ETV Bharat / bharat

Darjeeling Tourism : পৰ্যটকেৰে উপচি পৰিছে পাহাৰৰ ৰাণী, বুকিং বন্ধ দাৰ্জিলিঙত

দেওবাৰে বৰদিন । লগতে আহি আছে নৱবৰ্ষ । সেয়ে ভ্ৰমণবিলাসী লোক আৰু পৰ্যটকসকলে ভিৰ কৰিছেহি নিজৰ প্ৰিয় পৰ্যটনস্থলীবোৰত । তাৰে ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে দাৰ্জিলিং । এইটো কোনো আচৰিত হ'বলগা কথা কথা নহয় যে বৰ্তমান পাহাৰৰ ৰাণী দাৰ্জিলিং পৰ্যটকেৰে ভৰি আছে । তাৰ পৰিপ্ৰেক্ষিততে পৰ্যটক ব্যৱসায়ী আৰু ট্যুৰ অপাৰেটৰসকলে ২০২৩ চনৰ প্ৰথম সপ্তাহ অৰ্থাৎ ৬ জানুৱাৰীলৈকে বুকিং বন্ধ কৰিবলৈ বাধ্য হৈছে (Darjeeling booking stop till 6th january 2023) ।

author img

By

Published : Dec 24, 2022, 7:20 PM IST

Darjeeling
Darjeeling
পৰ্যটকেৰে উপচি পৰিছে পাহাৰৰ ৰাণী

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : দেওবাৰে বৰদিন । লগতে আহি আছে নৱবৰ্ষ । সেয়ে ভ্ৰমণবিলাসী লোক আৰু পৰ্যটকসকলে ভিৰ কৰিছেহি নিজৰ প্ৰিয় পৰ্যটনস্থলীবোৰত । তাৰে ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে দাৰ্জিলিং । এইটো কোনো আচৰিত হ'বলগা কথা কথা নহয় যে বৰ্তমান পাহাৰৰ ৰাণী দাৰ্জিলিং পৰ্যটকেৰে ভৰি আছে (Queen of Hills Darjeeling full of tourists) । তাৰ পৰিপ্ৰেক্ষিততে পৰ্যটক ব্যৱসায়ী আৰু ট্যুৰ অপাৰেটৰসকলে ২০২৩ চনৰ প্ৰথম সপ্তাহ অৰ্থাৎ ৬ জানুৱাৰীলৈকে বুকিং বন্ধ কৰিবলৈ বাধ্য হৈছে (Darjeeling booking stop till 6th january 2023) ।

দাৰ্জিলিঙৰ পৰ্যটক ব্যৱসায়ীসকলে দাবী কৰে যে ২৫ ডিচেম্বৰৰ পৰা কমেও ৩ বা ৪ জানুৱাৰীলৈ পৰ্যটকসকল বৃহৎ সংখ্যাত দাৰ্জিলিং পাহাৰলৈ আহি আছে । সেয়েহে সমগ্ৰ দাৰ্জিলিঙত কোনো থকা ঠাই উপলব্ধ নাই (no lodging available in Darjeeling) । আনকি কোনো গৃহ অতিথিশালাও (homestays) দাৰ্জিলিঙত বৰ্তমান উপলব্ধ নাই । সকলো পৰ্যটকেৰে পূৰ্ণ হৈ আছে ।

উল্লেখ্য, বৰদিন আৰু ইংৰাজী নৱবৰ্ষৰ (Christmas and English New Year) বন্ধৰ সময়ত পাহাৰৰ ৰাণী দাৰ্জিলিং যথেষ্ট সংখ্যক পৰ্যটকেৰে ভৰি পৰে । অৱশ্যে কোভিড মহামাৰীৰ বাবে বিগত দুটা বছৰত দাৰ্জিলিঙত ইমান বেছি ভিৰ হোৱা নাছিল । কিন্তু এইবাৰ কোনো ধৰণৰ কোভিড প্ৰটোকল নথকাৰ বাবে দাৰ্জিলঙত উপচি পৰিছে পৰ্যটক । যাৰবাবে কোনো ধৰণৰ হোটেল বা অন্য আবাসিক অতিশালা খালী নাই ।

2023 বৰ্ষৰ দুৱাৰডলিত উপনীত হোৱাৰ সময়ত দেশী আৰু বিদেশী পৰ্যটকসকলে ইতিমধ্যে পাহাৰীয়া পৰ্যটনস্থলীখনত ভিৰ কৰা আৰম্ভ কৰিছে (tourists crowding in Darjeeling) । কেৱল আইকনিক মলেই নহয়, দাৰ্জিলিং আৰু কালিম্পঙৰ আন সকলো পৰ্যটন কেন্দ্ৰ পৰ্যটকেৰে ভৰি আছে । দাৰ্জিলিঙৰ ট্যুৰ অপাৰেটৰসকলৰ মতে, প্ৰায় 95 শতাংশ বুকিং ইতিমধ্যে কৰা হৈছে ।

উল্লেখ্য, দাৰ্জিলিঙত ২০০০-তকৈও অধিক হোটেল আৰু ১৮ খনতকৈও অধিক গৃহ পৰ্যটনৰ অতিথিশালা (homestays) আছে । কিন্তু বৰ্তমান পৰিস্থিতিত যদি এজন পৰ্যটকে আগতীয়াকৈ বুকিং নকৰে তেন্তে তাত থকা ঠাই পোৱাটো কঠিন ।

"ইতিমধ্যে দাৰ্জিলিঙৰ হোটেলসমূহত কোনো কোঠা নাই । সেয়েহে অহা মাহৰ প্ৰথম সপ্তাহলৈকে দাৰ্জিলিঙৰ বাবে কোনো বুকিং লোৱা হোৱা নাই ।" পৰ্যটন ব্যৱসায়ীসকলৰ সংগঠন ইষ্টাৰ্ণ হিমালয়ান ট্যুৰ এণ্ড ট্ৰেভেল অপাৰেটৰ এছ'চিয়েচনৰ (Eastern Himalayan Tour and Travel Operators Association)সভাপতি দেবাশিস মৈত্ৰই ই টিভি ভাৰতৰ আগত এনেদৰে কয় ।

পৰিবহণৰ ক্ষেত্ৰতো একেই ঘটনা । হিমালয়ান হস্পিটেলিটী ট্ৰেভেল ডেভেলপমেণ্ট নেটৱৰ্কৰ (Himalayan Hospitality Travel Development Network) সচিব সম্ৰাট সান্যালৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, "কোভিডৰ দুটা বছৰৰ পিছত পাহাৰখনত পৰ্যটকৰ অস্বাভাৱিক প্ৰৱেশ দেখা গৈছে । দাৰ্জিলিং আৰু কালিম্পঙৰো একেই পৰিস্থিতি । কিন্তু ডুয়াৰত কিছু কোঠা আছে ।"

লগতে পঢ়ক :Swaminarayan Gurukul Amrit Mahotsav : উত্তৰ পূবৰ যুৱ প্ৰতিভাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.