ETV Bharat / bharat

নীতা আম্বানিয়ে মুকলি কৰিলে হাৰ চাৰ্কল

সোমবাৰে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা মুকেশ আম্বানিয়ে মহিলাকেন্দ্ৰিক ডিজিটেল প্লেটফৰ্ম 'হাৰ চাৰ্কল' মুকলি কৰে । ইয়াৰ লক্ষ্য হৈছে ডিজিটেল পৰিৱৰ্তনৰ শক্তিৰে মহিলাসকলৰ শক্তিক একত্ৰিত কৰা । নীতা আম্বানিৰ এই পদক্ষেপক মহিলাৰ বাবে এক বিশ্বজুৰি ডিজিটেল সামূহিক মঞ্চ বুলি পৰিগণিত কৰা হৈছে ।

নীতা আম্বানিৰ আদৰণীয় পদক্ষেপ
নীতা আম্বানিৰ আদৰণীয় পদক্ষেপ
author img

By

Published : Mar 8, 2021, 1:51 PM IST

নেশ্যনেল ডেস্ক, ৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱস উপলক্ষে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা মুকেশ আম্বানিৰ আদৰণীয় পদক্ষেপ । মহিলাসকলৰ বাবে নীতা আম্বানিয়ে এক শক্তিশালী আৰু বিস্তৃত সমল, ছ’চিয়েল মিডিয়া আৰু লক্ষ্য পূৰণৰ 'হাৰ চাৰ্কল' নামে এক ডিজিটেল মঞ্চ মুকলি কৰিছে । ইয়াৰ লক্ষ্য হৈছে ডিজিটেল পৰিৱৰ্তনৰ শক্তিৰে মহিলাৰ শক্তিক একত্ৰিত কৰা ।

ইয়াৰ প্ৰথম স্তৰৰ ডিজিটেল নেটৱৰ্কিং মঞ্চৰ লক্ষ্য হৈছে মহিলাৰ সৱলীকৰণ বৃদ্ধি কৰা আৰু আন্তঃক্ৰিয়া, ব্যস্ততা, সহযোগিতা আৰু পাৰস্পৰিক সমৰ্থনৰ বাবে এক আনন্দময় আৰু সুৰক্ষিত স্থান বাচনি কৰি বিশ্বজুৰি বাই-ভনীৰ বন্ধন শক্তিশালী কৰা । নীতা আম্বানিৰ এই পদক্ষেপক মহিলাৰ বাবে এক বিশ্বজুৰি ডিজিটেল সামূহিক মঞ্চ বুলি পৰিগণিত কৰা হৈছে । ইয়াক ভাৰতীয় মহিলাৰ বাবে আৰম্ভ কৰা হৈছে যদিও সমগ্ৰ বিশ্বৰ মহিলাই এই মঞ্চত অংশগ্ৰহণ কৰিব পাৰিব ।

'হাৰ চাৰ্কল'-য়ে সকলো সংস্কৃতি, সম্প্ৰদায় আৰু দেশৰ মহিলাসকলৰ ধাৰণা আৰু উদ্যোগক আদৰণি জনাইছে বুলি কয় নীতা আম্বানিয়ে । ই মহিলাসকলক স্বাস্থ্য, সুস্থতা, শিক্ষা, উদ্যোগ, বিত্ত, পৰোপকাৰ, পৰামৰ্শদাতা আৰু নেতৃত্বৰ ওপৰত ৰিলায়েঞ্চৰ বিশেষজ্ঞ পেনেলৰ পৰা প্ৰদান কৰা হ'ব । 'হাৰ চাৰ্কল' হৈছে ডেস্কটপ, ম’বাইল ৱেবছাইট আৰু গুগল প্লে ষ্ট'ৰ আৰু মাই জিঅ' এপ ষ্টৰত বিনামূলীয়া এপ হিচাপে উপলব্ধ । লগতে, অংশগ্ৰহণ কৰিবলৈ ইয়াৰ পঞ্জীভুক্ত ব্যৱহাৰকাৰীসকলৰ বাবে সম্পূৰ্ণৰূপে বিনামূলীয়া । ইয়াক প্ৰথমতে ইংৰাজীত, পৰৱৰ্তী সময়ত আন ভাষাত উপলব্ধ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.