নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: সোমবাৰে পশ্চিমবংগৰ কালিম্পঙত অনুষ্ঠিত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । তেওঁ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক আশ্বাস দিয়ে যে, গোৰ্খাসকলৰ ওপৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰে ।
লগতে শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছে পাহাৰৰ লোকসকলৰ মাজত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । পাহাৰীয়া অঞ্চলটোৰ ৰাইজক আতংকিত কৰিবলৈ ৰাজ্য চৰকাৰে অপপ্ৰচাৰ চলাইছে বুলিও অভিযোগ তোলে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয় যে, যেতিয়ালৈকে কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ আছে, তেতিয়ালৈকে গোৰ্খা সম্প্ৰদায়ৰ ক্ষতি নহয় । তেওঁ লগতে কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এতিয়াও কাৰ্যকৰী হোৱা নাই । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী হোৱাৰ পিছতো গোৰ্খা সম্প্ৰদায়ৰ এজনো লোকে দেশ এৰি যাব নালাগে বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।