ETV Bharat / bharat

নিজ ইচ্ছাৰে কৰা বিবাহ, ধৰ্ম পৰিৱৰ্তনত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ! - calcutta-hc

সোমবাৰে ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু অৰ্জিত বেনাৰ্জীৰ বিচাৰপীঠত আদালতে এক ৰায় প্ৰদান কৰি উল্লেখ কৰে যে, প্ৰাপ্তবয়স্ক কোনো লোকে যদিহে নিজ ইচ্ছানুসৰি বিবাহপাশত আৱদ্ধ আৰু ধৰ্ম পৰিৱৰ্তন কৰিব বিচাৰে; তেন্তে তাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ।

ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু অৰ্জিত বেনাৰ্জীৰ বিচাৰপীঠত আদালতে ৰায় প্ৰদান
None can interfere if an adult marries as per her choice, convert: Calcutta HC
author img

By

Published : Dec 23, 2020, 8:58 PM IST

Updated : Dec 23, 2020, 9:49 PM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: এগৰাকী ১৯ বছৰীয়া যুৱতী বিবাহপাশত আৱদ্ধ হৈছিল অন্য সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে । তাৰ পাচতে যুৱতীগৰাকীৰ পিতৃয়ে কলকাতা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল । উক্ত গোচৰৰ ভিত্তিত কলকাতা আৰক্ষীয়ে যুৱতীগৰাকীক ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰায় । ইফালে যুৱতীগৰাকীৰ ভাষ্য, তেওঁ নিজ ইচ্ছানুসৰি যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ।

আনহাতে, ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিত়ৃয়ে তেওঁৰ কন্যাক বলপূৰ্বকভাৱে হেঁচা প্ৰয়োগ কৰি যুৱকজনে বিবাহপাশত আৱদ্ধ কৰা বুলি কলকাতা উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল । সোমবাৰে ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু অৰ্জিত বেনাৰ্জীৰ বিচাৰপীঠত আদালতে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি উল্লেখ কৰে যে, যদিহে কোনো প্ৰাপ্তবয়স্ক লোকে নিজ ইচ্ছানুসৰি বিবাহপাশত আৱদ্ধ হয় আৰু ধৰ্ম পৰিৱৰ্তন কৰিব বিচাৰে, তেন্তে তাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব ।

অতিৰিক্ত জিলা ন্যায়াধীশৰ দ্বাৰা জাৰি কৰা এই গুৰুত্বপূৰ্ণ ৰায়ৰ পাচতো যুৱতীগৰাকীৰ পিত়ৃয়ে পুনৰ আদালতত আন এক আবেদন দাখিল কৰে । অহা ২৪ ডিচেম্বৰত এই নতুন আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: ৰাচীত কুঁৱাত পৰিল হাতী পোৱালীঃ উদ্ধাৰ অভিযান অব্যাহত

Last Updated : Dec 23, 2020, 9:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.