ETV Bharat / bharat

Phulwari Sharif case : বিহাৰৰ ফুলৱাৰী শ্বৰীফ গোচৰত অধিবক্তাক গ্ৰেপ্তাৰ

বিহাৰৰ ফুলৱাৰী শ্বৰীফ গোচৰত আন এজনক গ্ৰেপ্তাৰ । এইবাৰ পিএফআই সদস্যক আদালতত সহায় কৰা অধিবক্তাক গ্ৰেপ্তাৰ (Advocate arrested in Bihar Phulwari Sharif case)। বিহাৰ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে লক্ষ্ণৌৰ পৰা গ্ৰেপ্তাৰ নুৰুদ্দিন নামৰ অধিবক্তাজনক ।

author img

By

Published : Jul 17, 2022, 1:25 PM IST

Phulwari Sharif case
বিহাৰৰ ফুলৱাৰী শ্বৰীফ গোচৰত অধিবক্তাক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,১৭ জুলাই : শেহতীয়াকৈ বিহাৰত বিদ্ৰোহী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) কেইবাজনো সদস্য গ্ৰেপ্তাৰ হৈছিল (PFI member arrested in Bihar)। দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ইতিমধ্যে কেইবাজনকো জেললৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে সেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । দেশৰ ভিন্ন প্ৰান্তত পিএফআইৰ সদস্যই আত্মগোপন কৰি থকাৰ বিভিন্ন তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।

ইয়াৰ মাজতে বিহাৰ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । এটিএছে লক্ষ্ণৌৰ পৰা বিহাৰৰ দৰভাঙ্গাৰ বাসিন্দা নুৰুদ্দিন ওৰফে জাংগীক গ্ৰেপ্তাৰ কৰি পাটনা আৰক্ষীক গতাই দিয়ে (UP ATS arrested Nooruddin alias Jangi)। উক্ত পিএফআই গোচৰতে বিহাৰ আৰক্ষীয়ে অধিবক্তা নুৰুদ্দিনক গ্ৰেপ্তাৰ কৰে ।

বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া মনীষ কুমাৰে জনোৱা মতে অধিবক্তা নুৰুদ্দিনে ফুলবাৰী শ্বৰীফ গোচৰত পিএফআই সদস্যসকলক আদালতত প্ৰতিনিধিত্ব কৰিছিল । পাছত পাটনাৰ পৰা পলাই গৈ লক্ষ্ণৌত লুকাই আছিল নুৰুদ্দিনে । আৰক্ষীয়ে জনোৱা মতে ফুলৱাৰী শ্বৰীফ গোচৰত (Phulwari Sharif case) এতিয়ালৈকে আঠজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

ফুলৱাৰী শ্বৰীফ গোচৰত মুঠ ২৬ জন লোকক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । প্ৰথমে আৰক্ষীয়ে ঝাৰখণ্ডৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক জালালুদ্দিন, চিমিৰ সক্ৰিয় সদস্য আথাৰ পাৰভেজ আৰু অৰমান মালিকক বুধবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।

তিনিওজনক জেৰাৰ অন্তত আৰক্ষীয়ে দৰভাংগাৰ বাসিন্দা নুৰুদ্দিনৰ ঘৰত তালাচী চলায় । কিন্তু নুৰুদ্দিনে পলায়ন কৰে । অনুসন্ধানৰ অন্তত আৰক্ষীয়ে নুৰুদ্দিনৰ আত্মগোপনৰ তথ্য লাভ কৰে । তাৰ পাছতে আৰক্ষী বিষয়া ডঃ মানৱজিৎ সিং ধিলনৰ নিৰ্দেশত এটা বিশেষ দল গঠন কৰা হয় আৰু দলটো শুকুৰবাৰে নিশা লক্ষ্ণৌত উপস্থিত হয় । তাৰ পিছতে ইউপি এটিএছ আৰু পাটনা আৰক্ষীয়ে অধিবক্তা নুৰুদ্দিনক বিচাৰি চাৰবাগত অৱস্থিত মুছলিম মুছাফিৰখানাত উপস্থিত হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হয় (Nooruddin arrested from Lucknow in Bihar PFI connection)।

নুৰুদ্দিন মূলতঃ দৰভাংগা জিলাৰ উৰ্দু বজাৰ শ্বেৰ মহম্মদ গালিৰ বাসিন্দা । ফুলৱাৰী শ্বৰীফ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত তেওঁ এগৰাকী অভিযুক্ত । পাটনা আৰক্ষীয়ে ফুলৱাৰী শ্বৰীফ গোচৰত দুটা গোচৰ ৰুজু কৰিছে । প্ৰথম গোচৰটো পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) সংগঠনৰ সৈতে জড়িত আনহাতে দ্বিতীয় গোচৰটো দেশ বিৰোধী কাৰ্যকলাপ সন্দৰ্ভত পঞ্জীয়ন কৰা হৈছে ।

ইফালে, পাটনা আৰক্ষীয়ে ৪৮ ঘণ্টাৰ ৰিমাণ্ডত আথাৰ পাৰভেজ আৰু অৰমান মালিকক গ্ৰেপ্তাৰ কৰিছে । শনিবাৰে সন্ধিয়া আদালতৰ দ্বাৰা প্ৰেৰণ কৰাৰ পিছত, পাটনা আৰক্ষীয়ে এতিয়া প্ৰশ্নাৱলীৰ জৰিয়তে তেওঁলোকক জেৰা কৰাৰ প্ৰস্তুতি চলাই আছে ।

লগতে পঢ়ক :Rape in UP police: চুলতানপুৰত আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.