ETV Bharat / bharat

নাইজেৰিয়াৰ বৰ্ডিং স্কুলত অস্ত্ৰধাৰীৰ ভয়ংকৰ আক্ৰমণঃ সন্ধানহীন 400 ছাত্ৰ - কাটচিনাৰ আৰক্ষীৰ লগতে স্থল সেনা আৰু বায়ু সেনা

নিৰুদ্দেশ হোৱা ছাত্ৰ সকলৰ সন্ধানৰ বাবে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে নাইজেৰিয়ান আৰক্ষী আৰু বায়ু সেনাই ৷ দোষীক বিচাৰি উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি জনাইছে নাইজেৰিয়ান ৰাষ্ট্ৰপতি মুহাম্মাদো বুহাৰীয়ে ৷

Nigerian authorities fear 400 children kidnapped after school attack in Katsina
নাইজেৰিয়াৰ বডিং স্কুলত অস্ত্ৰধাৰীৰ ভয়ংকৰ আক্ৰমণঃ সন্ধানহীন 400 ছাত্ৰ
author img

By

Published : Dec 13, 2020, 9:10 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ: নাইজেৰিয়াৰ উত্তৰাঞ্চলৰ ৰাজ্য কাটচিনাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা ৷ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলৰ ভয়ংকৰ আক্ৰণত আহত এখন বৰ্ডিং স্কুলৰ বহু ছাত্ৰ ৷ ঘটনা সংঘটিত হোৱা বিদ্যালয় খনৰ পৰা 400 গৰাকীতকৈয়ো অধিক শিশুক অপহৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে প্ৰশাসনে ৷ শুকুৰবাৰে নিশা ৰাজ্যখনৰ কানকাৰা চৰকাৰী বিজ্ঞান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অচিনাক্ত বন্দুকধাৰী গোটে আক্ৰমণ কৰাৰ পাচতে এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে অভিভাৱক সকলৰ মাজত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰায় 800 তকৈ অধিক ছাত্ৰ থকা বিদ্যালয় খনত শুকুৰবাৰে নিশা অতৰ্কিতে আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ বিদ্যালয় খনৰ নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা কৰাৰ পাচতে বিদ্যালয় খনত প্ৰৱেশ কৰি অতৰ্কিতে গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ বিপদৰ উমান পাই ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা বহু ছাত্ৰ পলাই সাৰিবলৈ সক্ষম হয় যদিও, বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে 400 জনৰো অধিক ছাত্ৰ ৷ এই সকল ছাত্ৰক দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰি নিয়াৰ আশংকা ব্যক্ত কৰিছে প্ৰশাসনে ৷ কাটচিনাৰ শিক্ষা সচিব বাদামাচি চাৰাঞ্চিয়ে প্ৰকাশ কৰা অনুসৰি বহু ছাত্ৰই আক্ৰমণৰ পাছত বাছতে নিশা কটাই আৰু পুৱা বিদ্যালয়ত উপস্থিত হয় ৷

Nigerian authorities fear 400 children kidnapped after school attack in Katsina
নাইজেৰিয়াৰ বডিং স্কুলত অস্ত্ৰধাৰীৰ ভয়ংকৰ আক্ৰমণঃ সন্ধানহীন 400 ছাত্ৰ

বৰ্তমান নিৰুদ্দেশ হোৱা ছাত্ৰ সকলৰ সন্ধানৰ বাবে বৰ্তমান কাটচিনাৰ আৰক্ষীৰ লগতে স্থল সেনা আৰু বায়ু সেনাই তদন্ত অব্যাহত ৰাখিছে ৷ কাটচিনা আৰক্ষীৰ মুখপাত্ৰ গেম্ব' ইচাহে প্ৰকাশ কৰিছে এই কথা ৷ আক্ৰমণ সংঘটিত হোৱা বিদ্যালয় খন সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে কাটচিনাৰ ৰাজ্যপাল আমিনো বেল'য়ে ৷ ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি দোষীক বিচাৰি উলিওৱাৰ নিৰ্দেশ প্ৰদান কৰিছে নাইজেৰিয়ান ৰাষ্ট্ৰপতি মুহাম্মাদো বুহাৰীয়ে ৷ লগতে নিৰুদ্দেশ হোৱা শিশু সকলক শীঘ্ৰে বিচাৰি উলিয়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.