নেশ্যনেল ডেস্ক, ৮ মাৰ্চ: আন্তৰ্জাতিক মহিলা দিৱসৰ শুভ ক্ষণত বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে উত্তৰ ৰে'লৱেই । নিজৰ সাম্ৰাজ্য তথা প্ৰজাৰ স্বাৰ্থত যুদ্ধক্ষেত্ৰত সাহসেৰে যুঁজ দি সমগ্ৰ নাৰী জাতিৰ বাবে আদৰ্শ হৈ ৰোৱা ৭ গৰাকী মহিলা যোদ্ধাৰ নামেৰে উত্তৰ ৰে'লৱেই WDP4B আৰু WDP4D শ্ৰেণীৰ ৰে'ল ইঞ্জিন নামকৰণ কৰিছে । উদয় দেৱী, ৰাণী অহিল্য়াবাই, ৰাণী অৱন্তীবাই, ৰাণী লক্ষ্মীবাই, ৰাণী ভেলু নাচিয়াৰ, ৰাণী চেন্নাম্মা আৰু শালকাৰী বাইৰ নামেৰে ৭ টা ৰে'ল ইঞ্জিন নামকৰণ কৰা হৈছে ।
উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া দীপক কুমাৰে টোঘলকাবাদ শ্বেডৰ প্ৰদৰ্শন সন্দৰ্ভত কয় যে, উত্তৰ ৰে'লৱেই পাঁচ দশকতকৈও অধিক সময় ধৰি মহিলা যোদ্ধাক সন্মান প্ৰদৰ্শন কৰি আহিছে । এই বীৰাংগনাসকলে স্বাধীনতাৰ বাবে অৱতীৰ্ণ হোৱা যুঁজত তেওঁলোকৰ সেনা বাহিনীক নেতৃত্ব দিছিল । এই মহিলা যোদ্ধাসকলৰ প্ৰতি আগবঢ়োৱা সন্মানৰ চিন স্বৰূপে, উত্তৰ ৰে'লৱেই এই সাহসী যোদ্ধাসকলৰ নামেৰে টোঘলকাবাদ WDP4B আৰু WDP4D শ্ৰেণীৰ ইঞ্জিন নামকৰণ কৰিছে ।
এই কাৰ্যক লৈ তেওঁ গৌৰৱান্বিত বুলিও মন্তব্য কৰে দীপক কুমাৰে । তেওঁ লগতে কয় যে, আন্তৰ্জাতিক মহিলা দিৱস মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত লাভ কৰা সাফল্য উদযাপনৰ এটা বিশেষ দিন আৰু সেয়ে ৰে'ল বিভাগে ৰে'ল ইঞ্জিন নামকৰণৰ বাবে এই বিশেষ দিনটো বাছি লৈছে । মহিলাসকলক সন্মান দিয়াৰ ক্ষেত্ৰত ৰে'ল বিভাগ কেতিয়াও পিছ পৰি থকা নাই বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:ডিমৌত নিৰ্বাচনী হিংসা: গুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী