ETV Bharat / bharat

ৰাজ্যসভা নিৰ্বাচনতো বিধস্ত: অসমৰ পৰা নাথাকিল কোনো কংগ্ৰেছ সাংসদ - ৰাজ্যসভাত অসমৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধি

ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ৷ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়লাভ কৰে বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী দুগৰাকীয়ে ৷ বিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ।

no-congress-member-will-be-there-in-rajyasabha-from-now-on
অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূণ্য হ'ল ৰাজ্যসভা
author img

By

Published : Apr 1, 2022, 7:11 AM IST

গুৱাহাটী, ৩১ মাৰ্চ : ৰাজ্যত দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক পট পৰিৱৰ্তন কৰা লগতে ৰচনা কৰিলে ইতিহাস ৷ কিয়নো বিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ৷ বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election of Assam ) দুয়োখন আসন বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰাৰ পিছত ৰাজ্যসভাত থকা অসমৰ সাতখন আসনৰ ভিতৰত এখনতো নাথাকিল কংগ্ৰেছ সাংসদ ।

কাৰ্যতঃ ৰাণী নৰহ আৰু ৰিপুণ বৰাই হ'ল এই সময়ৰ ৰাজ্যসভাত থকা অসমৰ অন্তিম দুই কংগ্ৰেছ সাংসদ, যাৰ কাৰ্যকাল ২ এপ্ৰিলত শেষ হোৱাৰ পিছত অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূন্য হ’ব ৰাজ্যসভা । আজিৰ তাৰিখৰ পৰা ৰাজ্যসভাত থকা অসমৰ সাতোখন আসনৰ ভিতৰত ছয়খনেই হৈ পৰিল বিজেপি আৰু মিত্ৰজোঁটৰ ।

এই সাতগৰাকী ৰাজ্যসভাৰ সাংসদ হ'ল ক্ৰমে বিজেপিৰ সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, ভূৱনেশ্বৰ কলিতা, পবিত্ৰ মাৰ্ঘেৰিটা, অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নিৰ্দলীয় অজিত কুমাৰ ভূঞা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী ।

অৱশ্যে, ইয়াৰে অজিত কুমাৰ ভূঞা নিৰ্দলীয় হ'লেও কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থনতেই ৰাজ্যসভাত সাংসদ হৈ আছে । এয়া ৰাজ্যৰ কংগ্ৰেছ ৰাজনীতিৰ বাবে অতি দুৰ্ভাগ্যজনক । পুনৰ ৰাজ্যসভাত অসমৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধি থাকিবলৈ দলটোৱে অপেক্ষা কৰিব লাগিব সুদীৰ্ঘ সময় । কিন্তু সেয়াও এতিয়া আছে অনিশ্চয়তাৰ গ্ৰাসত ।

লগতে পঢ়ক : ক্ষমতাশালী ভাৰতীয়ৰ তালিকা: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীতকৈ বহু আগত অসমৰ মুখ্যমন্ত্ৰীৰ স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.