ETV Bharat / bharat

ৰাম আহিব: লক্ষ্ণৌ-অযোধ্যাৰ মাজত চলা 6খনকৈ ৰে’ল বাতিল

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:33 PM IST

NorthEastern Railway 6 trains of Ayodhya route canceled : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয় আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব ৰে’লৱে লক্ষ্ণৌ-অযোধ্যাৰ মাজত চলা 6 খনকৈ ৰে’ল বাতিল ৷

north east railway 6 trains of ayodhya route canceled
লক্ষ্ণৌ অযোধ্যাৰ মাজত চলা 6খনকৈ ৰে’ল বাতিল

নিউজ ডেস্ক, 16 জানুৱাৰী : 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ সেই দিনটোলৈ আগ্ৰহেৰে অপেক্ষাৰত সমগ্ৰ দেশবাসী ৷ ইতিমধ্য দেশ-বিদেশৰ পৰা অহা ভক্তক আদৰিবলৈ প্ৰস্তুতি চলাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ আনহাতে, অযোধ্যাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ নিৰাপত্তা আৰু ভক্তৰ সুবিধাৰ স্বাৰ্থতে উত্তৰ-পূব ৰে'লৱে ছখন ৰে’ল বাতিল আৰু 30 খন ৰে’লৰ চলাচলৰ ক্ষেত্ৰত পথ সলনি কৰিছে ৷

এই সন্দৰ্ভত উত্তৰ-পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া পংকজ কুমাৰ সিঙে কয়, ‘‘লক্ষ্ণৌৰ পৰা অযোধ্যালৈ চলিবলগা 6খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে ৷ ৰে’লসমূহ 16-22 জানুৱাৰীলৈকে চলাচল বাতিল কৰা হৈছে ৷ লগতে 30 খন ৰে’লৰ চলাচলৰ ক্ষেত্ৰত পথ সলনি কৰা হৈছে ৷ যাত্ৰীৰ সুবিধা আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷’’

বাতিল কৰা ৰে’লকেইখন হৈছে 15070 নং আইশবাগৰ-গোৰখপুৰলৈ চলিব লগা ৰে’লখন 16-22 জানুৱাৰীলৈ, 15113 নং গোমতীনগৰ-ছপ্ৰা কাচেৰীলৈ চলা ৰে’লখনো 16-22 জানুৱাৰীলৈকে, 12529 নং পাটলিপুত্ৰ-লক্ষ্ণৌ জংচনলৈ চলিব লগা ৰে’লখন 19 আৰু 20 জানুৱাৰীলৈ, 12530 নং লক্ষ্ণৌ জংচনৰ-পাটলিপুত্ৰলৈ চলিব লগা ৰে’লখন 19 আৰু 20 জানুৱাৰীলৈ, 15069 নং গোৰখপুৰৰ-আইশবাগলৈ চলা ৰে’লখন 17-22 জানুৱাৰীলৈ আৰু ১৩১১৪ নং ছপ্ৰা কচাৰীৰ-গোমতীনগৰলৈ চলা ৰে’লখন ১৫-২২ জানুৱাৰীলৈকে চলাচল বাতিল কৰা হৈছে ৷

আনহাতে, 15 জানুৱাৰীৰ পৰা গোৰখপুৰৰ পৰা চলা 15065 নং গোৰখপুৰ-পানভেল এক্সপ্ৰেছখন, বুধাৱল-সীতাপুৰ-আইশবাগ-মানকনগৰ-কানপুৰ চেন্ট্ৰেল হৈ চলাচল কৰিব ৷ 15 জানুৱাৰীত গোৰখপুৰৰ পৰা যাত্ৰা কৰা 22533 নং গোৰখপুৰ-যশৱন্তপুৰ এক্সপ্ৰেছখনো বুধাৱল-সীতাপুৰ-আইশবাগ-মানকনগৰ-কানপুৰ চেন্ট্ৰেল হৈ চলাচল কৰিব ৷

লগতে পঢ়ক : বাবৰি মছজিদৰ পৰা তিনি কিলোমিটাৰ দূৰত কিয় নিৰ্মাণ হ’ল ৰাম মন্দিৰ- সঞ্জয় ৰাউত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.