যকেহে বিদেশত সন্ত্ৰাসবাদী গোটত যোগদান কৰিছে । বিশ্বজনীন সন্ত্ৰাসবাদী গোটসমূহৰ কথা উল্লেখ কৰি ডোভালে এনেদৰে কয় ।

নতুন দিল্লীৰ আইআইচিচিত খুশ্ৰো ফাউণ্ডেচন আৰু ইণ্ডিয়া ইছলামিক কালচাৰ চেণ্টাৰৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাষণ দি এনএছএ ডোভালে চৌডি আৰবৰ বৈদেশিক আইন মন্ত্ৰী আৰু মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব ডঃ মহম্মদ বিন আব্দুল কৰিম আল-ইছাৰ সৈতে উপস্থিত থাকি কয়, "ভাৰত সন্ত্ৰাসবাদৰ বলি হৈছে আৰু বিশ্বই ২০০৮ চনৰ বিধ্বংসী ঘটনাৰ সাক্ষী হৈছে ।"

ডঃ আব্দুল কৰিম আল-ইছা সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হৈছে । তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য হৈছে সংযম আৰু আন্তঃধৰ্মীয় ঐক্যৰ বাৰ্তা প্ৰদান কৰা । উল্লেখ্য যে তেওঁৰ ভাৰত ভ্ৰমণ এনেকুৱা এটা সময়ত হৈছে, যিটো সময়ত দেশত ইউনিফৰ্ম চিভিল কোডক লৈ বিতৰ্ক চলি আছে । ভাৰতীয় আইন আয়োগে শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড বা অভিন্ন দেৱানী বিধিৰ ওপৰত এক নতুন আলোচনা আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত জনসাধাৰণৰ মতামত বিচাৰিছে ।

"সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ পূৰ্ণগতিত চলি আছে আৰু সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ নিৰ্মূলৰ বাবে আমি বিদেশী ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতা অব্যাহত ৰাখিম ।" ডোভালে কয় । তেওঁ কয় যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই বা কোনো জাতি নাই; কিন্তু যুৱসকল কেতিয়াবা পথভ্ৰষ্ট হয় । বিশ্ব সম্প্ৰদায়ক একত্ৰিত হ'বলৈ আৰু সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে স্পষ্ট পদক্ষেপ ল'বলৈ আহ্বান জনাই এনএছএ ডোভালে তেওঁৰ বিবৃতিত উল্লেখ কৰে, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ পূৰ্ণগতিত চলি আছে আৰু এনে হিংসাত্মক কাৰ্যকলাপত আগ্ৰহী যিকোনো লোকক কাৰ্যকৰীভাৱে প্ৰতিহত কৰা হ'ব ।"

আনহাতে, ভাৰতত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু আৰু শৰণাৰ্থীসকলৰ বিষয়ে উল্লেখ কৰি অজিত ডোভালে কয় যে ভাৰত সদায় 'মিশ্ৰিত প্ৰকৃতিৰ' এখন দেশ হৈ আহিছে আৰু সকলো ধৰ্ম, সংস্কৃতি আৰু জাতিৰ লোক ইয়াত আছে । তেওঁ আফগান, বঙালী, ইহুদী আৰু পাৰ্চীসকলৰ সন্দৰ্ভত কয়, "নিজৰ দেশত নিৰ্যাতনৰ বলি হোৱা সকলো লোকৰ আশ্ৰয়ৰ বাবে ভাৰত এখন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে ।"

"এক সামগ্ৰিক গণতন্ত্ৰ হিচাপে ভাৰতত সকলোৰে বাবে স্থান আছে । ইছলামে ভাৰতত এক অনন্য স্থান দখল কৰিছে, যিটো হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মুছলমান জনসংখ্যাৰ ঘৰ ।" ডোভালে কয় । সমতা আৰু বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ কৰি ডোভালে কয় যে ভিন্ন মতৰ অৰ্থ 'বিভাজন বা সংঘৰ্ষ' নহয় । তেওঁ কয়, "ভাৰতত ভিন্ন মতৰ বাবে কোনেও ভাবুকিৰ সন্মুখীন হোৱা নাই, কিয়নো আমাৰ সংবিধানত সমতা সন্নিবিষ্ট হৈছে ।"

লগতে পঢ়ক :Himachal Pradesh Flood : হিমাচলত শেহতীয়া বানত সামগ্ৰিক ক্ষতি ৪০০০ কোটিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.