ETV Bharat / bharat

আগৰতলা হিংসা ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব: বিপ্লৱ দেৱ

author img

By

Published : Feb 27, 2022, 7:57 PM IST

‘‘আগৰতলা হিংসা ঘটনাৰ লগত জড়িত আছে ভাৰতীয় জাতীয় কংগ্ৰেছ ৷ ৰাজ্যখনত আইন শৃংখলা ব্যাহত কৰাৰ ষড়যন্ত্ৰমূলক প্ৰয়াস আৰু ত্ৰিপুৰাৰ পবিত্ৰ ভূমিত গুণ্ডামি কোনো মূল্যতে সহ্য কৰা নহ'ব’’ ৷ সাংবাদিকৰ আগত এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷

Biplab Kumar Deb visited GB Pant hospital
আগৰতলা হিংসা ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব: বিপ্লৱ দেৱ

আগৰতলা, ২৭ ফেব্ৰুৱাৰী : শনিবাৰে আগৰতলা চহৰত সংঘটিত হয় এক হিংসাত্মক ঘটনা ৷ যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ চহৰখনকে ৷ এই হিংসাত্মক ঘটনাৰ বাবে কংগ্ৰেছ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, হিংসাত লিপ্ত হোৱা কাকো ৰেহাই দিয়া নহ’ব (No one will be spared says Tripura CM) ৷

উল্লেখ্য যে, দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী দেৱে শ্ৰীমন্ত ভিলৰ স্বাস্থ্যৰ স্থিতিৰ বুজ লব’লৈ উপস্থিত হয় জিবি পন্ত চিকিৎসালয়ত (Biplab Kumar Deb visited GB Pant hospital) inquire about the health status of Srimanta Bhil) ৷ শনিবাৰে গেৰুৱা দলে আয়োজন কৰা এক ৰেলীত একাংশ কংগ্ৰেছ কৰ্মীয়ে শাসকীয় বিজেপিৰ সমৰ্থকসকলৰ ওপৰত শিল আৰু পেট্ৰ'ল বোমা নিক্ষেপ কৰে ৷ তাৰ পাচতে সেই স্থানত সৃষ্টি হয় কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷

এই হতাহতিত আহত হয় এজন আৰক্ষীৰ কৰ্মীও । সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী দেৱে কঠোৰ সতৰ্কবাণী প্ৰদান কৰি কয় যে, ‘‘ৰাজ্যখনত আইন-শৃংখলা ব্যাহত কৰাৰ ষড়যন্ত্ৰমূলক প্ৰয়াস আৰু ত্ৰিপুৰাৰ পবিত্ৰ ভূমিত গুণ্ডামি কোনো মূল্যতে সহ্য কৰা নহ'ব’’ ।

লগতে তেওঁ কয় যে, ‘‘পূৰ্ব পৰিকল্পিত ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত ৰাজ্যখনৰ একাংশ কুখ্যাত দুৰ্বৃত্ত আৰু কিছু অসামাজিক লোকে আৰক্ষী আৰু সাধাৰণ লোকৰ ওপৰত শিল, ইটা, বিভিন্ন বিস্ফোৰক সামগ্ৰী, পেট্ৰ'ল বোমা নিক্ষেপ কৰি চলাইছিল আক্ৰমণ । কংগ্ৰেছ দলে শনিবাৰে এই আক্ৰমণটো সংঘটিত কৰিবলৈ হত্যাৰ গোচৰত অভিযুক্ত, ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলকো নিয়োগ কৰিছিল’’ ৷

লগতে পঢ়ক : 86th Episode of Mann Ki Baat : দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.